“আমাক খাদ্যৰ পেকেট দিব নালাগে, ৰেচনৰ দোকানৰ পৰা সেয়া আমি কিনিব পাৰো। এই বানপানীৰ কিবা এটা সমাধান দিয়ক!” চেম্মানজেৰিত গোট খোৱা মহিলাৰ মাজৰ পৰা এগৰাকীয়ে কয়।

চেন্নাই চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ কাঞ্চিপুৰম জিলাৰ পুৰণি মহাবালিপুৰম পথৰ কাষৰ অঞ্চলটো ২০২০ৰ ২৫ নৱেম্বৰত বানপানীৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল।

এই নামনি অঞ্চলত বাস কৰা লোকৰ বাবে এই বানপানী কোনো নতুন কথা নহয়। ২০১৫ত যেতিয়া চেন্নাইখন পানীত বুৰ গৈছিল আৰু ব্যৱস্থাপনা ভালদৰে হোৱা নাছিল, তেতিয়াও চেম্মানজেৰি ডুব গৈছিল। কিন্তু তাৰ পিছৰ বৰ্ষবোৰত চুবুৰীয়া ঠাইত অন্ততঃ ৰাস্তা-ঘাট আৰু ষ্টৰ্ম ৱাটাৰ ড্ৰেইনবোৰ এইবাৰ ভালদৰে সাজু কৰা হৈছে।

চেম্মানজেৰি ( চেম্মানচেৰি বুলিও কোৱা হয়)ৰ লোকে চৰকাৰৰ বিভিন্ন নগৰাঞ্চলৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে নিজৰ ঘৰ-মাটি এৰি এই ঠাইত সংস্থাপিত হোৱাৰ কাৰণে হয়তো চেম্মানজেৰি হাউছিং ব’ৰ্ডৰ অন্তৰ্গত অঞ্চলত তেওঁলোকক খুব এটা গুৰুত্ব দিয়া নহয়। ইয়াৰে ভালেমান বাসিন্দ চেন্নাই চহৰৰ অনাময় কৰ্মী, অটোৰিক্সা চালক বা অসংগঠিত খণ্ডত নিয়োজিত আন কৰ্মী।

নিৱাৰ ঘূৰ্ণীবতাহে তামিলনাডু গ্ৰাস কৰা সময়ত কুৰালোৰত ২৫০ মি.মি. আৰু বৰষুণৰ পানী চেন্নাইত ১০০ মি.মি. পৰ্যন্ত বৃষ্টিপাত হয়, বৰষুণৰ পানী হোৰাহোৰে চেম্মানজেৰিত সোমায় আৰু ৰাস্তা-ঘাট উপচি পৰে। বাহিৰত দুফুট আৰু বাহিৰত এফুট পানী হয়।

PHOTO • M. Palani Kumar

নতুনকৈ হোৱা ‘নদীখন’ৰ মাজেৰে ৰাস্তা উলিওৱাত শিশু কেইটামানে এজন অটোৰিক্সা চালকক সহায় কৰিছে

পাৰিয়ে ২৭ নৱেম্বৰত চেম্মানজেৰি সাক্ষাৎ কৰিছিল। তাৰে আগদিনা ঘূৰ্ণীবতাহে চেন্নাইৰ দক্ষিণ উপকূল পাৰ কৰিছিল, পুডুচেৰি পাইছিল (২৫ নৱেম্বৰৰ ৰাতি ১১ বাজি ১৫ মিনিটত)। তিনিজনৰ মৃত্যু হৈছিল, ১.৩৮ লাখ লোক গৃহহীন হৈছিল। ১৫,৫০০ হেক্টৰ খেতিপথাৰ নষ্ট হৈছিল (স্থানীয় বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি) আৰু উপকূলীয় চহৰ-নগৰ জলমগ্ন হৈছিল।

