নিজৰ ল’ৰাটো কেনেকৈ ঢুকাল শোভা সাহিনীয়ে জনা বুলি ভাবিছিল। কিন্তু সাতমাহ পিছতো তেওঁ ইমান নিশ্চিত হ’ব পৰা নাছিল।
ফেব্ৰুৱাৰীৰ এদিনাখন সন্ধিয়া ব্ৰহ্মচাৰী গাঁৱৰ এটা কোঠালীৰ ঘৰৰ দুৱাৰমুখত বহি ৩০ বছৰ বয়সীয়া শোভাই মনত পেলালে কেনেকৈ তেওঁৰ ছবছৰীয়া সন্তান আয়ুসৰ গা বেয়া হৈছিল। “তেওঁৰ জ্বৰ উঠিছিল আৰু পেটৰ বিষ হোৱা বুলিও কৈছিল,” তেওঁ কয়।
সেয়া ২০২১ৰ জুলাই মাহৰ শেষভাগৰ কথা, উত্তৰ প্ৰদেশ গোৰখপুৰ জিলাৰ তেওঁলোকৰ গাওঁখন বৰষুণে বুৰাই পেলাইছিল। তাত বানপানী একো নতুন কথা নহয়। “প্ৰতিবছৰে বানপানী হয়,” তেওঁ কয়। “পানী ওলাই যোৱাৰ বাট নাই।”
বৰষুণ দিলেই ব্ৰহ্মচাৰীত পানী জমা হয় আৰু গৰুৰ গোবৰ, মুকলিতে শৌচ কৰে কাৰণে মানুহৰ মল-মুত্ৰৰ লগতে জাবৰ-জোঁথৰৰ লগ লাগে। “সেই পানীত কীট-পতংগ মৰে, মহ জন্মে। খাদ্য ৰান্ধি থকা সময়ত লেতেৰা পানী আহি ঘৰ সোমায়,” শোভাই কয়। “যিমান বাধা দিলেও আমাৰ ল’ৰা-ছোৱালীবোৰ সেই পানীতে খেলে। বাৰিষাৰ দিনবোৰত মানুহ প্ৰায়েই বেমাৰত পৰে।”
সেইবাৰ তেওঁৰ ল’ৰাৰ পাল পৰিল। “প্ৰথমতে আমি তেওঁক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ চেষ্টা কৰালোঁ - এবাৰ বাৰ্হালগঞ্জ আৰু আনবাৰ চিক্ৰিগঞ্জত। কিন্তু সকলো অসাৰ হ’ল,” শোভাই কয়।
জ্বৰ আৰম্ভ হোৱাৰ প্ৰায় এসপ্তাহ পিছত শোভাই আয়ুসক তাৰ পৰা ৭ কিলোমিটাৰ দূৰৰ বেলাঘাটত থকা সামূহিক স্বাস্থ্য কেন্দ্ৰ (চিএইছচি)লৈ লৈ যায়। তাৰ পৰা তেওঁক ব্ৰহ্মচাৰীৰ পৰা গোৰখপুৰৰ অন্তৰ্গত নিকটৱৰ্ত্তী ৫০ কিলোমিটাৰ দূৰৰ বাবা ৰাঘৱ দাস মেডিকেল কলেজ (বি.আৰ.ডি. মেডিকেল কলেজ)লৈ ৰেফাৰ কৰা হয়।
বি.আৰ.ডি. মেডিকেল কলেজখন এখন ৰাজ্য চৰকাৰ পৰিচালিত কলেজ-হস্পিতাল আৰু সেয়া অঞ্চলটোৰ এখন অতিৰিক্ত সেৱা কেন্দ্ৰ। উত্তৰ প্ৰদেশৰ উত্তৰাঞ্চল, চুবুৰীয়া ৰাজ্য বিহাৰ, আনকি নেপালৰ লোকো আহি ইয়াত চিকিৎসা কৰায়, প্ৰায় ৫ কোটি লোকলৈ এইখন হস্পিতালে সেৱা আগবঢ়ায় বুলি দাবী জনায়। হস্পিতালখনত সদায়েই ভীৰ লাগি থাকে আৰু স্বাস্থ্যকৰ্মীসকলৰ কামৰ বোজাৰে ভাৰাক্ৰান্ত।
গোৰখপুৰ হস্পিতাল পোৱাৰ পিছৰে পৰা আয়ুসৰ হৃদক্ৰিয়া বন্ধ হোৱাৰ উপক্ৰম হ’ল। “ডাক্তৰে ক’লে যে তেওঁৰ এনকেফেলাইটিছ হৈছে,” শোভাই মনত পেলায়। পাঁচদিন পিছত, ২০২১ৰ ৪ আগষ্টৰ দিনা তেওঁ ঢুকাল। “তাৰ এনে হ’ব নালাগিছিল। মোৰ ল’ৰাটো বৰ ভাল আছিল,” কান্দোনত ভাগি পৰাৰ আগেয়ে তেওঁ কয়।
