সংগীতজ্ঞগৰাকীৰ নাম শ্ৰীলাল চাহানী যদিও স্থানীয় লোকে তেওঁক লাখপতিবাবু বুলিয়ে জানে৷ ঘৰ তেওঁৰ পশ্চিমবংগৰ বলপুৰত৷ চাইকেল চলাই গৈ থকা অৱস্থাতে দুয়োহাতে পিছফালে কেৰিয়াৰত বান্ধি লোৱা ঢোল আৰু তাল দুয়োটাই বজাই পথচাৰীক আমোদ দিবপৰা তেওঁৰ এক বিশেষ প্ৰতিভা আছে৷
যোৱা ২৭ বছৰে শ্ৰীলালে তেওঁৰ চাইকেলত প্ৰতিদিনে দুবাৰকৈ সংগীত পৰিৱেশনৰ বাবে পাক মাৰে৷ এবাৰ পুৱা শান্তিনিকেতনৰ বজাৰত মাছ বিক্ৰী কৰিবলৈ বজাৰলৈ ছয় কিলোমিটাৰ বাট পেদেল মাৰোতে আৰু এবাৰ আবেলি ঘুৰি অহাৰ সময়ত শান্তিনিকেতনৰ বাটে-ঘাটে৷
ছবিখনত দৃশ্যায়নৰ কাম কৰিছে বিশ্বভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতনৰ দুই প্ৰাক্তন ছাত্ৰী৷ ইয়াৰে শ্ৰমনা সেনগুপ্ত ২০১৬ বৰ্ষৰ পাৰি ইনটাৰ্ন আৰু কলকাতাস্থিত কুৱেষ্ট মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ ডিজিটেল মাৰ্কেটিঙৰ নেতৃত্বধাৰী৷ আনগৰাকী হৈছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধীনত ৰেডিঅ’ জেইউত নামৰ ইউনিচেফ প্ৰকল্পত স্বেচ্ছাসেৱক হিচাপে কৰ্মৰত শোভা ভট্টাচাৰ্য৷
ৰিয়া দে’য়ে ক্ষেত্ৰকৰ্মত সহায় কৰি দিয়াৰ লগতে উপশিৰোনামাৰ অনুবাদৰো কাম কৰি দিছে৷ তদুপৰি বিশ্বভাৰতীত পঢ়ি থকাৰ সময়তে তথ্যচিত্ৰৰ প্ৰকল্পৰ বাবে এই ছবিখনৰে এক সংস্কৰণ প্ৰস্তুত কৰিছে৷ ৰিয়াই সম্প্ৰতি কলকাতাস্থিত আলিপোৰ উনমিছ ছচাইটি নামৰ এক বেচৰকাৰী সংস্থাত কৰ্মৰত৷
অনুবাদঃ পংকজ দাস