মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত শুই থকা অৱস্থাত অলপতে মধ্যপ্ৰদেশৰ ১৬ জন প্ৰব্ৰজনকাৰী শ্ৰমিকক এখন ৰেলে মহতিয়াই নিয়াৰ ফলত মৃত্যু ঘটে। মৃত শ্ৰমিকসকল ৰেল লাইনত কিয় শুই আছিল বুলিহে আমাৰ প্ৰথম প্ৰতিক্ৰিয়া হয়, কিন্তু তেওঁলোকক তেনেদৰে খোজকাঢ়ি যাবলৈ কোনে বাধ্য কৰিলে সেই সম্পৰ্কে কিয় প্ৰশ্ন কৰা নহয়, সেইবিষয়েনো এই ঘটনাই কি কয়?
ৰেলৰ তলত পৰি মৃত্যু ঘটা শ্ৰমিকসকলৰ নাম প্ৰকাশ কৰিবলৈ কিমানখন ইংৰাজী সংবাদপত্ৰই চেষ্টা কৰিছিল? পৰিচয় আৰু নাম অবিহনে সেই দুৰ্ভগীয়া শ্ৰমিকসকলৰ কথা কৈ থকা হৈছে। দৰিদ্ৰৰ প্ৰতি এয়ে আমাৰ মনোভাৱ। যদি এইটো বিমান দূৰ্ঘটনা হ’লহেঁতেন, তেন্তে তথ্য লাভ কৰিবলৈ আপুনি হেল্পলাইনৰ সুবিধা পালেহেঁতেন। যদি দূৰ্ঘটনাত ৩০০ জনৰো মৃত্যু ঘটিলহেঁতেন, তেওঁলোকৰ নাম সংবাদপত্ৰত প্ৰকাশ পালেহেঁতেন। কিন্তু ৮ জন গোণ্ড আদিবাসীকে ধৰি মধ্যপ্ৰদেশৰ ১৬ জন দুৰ্ভগীয়া শ্ৰমিকৰ কোনে খবৰ ৰাখে? ঘৰলৈ যোৱাৰ কাৰণে তেওঁলোকে ৰেলপথেৰে খোজকাঢ়ি এটা ৰেল ষ্টেচনলৈ আহিছিল আৰু ভাবিছিল সেই ষ্টেচনৰ পৰা ৰেলেৰে যাব। অতিশয় ক্লান্ত হৈ পৰা বাবে তেওঁলোক ৰেলপথতে শুই দিছিল আৰু সেই পথেৰে সম্ভৱতঃ কোনো ৰেল চলাচল কৰা নাছিল।
ভাৰতৰ দৰে এখন দেশত এই বৃহৎ কৰ্মশক্তি আছে, এইসকলৰ প্ৰতি চৰকাৰৰ বাৰ্তা সম্পৰ্কে আপুনি কি ভাৱে?
১৩০ কোটি জনসংখ্যাৰ এখন দেশৰ লোকসকলৰ জীৱন-জীৱিকা বন্ধ কৰিবলৈ মাত্ৰ চাৰিঘণ্টা সময় এজন প্ৰবাদপুৰুষ এম জি দেৱসাহায়মে কৈছিল, “এটা ক্ষুদ্ৰ পদাতিক বাহিনীক বৃহত অভিযান চলোৱাৰ দায়িত্ব দি চাৰি ঘণ্টাৰ ভিতৰত এখন জাননী জাৰি কৰা হ’ল।” প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সৈতে আমি একমত হ’ব বা নহ’ব পাৰো, কিন্তু তেওঁলোকে যি যুক্তিযুক্ততা তুলি ধৰিছে, সেয়া সঠিকভাৱে বিবেচনীয়।
আপোনালোকে আতংকৰ সৃষ্টি কৰিছে। লাখ লাখ লোকক ৰাজপথলৈ আহিবলৈ দি সমগ্ৰ দেশক আপোনালোকেই সম্পূৰ্ণ বিশৃংখলাৰ মাজলৈ নিক্ষেপ কৰিছে। বন্ধ কৰি দিয়া বিবাহ ভৱন, বিদ্যালয়গৃহ, কলেজ চৌহদ আৰু সমূহীয়া কেন্দ্ৰসমূহ প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু গৃহহীনৰ বাবে আমি সহজে আশ্ৰয়গৃহলৈ ৰূপান্তৰ কৰিব পাৰিলোহেঁতেন। আমি বিদেশৰ পৰা উভতি অহা লোকৰ বাবে তাৰকাযুক্ত হোটেলক কোৱাৰেণ্টাইন কেন্দ্ৰ বুলি ঘোষণা কৰিলো।
প্ৰব্ৰজনকাৰীৰ বাবে যেতিয়া ৰেলৰ ব্যৱস্থা কৰা হ’ল, তেওঁলোকৰ পৰা সম্পূৰ্ণ ভাড়া লোৱা হ’ল। তাৰ পিছত শীত-তাপ নিয়ন্ত্ৰিত ৰাজধানী এক্সপ্ৰেছখনৰ ভাড়া ৪৫০০ টকা নিৰিখ ঠিক কৰা হ’ল। ইয়াতকৈয়ো শোচনীয় কথাটো হ’ল যে টিকট অনলাইন বুক কৰিব লাগিব। ধৰা হ’ল সিহঁতৰ সকলোৰে স্মাৰ্টফোন আছে। সিহঁতৰ কিছুসংখ্যকে সেই টিকট ক্ৰয় কৰিলে।
কৰ্ণাটকত মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ সংস্থাৰ মালিকসকলক সাক্ষাৎ কৰাৰ পিছত ৰেলসমূহ বাতিল কৰিলে, মালিকসকলে ক’লে ক্ৰীতদাসবোৰ পলাইছে। আপুনি যি দেখিছে সেয়া হ’ল ক্ৰীতদাসৰ বিদ্ৰোহ আগতীয়াকৈ অৱদমন কৰা।
আমাৰ দৰিদ্ৰ লোকৰ প্ৰতি এক ধৰণৰ মনোভাৱ আৰু আন লোকৰ বাবে বেলেগ মনোভাৱ। আপুনি যেতিয়া অত্যাৱশ্যকীয় সেৱাৰ তালিকা প্ৰস্তুত কৰিব, দেখিব যে চিকিৎসকৰ দৰে এই দৰিদ্ৰ লোকসকলো অত্যাৱশ্যকীয়। অধিকাংশ নাৰ্ছৰ আৰ্থিক অৱস্থা ভাল নহয়, তেওঁলোকৰ উপৰি চাফাই কৰ্মচাৰী, আশাকৰ্মী, অংগনবাদী কৰ্মী, বিদ্যুৎ শ্ৰমিক, শক্তিখণ্ডৰ শ্ৰমিক, কাৰখানাৰ বনুৱাসকলৰ অৱস্থা বেয়া। হঠাতে আপোনালোকে যে সমাজৰ অভিজাতসকলে এইখন দেশৰ বাবে আৱশ্যকীয় নহয়।








