"আমি পূৰ্বে এইখিনি সময়ত বহু সামগ্ৰী বিক্ৰী কৰিছিলোঁ, কিন্তু আমি যেন এইবেলি গ্ৰীষ্মকালটো হেৰুৱাই পেলালো!" এটা পাত্ৰ ৰং কৰাৰ আগতে তেওঁলোকৰ ঘৰৰ বাহিৰত এটা চৌকাত গৰম কৰি থাকোতে ৰেখা কুম্ভকাৰে এনেদৰে কৈছিল। লকডাউনৰ সময়ত তেওঁ ঘৰৰ ভিতৰতে পাত্ৰ বনোৱাৰ কাম কৰিছিল আৰু মাজে-সময়েহে বাহিৰত কাম কৰিছিল।
ৰঙা বোকা মাটিৰে নিৰ্মিত পাত্ৰবোৰ সাধাৰণতে মাৰ্চৰ পৰা মে' মাহৰ মাজৰ সময়খিনিত বিক্ৰী কৰিবলৈ চট্টিছগড়ৰ ধামতাৰি নগৰৰ কুমাৰপাৰা এলেকাৰ ঘৰবোৰৰ বাহিৰত য'তে-ত'তে ৰ'দত শুকুৱাবলৈ মেলি ৰখা হৈছিল। "পাচলি বেপাৰীবোৰৰ দৰেই লকডাউনৰ সময়ত আমাক পুৱা সাত বজাৰ পৰা দুপৰীয়া বাৰ বজালৈ বিক্ৰীৰ বাবে অনুমতি দিয়া হৈছিল। নহ'লে যে আমি মহা বিপদত পৰিলোহেঁতেন," ৰেখাই কয়।
ঠিক তেনেতে, মুৰত এটা খালি খৰাহি লৈ ভুৱনেশ্বৰী কুম্ভকাৰ কূমাৰপাৰা পাইছিলহি। "মই কাহিলিপুৱাৰে পৰা নগৰৰ কেইবাটাও আৱাসিক এলেকালৈ গৈ বস্তু বিক্ৰী কৰোঁ। আঠটা বিকাৰ পিছত পুনৰ আঠটা বিক্ৰী কৰিলো। মই এতিয়া গৈ সোনকালেই ঘুৰিব লাগিব কিয়নো সন্ধিয়া লকডাউন হ’বৰ হৈছে। আমাক যিহেতু বজাৰত বিক্ৰী কৰিবলৈ অনুমতি দিয়া নাই, সেয়ে বেছিকৈ বিকিব পৰা নাই। চৰকাৰে দিয়া পাঁচশ টকা আৰু বিনামূলীয়া চাউলেৰে বাৰু আমিবোৰ কেনেকৈ চলিম?"
কুমাৰপাৰাৰ কুমাৰসকল, যি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত, তেওঁলোকে একোটা ডাঙৰ মাটিৰ পাত্ৰ ৫০-৭০ টকাত বিক্ৰী কৰে। বজাৰত যেতিয়া বিক্ৰী তুংগত উঠে তেতিয়া প্ৰতিটো পৰিয়ালে ২০০ৰ পৰা ৭০০ টকালৈকে টেকেলিবোৰ বেচে। এইবিলাক পানী মজুত কৰা আৰু শীতলীকৰণৰ বাবে মানুহে ব্যৱহাৰ কৰে। গোটেই প্ৰক্ৰিয়াটোত পৰিয়ালৰ লোকে কিমান সহায় কৰে তাৰ ওপৰতে পাত্ৰবোৰৰ সংখ্যা নিৰূপণ হয়। উৎসৱ-পাৰ্বণৰ সময়ত তেওঁলোকে সৰু সৰু দেৱ-দেৱীৰ মূৰ্তি, দিপান্বিতাৰ সময়ত সৰু সৰু বন্তি, বিয়া-সবাহৰ সময়ত সৰু পাত্ৰ আৰু অন্য সামগ্ৰী নিৰ্মাণত ব্যস্ত থাকে।