চেম্মানজেৰিৰ ৩০ হাজাৰ বাসিন্দাৰো একেই অৱস্থা হৈছিল। পানী ঘৰত সোমাইছিল, বয়-বস্তু নষ্ট হৈছিল। ভালেকেইদিনলৈ বিদ্যুতৰ সংযোগ নাছিল আৰু চুবুৰীয়াৰ প্ৰথম মহলাত গৈ আশ্ৰয় ল’বলগীয়া হৈছিল। শৌচাগাৰ পানীৰে ভৰি পৰিছিল, নলা-নৰ্দমাৰ ওপৰেৰে পানী বৈছিল। সাপ-বেং আৰু বৃশ্চিক ঘৰৰ ভিতৰত ঘূৰি ফুৰিছিল।

এয়া কেনেকৈ হ’ব পালে? কেৱল নিম্নভূমি হোৱাৰ বাবেই হোৱা বুলি ক’ব নোৱাৰি। পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবেও পৰিস্থিতি বহুদিনলৈ ভাল হোৱা নাছিল। স্থানীয় জলাশয়বোৰো উপচি পৰিছিল, ৰাজ্যখনৰ জলাশয়বোৰৰ পৰা অতিৰিক্ত পানী এৰি দিয়া হৈছিল, তেনেকৈয়ে সঘনে তাত পানী হয়। তাৰোপৰি প্ৰায় ১০ ফুট ওখ দেৱালেৰে বোধকৰো নিম্ন আয়ৰ মানুহবোৰক জগতখনৰ পৰা লুকুৱাই ৰখাৰ চেষ্টাৰ কাৰণেও পানী কোনোফালে যাব নোৱাৰা অৱস্থা হয়।

সেয়ে প্ৰতিবাৰ ধাৰাসাৰ বৰষুণ হ’লেই ৰাস্তাবোৰ নদীলৈ পৰিৱৰ্তিত হয়, বাহনবোৰ হৈ পৰে নাও। কাপোৰৰ জালেৰে ল’ৰা-ছোৱালীবোৰে মাজ ৰাস্তাত মাছ ধৰে। মাকহঁতে ঘৰৰ বয়-বস্তু সামৰি-সুতৰি পাঁচ লিটাৰৰ বাল্টি এটাৰে পানী সিচি থকাৰ ব্যৰ্থ চেষ্টাত দিনটো কটায়।

“আমাৰ ইয়াত প্ৰতিবছৰে চুনামী আহে, কোনেও আমাক দেখা নকৰে, কেৱল আমাৰ ভোটহে বিচাৰে,” মহিলাগৰাকীয়ে কয়। “আমি চেন্নাইৰ উৰুৰ কুপ্পাম, ফ’ৰশ্ব’ৰ ইষ্টেট আৰু আন অঞ্চলৰ পৰা ২০০৫ত ইয়ালৈ আহিছিলো। যিয়ে আমাক বিস্থাপিত কৰিছিল, কৰ্তৃপক্ষ আৰু ৰাজনীতিবিদ, তেওঁলোকে বৰ বৰ ঘৰত আৰামাৰে আছে। আৰু আমালৈ চাওকচোন!”

মহিলা আৰু শিশুবোৰে এক ফুট পানীত থিয় দি এটাই চিন্তা কৰে - কেনেকৈ পানী ওলাই যোৱাৰ বাট বিচাৰি পায়।

PHOTO • M. Palani Kumar

প্ৰতিবাৰ ধাৰাসাৰ বৰষুণৰ পাছত ৰাস্তাবোৰ নদী হৈ পৰে আৰু শিশুহঁতে পানীত সাতুৰি -নাদুৰি ফুৰে

PHOTO • M. Palani Kumar

ৰাস্তাৰ মাজৰ পৰা শিশুহঁতে কাপোৰৰ জাল পাতি মাছ ধৰে - হাউছিং কোৱাৰ্টাৰৰ পৰা বেছি দূৰত নহয়, ল’ৰাহঁতে গৰৈ মাছ ধৰিছে

PHOTO • M. Palani Kumar

গোটেই পৰিয়ালে ৰাস্তাৰ মাজত বানৰ পানীত কাপোৰ ধুইছে দিনহাজিৰৰ বাবে ওলাই যাব নোৱাৰা পুৰুষবোৰেও এই কামত সহায় কৰিছে

