“আমাক খাদ্যৰ পেকেট দিব নালাগে, ৰেচনৰ দোকানৰ পৰা সেয়া আমি কিনিব পাৰো। এই বানপানীৰ কিবা এটা সমাধান দিয়ক!” চেম্মানজেৰিত গোট খোৱা মহিলাৰ মাজৰ পৰা এগৰাকীয়ে কয়।
চেন্নাই চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ কাঞ্চিপুৰম জিলাৰ পুৰণি মহাবালিপুৰম পথৰ কাষৰ অঞ্চলটো ২০২০ৰ ২৫ নৱেম্বৰত বানপানীৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল।
এই নামনি অঞ্চলত বাস কৰা লোকৰ বাবে এই বানপানী কোনো নতুন কথা নহয়। ২০১৫ত যেতিয়া চেন্নাইখন পানীত বুৰ গৈছিল আৰু ব্যৱস্থাপনা ভালদৰে হোৱা নাছিল, তেতিয়াও চেম্মানজেৰি ডুব গৈছিল। কিন্তু তাৰ পিছৰ বৰ্ষবোৰত চুবুৰীয়া ঠাইত অন্ততঃ ৰাস্তা-ঘাট আৰু ষ্টৰ্ম ৱাটাৰ ড্ৰেইনবোৰ এইবাৰ ভালদৰে সাজু কৰা হৈছে।
চেম্মানজেৰি (চেম্মানচেৰি বুলিও কোৱা হয়)ৰ লোকে চৰকাৰৰ বিভিন্ন নগৰাঞ্চলৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে নিজৰ ঘৰ-মাটি এৰি এই ঠাইত সংস্থাপিত হোৱাৰ কাৰণে হয়তো চেম্মানজেৰি হাউছিং ব’ৰ্ডৰ অন্তৰ্গত অঞ্চলত তেওঁলোকক খুব এটা গুৰুত্ব দিয়া নহয়। ইয়াৰে ভালেমান বাসিন্দ চেন্নাই চহৰৰ অনাময় কৰ্মী, অটোৰিক্সা চালক বা অসংগঠিত খণ্ডত নিয়োজিত আন কৰ্মী।
নিৱাৰ ঘূৰ্ণীবতাহে তামিলনাডু গ্ৰাস কৰা সময়ত কুৰালোৰত ২৫০ মি.মি. আৰু বৰষুণৰ পানী চেন্নাইত ১০০ মি.মি. পৰ্যন্ত বৃষ্টিপাত হয়, বৰষুণৰ পানী হোৰাহোৰে চেম্মানজেৰিত সোমায় আৰু ৰাস্তা-ঘাট উপচি পৰে। বাহিৰত দুফুট আৰু বাহিৰত এফুট পানী হয়।