জুনৰ মাজভাগৰ পৰা চেপ্টেম্বৰৰ শেহলৈ, বাৰিষাৰ সময়ছোৱাত যেতিয়া বোকা মাটিবোৰ নুশুকায় আৰু বাহিৰত আন কাম কৰাটো সম্ভৱ নহয়, তেতিয়া তেওঁলোকৰ এই কাম বন্ধ থাকে। এইকেইটা মাহত, যিহেতু তেওঁলোকৰ নিজা কৃষিভূমি নাই, সেয়ে আনৰ পথাৰত ডেৰশ-দুশ টকাৰ বিনিময়ত মজুৰি ভিত্তিত কাম কৰে।
চট্টিছগড়ত ৰাজহুৱা বিতৰণ ব্যৱস্থা অনুসৰি, এমাহত এজন লোকৰ বিপৰীতে সাত কিলোগ্ৰামকৈ চাউল দিয়া হয়। লকডাউনৰ প্ৰথম পৰ্য্যায়ত অতিৰিক্ত পাঁচ কিলোগ্ৰামকৈ আৰু এবাৰত দুমাহৰ বাবে চাউল লাভ কৰিছিল। ভুৱনেশ্বৰীহঁতে মাৰ্চৰ শেষত ৭০ কিলোগ্ৰাম আৰু মে' মাহত পুনৰ ৩৫ কিলোগ্ৰাম চাউল লাভ কৰে। এই সময়ছোৱাত কুমাৰপাৰাবাসীয়ে ঘৰে প্ৰতি ৫০০ টকাকৈ পাইছিল। "কিন্তু আমি পাঁচশ টকাত কেনেকৈ চলিম, সেয়ে মই ঘৰুৱা খৰচৰ জোৰা মাৰিবলৈ ৰাস্তাত মাটিকলহ বিকিবলৈ যাবলগীয়া হৈছিল," ভুৱনেশ্বৰীয়ে কয়।
"মই কাম আৰম্ভ কৰা পলম হৈছিল কিয়নো মোৰ পত্নী অশ্বিনীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ চলি আছিল (জৰায়ুচ্ছেদনৰ অস্ত্ৰোপচাৰ, যাৰ বাবে তেওঁ ঋণ লৈছিল)। এই কাম আমাৰ বাবে জীৱিকা আৰু ইয়াৰ বাবে একাধিক লোকৰ প্ৰয়োজন।" সুৰজ আৰু অশ্বিনীহঁতৰ দহৰ পৰা ষোল্ল বছৰ পৰ্য্যন্ত বয়সৰ দুটা ল'ৰা আৰু এজনী কন্যা সন্তান আছে। "দেৱালীৰ পৰা মুষলধাৰ বৰষুণ আৰু লকডাউনৰ বাবে এই কাম কৰাটো সম্ভৱ নাছিল," সুৰযে ক'লে, "আৰু পুলিচ আহি বিয়লি বাহিৰত কামবোৰ কৰাত বাধা দিয়াত আমাৰ জীৱন নিৰ্বাহত বৰ অসুবিধা হৈছে।"
আমি যেতিয়া লগ কৰিছিলো, সুৰযে সেই সময়ত ডাঙৰ চাকি বনাই আছিল। দিপান্বিতাৰ সময়ত এইবোৰ ৩০-৪০ টকাত বিক্ৰী হয়। আকাৰৰ ওপৰত ভিত্তি কৰি সৰু চাকিবোৰ গোটে প্ৰতি এটকাৰ পৰা ২০ টকা দৰত বিক্ৰী হয়। দুৰ্গা পূজা, গণেশ চতুৰ্থী আৰু আন উৎসৱৰ বাবে তেওঁলোকে মাটিৰ প্ৰতিমাও নিৰ্মাণ কৰে।
সুৰযে কৰা মোটামুটি হিচাপ অনুসৰি কুমাৰপাৰাৰ মুঠ ১২০ টা পৰিয়ালৰ ভিতৰত ৯০ টা পৰিয়ালে এই কাম কৰি জীৱন নিৰ্বাহ কৰে আৰু বাকীখিনিয়ে দিন মজুৰি, চৰকাৰী চাকৰি তথা আন কাম কৰি আৰ্জন কৰে বুলি জনায়।