PHOTO • M. Palani Kumar

চাৰিজনীয়া পৰিয়াল এটাই বানৰ পানী ফালি ঘৰলৈ উভতিছে

PHOTO • M. Palani Kumar

পানীৰ পৰা বাচি থাকিবলৈ এটা পৰিয়ালে (বাওঁফালে) বানপানী অহাৰ সময়ত লৰালৰিকৈ ওখ দুৱাৰডলি ওখ কৰি লৈছে

PHOTO • M. Palani Kumar

বয়োজ্যেষ্ঠবোৰে প্লাষ্টিকৰ চকীতে বহি দিনটো কটায় , তেওঁলোকৰ ঘৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে

PHOTO • M. Palani Kumar

‘বানপীড়িতজনৰ পুনৰ্সংস্থাপন’ বুলি লিখা থকা বিচনাত টান জ্বৰত পৰা এগৰাকী মহিলা

PHOTO • M. Palani Kumar

চাবোনেৰে হ ’লেও এটা পৰিয়ালে ঘৰটো চাফা কৰিছে পানীৰ সৈতে নৰ্দমাৰ আৱৰ্জনা মিহলি হৈ দুৰ্গন্ধ ওলাইছে

PHOTO • M. Palani Kumar

শিশু আৰু মহিলাবোৰে এটাই বস্তু বিচাৰে , পানী কেনেকৈ ওলাই যাব তাৰ সমাধান

PHOTO • M. Palani Kumar

কাপোৰ শুকোৱাৰ যত্ন , চিৰি আৰু বেৰত কাপোৰবোৰ মেলি দিয়া হৈছে

PHOTO • M. Palani Kumar

চেম্মানজেৰিত পানীৰ মাজৰ পৰা সৰু গাড়ী এখন উলিওৱাৰ চেষ্টা

PHOTO • M. Palani Kumar

নতুনকৈ চিন দিয়া মাটিবোৰো পানীৰ তলত

অনুবাদ: পংকজ দাস

M. Palani Kumar

ଏମ୍‌. ପାଲାନି କୁମାର ‘ପିପୁଲ୍‌ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆ’ର ଷ୍ଟାଫ୍‌ ଫଟୋଗ୍ରାଫର । ସେ ଅବହେଳିତ ଓ ଦରିଦ୍ର କର୍ମଜୀବୀ ମହିଳାଙ୍କ ଜୀବନୀକୁ ନେଇ ଆଲେଖ୍ୟ ପ୍ରସ୍ତୁତ କରିବାରେ ରୁଚି ରଖନ୍ତି। ପାଲାନି ୨୦୨୧ରେ ଆମ୍ପ୍ଲିଫାଇ ଗ୍ରାଣ୍ଟ ଏବଂ ୨୦୨୦ରେ ସମ୍ୟକ ଦୃଷ୍ଟି ଓ ଫଟୋ ସାଉଥ ଏସିଆ ଗ୍ରାଣ୍ଟ ପ୍ରାପ୍ତ କରିଥିଲେ। ସେ ପ୍ରଥମ ଦୟାନିତା ସିଂ - ପରୀ ଡକ୍ୟୁମେଣ୍ଟାରୀ ଫଟୋଗ୍ରାଫୀ ପୁରସ୍କାର ୨୦୨୨ ପାଇଥିଲେ। ପାଲାନୀ ହେଉଛନ୍ତି ‘କାକୁସ୍‌’(ଶୌଚାଳୟ), ତାମିଲ୍ ଭାଷାର ଏକ ପ୍ରାମାଣିକ ଚଳଚ୍ଚିତ୍ରର ସିନେମାଟୋଗ୍ରାଫର, ଯାହାକି ତାମିଲ୍‌ନାଡ଼ୁରେ ହାତରେ ମଇଳା ସଫା କରାଯିବାର ପ୍ରଥାକୁ ଲୋକଲୋଚନକୁ ଆଣିଥିଲା।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ M. Palani Kumar
Text Editor : Sharmila Joshi

ଶର୍ମିଳା ଯୋଶୀ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆର ପୂର୍ବତନ କାର୍ଯ୍ୟନିର୍ବାହୀ ସମ୍ପାଦିକା ଏବଂ ଜଣେ ଲେଖିକା ଓ ସାମୟିକ ଶିକ୍ଷୟିତ୍ରୀ

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ଶର୍ମିଲା ଯୋଶୀ
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das