১৯৭৮ত যেতিয়া প্ৰথমবাৰৰ বাবে গোৰখপুৰ জিলাত জাপানীজ এনকেফেলাইটিছৰ সাংঘাতিক প্ৰাদূৰ্ভাৱ ঘটে, তেতিয়াৰে পৰা জিলাখনত চাৰিটা দশকত কেবাবাৰো তীব্ৰ এনকেফেলাইটিছ চিণ্ড্ৰ’মে (এ.ই.এছ. মানে একিউট এনকেফেলাইটিছ চিণ্ড্ৰ’ম) অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে।
মগজুৰ প্ৰদাহকে ধৰি বিভিন্ন লক্ষণ সাঙুৰি লৈ বুজোৱা এ.ই.এছ. ভাৰতৰ ৰাজহুৱা স্বাস্থ্যব্যৱস্থাৰ ক্ষেত্ৰত এক ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। জাপানীজ এনকেফেলাইটিছ ভাইৰাছ (জে.ই.ভি.) মহে বিয়পোৱা ভাইৰাছ, ইয়ে এ.ই.এছ.ৰো কাৰণ, এই ৰোগবিধত বিভিন্ন ধৰণৰ ভাইৰাছৰ উপৰিও বেক্টেৰিয়া, ভেঁকুৰ আৰু সংক্ৰমণ নোহোৱা এজেণ্ট আদি অন্তৰ্ভূক্ত।
এই ৰোগৰ লক্ষণ হৈছে তীব্ৰ জ্বৰ, মানসিক অৱস্থাৰ পৰিৱৰ্তন (মানসিক বিভ্ৰান্তি, খেলিমেলি, মানসিক বিকাৰ বা ক’মালৈ যোৱা), তাৰ লগতে হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটা আৰম্ভ হোৱা। যদিও এ.ই.এছ. যিকোনো বয়সৰ লোকৰ বছৰটোৰ যিকোনো সময়তে হ’ব পাৰে, কিন্তু ঘাইকৈ এইবিধ ভাইৰাছে ১৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীক আক্ৰমণ কৰে আৰু ইয়াৰ ফলত ৰুগ্নতা, বিকলাংগতা আৰু মৃত্যুও হ’ব।
স্বাস্থ্যবিধি, অনাময় আৰু বিশুদ্ধ পানীৰ সুবিধা নথকা স্থানত এইবিধ ৰোগৰ সংক্ৰমণ ঘটাৰ সম্ভাৱনা আটাইতকৈ বেছি।
ব্ৰহ্মচাৰী গাওঁখনত এই আটাইবোৰ অৱস্থা পৰিস্ফুট।
এনকেফেলাইটিছতে আয়ুসৰ মৃত্যু হৈছিল নে নাই, সেয়া নিশ্চিত কৰিবলৈ আমি বি.আৰ.ডি. মেডিকেল কলেজে দিয়া আয়ুসৰ মৃত্যুৰ প্ৰমাণপত্ৰখন চাব পৰা যাব নেকি সুধিলো। “মোৰ ভাইশহুৰৰ তাত সেইখন আছে,” শোভাই কয়। “তেওঁৰ নম্বৰটো লওক, হোৱাটচআপতে পঠিয়াই দিবলৈ ক’ব।”
আমি সেয়াই কৰিলো আৰু কেইমিনিটমানৰ মুৰতে ফোনটোত মেচেজ অহাৰ শব্দ পালো। সেইখনত লিখা আছিল যে তেওঁ মেনিনজাইটিছ (তীব্ৰ মস্তিষ্কাৱৰণ প্ৰদাহ ৰোগ)ত ভূগি আছিল আৰু কাৰ্ডিঅ’পালম’নেৰি ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যুমুখত পৰে। “কিন্তু ডাক্তৰে মোক দেখোন এনকেফেলাইটিছৰ চিকিৎসা কৰি থকা বুলিহে কৈছিল,” শোভাই আচৰিত হৈ সোধে। “তেওঁলোকে মুখত এটা আৰু চাৰ্টিফিকেটত আন এটা কেনেকৈ লিখিব পাৰে?”