এপ্ৰিল মাহৰ শেহৰফালে আমি পুৰণি মাণ্ডি অঞ্চললৈ গৈছিলো আৰু মন কৰিবলগীয়া কথাটো আছিল ধামতাৰি জিলা প্ৰশাসনে পুৱা সাত বজাৰ পৰা বিয়লি এক বজালৈ অস্থায়ী ভিত্তিত স্থাপন কৰা পাচলি বজাৰত কিছুসংখ্যক কুমাৰে পোৰা মাটিৰ পুতলা বিক্ৰীৰ বাবে ৰাখিছিল। ইয়াৰে অধিকাংশ দৰা-কইনাৰ যোৰা আৰু কিছুমান পাত্ৰ আছিল। লকডাউনৰ প্ৰথম পৰ্যায়ত ইয়াত শাক-পাচলিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰিবলৈহে দিয়া হৈছিল।
সেই সময়খিনি হিন্দু ধৰ্মালম্বীসকলৰ বাবে অতি পৱিত্ৰ অক্ষয় তৃতীয়াৰ সময় আছিল। অক্ষয় তৃতীয়াৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত কৃষি-কৰ্ম আৰম্ভ হয় আৰু চট্টিছগড়ত পৰম্পৰাগতভাবে দৰা-কইনাৰ মূৰ্তি লৈ (পুত্ৰ-পুত্ৰী) উলহ-মালহেৰে বিবাহোৎসৱ পালন কৰা হয়। "মোৰ চাৰিশ যোৰা আছিল, কিন্তু এতিয়ালৈকে মাত্ৰ ৫০ যোৰাহে বিক্ৰী কৰিব পাৰিছো।" প্ৰত্যেক যোৰা ৪০-৫০ টকাকৈ বিক্ৰী কৰা পূৰৱ কৰ্মকাৰে ক'লে। "যোৱা বছৰৰ এনেকুৱা সময়ত ১৫ হাজাৰ টকাৰ বিক্ৰী কৰিছিলো, কিন্তু এতিয়া দুহেজাৰ টকাৰো বিক্ৰী হোৱা নাই। চাওঁচোন আৰু দুদিন আছে (উৎসৱৰ দিন)! আমি বৃহৎ লোকচানৰ সন্মুখীন হৈছো মহাশয়, কেৱল মাত্ৰ লকডাউনৰ বাবেই।
কুমাৰপাৰাৰ অধিকাংশ পৰিয়ালৰ ল'ৰা-ছোৱালী বিদ্যালয় অথবা মহাবিদ্যালয়ত অধ্যয়নৰত। অৰ্থাৎ এই খৰছবোৰৰ জোৰা মাৰিবলৈ বছৰৰ আন সময়লৈকে সাঁচি ৰাখিবলৈ গ্ৰীষ্মকালটোৱেই উপযুক্ত সময়।
"এইকেইদিন বৰষুণ দি থকাৰ বাবেও বিক্ৰী নহ'ব পাৰে। মানুহে গৰম পৰিলেহে এনেবোৰ বস্তু বিচাৰে। মুঠতে বতৰ আৰু লকডাউন এই দুয়োটাই আমাৰ জীৱন অসহনীয় কৰি তুলিছে," পূৰৱে এইদৰে কয়।
লকডাউনৰ নিষেধাজ্ঞা কিছু পৰিমাণে শিথিল হোৱাৰ অৰ্থাৎ মে' মাহৰ মাজভাগত ইটৱাৰিত থকা ডাঙৰ দেওবৰীয়া বজাৰৰ লগতে আন বজাৰলৈও কুমাৰসকলে সামগ্ৰী বিক্ৰী কৰিবলৈ যাব পৰা হ'ল। কিন্তু সেই সময়লৈ যিহেতু বিক্ৰী তুংগত উঠাৰ সময় প্ৰায় শেষ হোৱাৰ লগতে গৰমৰ দিনো গৈছিলগৈ, আৰু বছৰটোৰ বাকী সময়খিনি তেওঁলোকে সন্মুখীন হোৱা অপূৰণীয় ক্ষতিৰ কথা কুমাৰ পৰিয়ালৰ মাজত অনুৰণিত হৈ থাকিব।
অনুবাদ: অনন্ত কুমাৰ নাথ