মানুহে ভাবে আমি ধনী আৰু ডাঙৰ কৃষক, দাদাচাহেব সাপিকে কয়। 'দুৰৰ পৰা আমাৰ খেতিৰ ছায়া-জালিবোৰ দেখি তেঁওলোকৰ মনলৈ এই ভাৱ আহে। কিন্তু সেয়া দুৰৈৰ পাহাৰহে। ওচৰলৈ আহিলেহে আমাৰ খেতিৰ ৰুঢ় বাস্তৱ উপলব্ধি কৰিব পাৰিব। ঋণৰ বোজাত আমি পোত গৈ আছো। সেইবোৰ পৰিশোধ কৰাত আমি অপাৰগ হৈছো।’
নাচিকত ২০ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা কৃষকৰ সমদলত দাদাচাহেবে নীৰৱে খোজ দিছিল। তেঁওৰ লগত আছিল ৰাজেন্দ্ৰ ভাগৱত। আদিবাসী আৰু উপান্ত কৃষকৰ সংখ্যাগৰিষ্ঠ প্ৰতিবাদী সমদলটোত তেঁওলোক দুজন আছিল তেনেই পৃথক। (২১ ফেব্ৰুৱাৰীৰ দিনা মাজনিশা মৰ্চাৰ আয়োজক অখিল ভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে দীঘলীয়া আলোচনাৰ অন্তত চৰকাৰে কৃষকৰ সকলো সমস্যা সমাধান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।)