*****
বাবা ৰাঘৱ দাস মেডিকেল কলেজখনে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল, যেতিয়া ২০১৭ৰ আগষ্টত নলযুক্ত অক্সিজেনৰ যোগানৰ নাটনি ঘটি (১০ আগষ্টৰ দিনা) দুটা দিনৰ ভিতৰত ৩০ টাকৈ শিশুৰ মৃত্যু ঘটিছিল। ৰাজ্য চৰকাৰে তেতিয়া কথাটো অস্বীকাৰ কৰিছিল যে অক্সিজেনৰ নাটনিৰ বাবে সেই মৰ্মন্তুদ ঘটনা ঘটিছিল। তাৰ পৰিৱৰ্তে সেই মৃত্যু এনকেফেলাইটিছকে ধৰি আন ভিন্ন প্ৰাকৃতিক কাৰণত হোৱা বুলি কৈছিল। লগতে কোৱা হৈছিল যে একে সংখ্যক শিশুৰ মৃত্যু ৭ আৰু ৯ আগষ্টত হৈছিল।
হস্পিতালখনত মৃত্যুৰ সংখ্যা অধিক হোৱাটো কোনো কাকতালীয় ঘটনা নাছিল।
২০১২ৰ পৰা ২০১৭লৈ, সেই ঘটনাটোকে ধৰি বি.আৰ.ডি. মেডিকেল কলেজখনত ৩০০০ৰো অধিক শিশুৰ মৃত্যু ঘটিছিল। তাত ঢুকোৱা ৫০,০০০ হাজাৰ শিশুৰ মাজৰ এই সংখ্যা আছিল - তাৰে প্ৰায়ভাগৰে জে.ই. নাইবা এ.ই.এছ.ত মৃত্যু হোৱা শিশু আছিল, এয়া ঘটিছিল সেই মৰ্মন্তুদ ঘটনাৰ আগৰ তিনিটা দশকত। ২০১৭ৰ সেই ঘটনাটোৱে গোৰখপুৰত ঘটি থকা স্বাস্থ্যসংক্ৰান্ত দুৰৱস্থাৰ দিশটো দাঙি ধৰিছিল, বিশেষকৈ অঞ্চলটোৰ বেছিসংখ্যক এ.ই.এছ. কে’চৰ মোকাবিলা কৰা আটাইটকৈ ব্যস্ততাপূৰ্ণ হস্পিতালখনলৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দূৰ্গ হিচাপে জনা গোৰখপুৰত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হোৱাটো মুখ্যমন্ত্ৰীজনৰ বাবে শুভ ইংগিত নাছিল। মুখ্যমন্ত্ৰী হোৱাৰ আগেয়ে তেওঁ ১৯৯৮ৰ পৰা পাঁচটা কাৰ্য্যকালৰ বাবে গোৰখপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছিল।
ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াই কোৱা অনুসৰি ২০১৭ৰ সেই ঘটনাটোৰ পিছৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এনকেফেলাইটিছ দূৰ কৰাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে। “মহৰ বৃদ্ধি ৰোধ কৰিবলৈ আমি প্ৰাদুৰ্ভাৱ দেখা দিব পৰা এলেকাবোৰত আগতীয়াকৈ (কীটনাশক) ছটিওৱাৰ ব্যৱস্থা কৰিছো,” গোৰখপুৰ মুখ্য চিকিৎসা বিষয়া (চি.এম.অ’) ডাঃ আশুতোষ ডুবেয়ে কয়। “আমি এপ্ৰিলৰ পৰা (জে.ই. নিয়ন্ত্ৰণৰ উদ্দেশ্যে) টিকাকৰণ অভিযান আৰম্ভ কৰিছো। আগতে এয়া জুন বা জুলাই মাহত আৰম্ভ কৰা হৈছিল, তেতিয়ালৈ পলম হৈ যায়, কিয়নো সেয়া ভৰ বাৰিষাৰ সময়।”
যোৱা কেইটামান বছৰত মুখ্যমন্ত্ৰী আদিত্যনাথে কৈ আহিছে যে তেওঁৰ চৰকাৰখনে ৰাজ্যখনত এ.ই.এছ. নিয়ন্ত্ৰণ কৰিব পাৰিছে। ৰাষ্ট্ৰীয় সোঁচৰা ৰোগ নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ কাৰ্য্যসূচীৰ ডেটাতো সেই একেটাই দাবী প্ৰতিপন্ন কৰি দেখুওৱা হৈছে।
উত্তৰ প্ৰদেশত ৰিপ’ৰ্ট হোৱা এ.ই.এছ. আৰু জে.ই. কে’চৰ সংখ্যা নিৰন্তৰ হ্ৰাস পাব ধৰিছে। উত্তৰ প্ৰদেশত ৪,৭৪২ টা কে’চ ধৰা পৰিছে, তাৰে ৬৯৩ টা কে’চ জে.ই.ৰ। মূঠ মৃত্যুৰ ঘটনা ৬৫৪, তাৰে ৯৩ টাৰ কাৰণ জে.ই.।
ৰাজ্য চৰকাৰখনে ২০২০ চনত ১,৬৪৬ টা এ.ই.এছ. কে’চ ধৰা পেলাইছে আৰু ৮৩ টা কে’চত ৰোগীৰ মৃত্যু হৈছে। ২০২১ত পৰিস্থিতি সামান্য ভাললৈ আহিছে। তেতিয়া ১,৬৫৭ টা কে’চৰ ৫৮ টাত ৰোগীৰ মৃত্যু ঘটিছে আৰু তাত মাত্ৰ চাৰিটা কে’চ জে.ই.ৰ।
২০১৭ৰ পৰা ২০২১লৈ এ.ই.এছ. আৰু জে.ই.জনিত মৃত্যুৰ সংখ্যা কমাৰ হাৰ আশ্চৰ্য্য়জনকভাৱে ক্ৰমে ৯১ আৰু ৯৫ শতাংশ।
শেহতীয়া বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ এটা মাহৰ ভিতৰতে আদিত্যনাথে ২০২২ৰ ২ এপ্ৰিলত কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনত “ এনকেফেলাইটিছ নিৰ্মূলকৰণ ”ত সফলতা লাভ কৰিছে।
কিন্তু আয়ুসৰ ক্ষেত্ৰত হোৱাৰ দৰে মৃত্যুৰ কাৰণৰ সৈতে মৃত্যুৰ প্ৰমাণপত্ৰত লিখা কাৰণ নিমিলাটোৱে এই পৰিসংখ্যাৰ ভূল উত্থাপন হোৱাটোৰে ইংগিত বহন কৰে।
ব্ৰহ্মচাৰী গাওঁ যিটো ব্লকত আছে, সেই বেলঘাট ব্লকৰ চি.এইছ.চি.ৰ দায়িত্ববাহী বিষয়া ডাঃ সুৰেন্দ্ৰ কুমাৰে কয় যে আয়ুসৰ মৃত্যুৰ কাৰণ এনকেফেলাইটিছ নহ’বও পাৰে। “তেনে একেধৰণৰ কে’চ মই পাইছো,” তেওঁ কয়। “সেয়া এ.ই.এছ.জনিত মৃত্যু নাছিল। মোৰ অঞ্চলত এ.ই.এছ.ত ভোগা ৰোগী থাকিলে মেডিকেল কলেজখনে মোক নজনোৱাকৈ নাথাকিলহেঁতেন।”
বাবা ৰাঘৱ দাস মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ গণেশ কুমাৰক ফেব্ৰুৱাৰীত পাৰিয়ে লগ পাওঁতে বেলঘাট চি.এইচ.চি.ৰ দায়িত্ববাহী বিষয়াগৰাকীৰ কথাত তেওঁ দ্বিমত প্ৰকাশ কৰে। “কাৰিকৰী দিশৰ পৰা চাবলৈ গ’লে মেনিনজাইটিছো এ.ই.এছ.ৰ ভিতৰতে পৰে,” তেওঁ কয়। “ভৰ্তি কৰোৱাৰ পিছত ৰোগীজনক এটা এ.ই.এছ. নম্বৰ দিয়া হয়।”
আমি তেওঁৰ আয়ুসৰ মৃত্যুৰ প্ৰমাণপত্ৰখন দেখুৱালো, তাতে তেওঁৰ মেনিনজাইটিছ হোৱা বুলি লিখা আছিল। “ইয়াত এ.ই.এছ. নম্বৰ নাই। থাকিব লাগিছিল।” মেডিকেল কলেজখনৰ অধ্যক্ষ গণেশ কুমাৰে প্ৰমাণপত্ৰখনত চাই বিভ্ৰান্ত হোৱা যেন অনুভৱ কৰি কয়।
এ.ই.এছ. ৰোগী এগৰাকী চিনাক্ত কৰাটো ইমান টান কাম নহয়, ডাঃ কাফীল খানে কয়। “এ.ই.এছ. হৈছে এক সাময়িক ৰোগনিৰ্ণয়। ৰোগীজনৰ যদি ১৫ দিনতকৈ কম দিন জ্বৰ উঠি আছে আৰু কোনো পৰিৱৰ্তন দেখা যায় (যেনে হৃদক্ৰিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটা), তেন্তে আপুনি সেইজন ৰোগীক এ.ই.এছ. নম্বৰ দিব পাৰে। তাৰ বাবে আপুনি কোনো পৰীক্ষা কৰিব নালাগে। ২০১৭ৰ সেই ঘটনাটোৰ পিছৰ পৰা আমি তেনেকৈয়ে কাম কৰি আহিছো,” তেওঁ বুজাই কয়।
২০১৭ৰ ১০ আগষ্টৰ দিনা ডাঃ খান বি.আৰ.ডি. মেডিকেল কলেজ হস্পিতালতে আছিল। সেইদিনা ২৩ টা শিশুৰ মৃত্যু ঘটিছিল। সেই ঘটনাৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক নিলম্বন কৰা হয়। চিকিৎসাত অৱহেলাকে ধৰি বিভিন্ন আন অভিযোগত আটক কৰি ২০১৮ৰ এপ্ৰিলত জামিন পোৱাৰ আগলৈকে সাত মাহৰ বাবে তেওঁক কাৰাবাস দিয়া হয়।
তেওঁ ভাবে যে ২০১৭ৰ সেই মৰ্মন্তুদ ঘটনাটোত বলিৰ পথা সজোৱা হ’ল। “হস্পিতালখনে ডেটা খেলিমেলি কৰা কাৰণে মোক মোৰ কামটোৰ পৰা বঞ্চিত কৰি ৰাখিছে,” তেওঁ কয়। উত্তৰ প্ৰদেশ চৰকাৰে বি.আৰ.ডি.ত শিশুৰোগ বিশেষজ্ঞৰ প্ৰবক্তা পদৰ পৰা তেওঁক বৰ্খাস্ত কৰে। তেওঁ বিষয়টো লৈ এলাহবাদ উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে।
এ.ই.এছ. কে’চবোৰক তীব্ৰ জ্বৰীয়া ৰোগ (একিউট ফেব্ৰাইল ইলনেচ চমুকৈ এ.এফ.আই.) হিচাপে দেখুওৱা হৈছে যাতে পৰিসংখ্যা সালসলনি কৰিব পৰা যায়, খানে কয়। “কিন্তু এ.এফ.আই.ত মস্তিষ্কৰ ওপৰত কোনো প্ৰভাৱ নপৰে। এয়া মাত্ৰ তীব্ৰ জ্বৰহে।”
জিলা চি.এম.অ’. আশুতোষ ডুবেয়ে এনে কোনো ভূল তথ্য দাঙি ধৰা হোৱা নাই বুলি কয়। “কিছুমান এ.এফ.আই. কে’চক এ.ই.এছ. কে’চ হিচাপে ধৰিব পৰা যায়,” তেওঁ কয়। “সেইটো কাৰণতে কে’চবোৰ প্ৰথমতে অনুসন্ধান কৰি পিছলৈ ভাগ ভাগ কৰা হয়। কিন্তু আটাইবোৰ এ.এফ.আই. কে’চ এ.ই.এছ. কে’চ নহয়।”
তীব্ৰ জ্বৰীয়া ৰোগ পিছলৈ গৈ তীব্ৰ এনকেফেলাইটিছৰ লক্ষণলৈ গতি কৰিব পাৰে , দুয়োটা ৰোগৰেই ৰোগতত্ত্ব একেই, য’ত স্ক্ৰাৱ টাইফাচ নামে বেক্টেৰিয়াৰ সংক্ৰমণ ঘটে। এই ৰোগবিধক শেহতীয়াকৈ গোৰখপুৰ অঞ্চলত এ.ই.এছ. প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ বুলি চিনাক্ত কৰা হৈছে। ২০১৫ আৰু ২০১৬ৰ অধ্য়য়নে এই কথা প্ৰমাণ কৰিছে যে প্ৰায় ৬০ শতাংশ এ.ই.এছ. কে’চৰ কাৰণে স্ক্ৰাৱ টাইফাছ দায়ী।
২০১৯ত হে বি.আৰ.ডি. মেডিকেল কলেজে তীব্ৰ জ্বৰীয়া ৰোগবিধক পৃথক শিতানত বিবেচনা কৰা আৰম্ভ কৰে। কিন্তু ডুবে কিম্বা গণেশ কুমাৰ, কোনো এজনেও পৰিসংখ্যা সংক্ৰান্ত তথ্য শ্বেয়াৰ নকৰিলে।
এ.ই.এছ.ৰ লক্ষণ হৈছে তীব্ৰ জ্বৰ, মানসিক অৱস্থাৰ পৰিৱৰ্তন (মানসিক বিভ্ৰান্তি, খেলিমেলি, মানসিক বিকাৰ বা ক’মালৈ যোৱা), তাৰ লগতে হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটা আৰম্ভ হোৱা। যদিও এ.ই.এছ. যিকোনো বয়সৰ লোকৰ বছৰটোৰ যিকোনো সময়তে হ’ব পাৰে, কিন্তু ঘাইকৈ এইবিধ ভাইৰাছে ১৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীক আক্ৰমণ কৰে
যাহওঁক, পাৰিয়ে সেইটো বছৰত সেইখন মেডিকেল কলেজত চিকিৎসা কৰোৱাৰ তালিকাখন পাবলৈ সক্ষম হয়। বাৰিষা কালত সংখ্যা উৰ্দ্ধগামী হয়, এ.ই.এছ. আৰু জে.ই.ৰ দৰে। (ডেংগু, চিকুনগুনিয়া আৰু মেলেৰিয়া আদি সংক্ৰমণেও পিছলৈ গৈ এ.এফ.আই. হ’ব পাৰে।) ২০১৯ত বি.আৰ.ডি. মেডিকেল কলেজৰ ১,৭১১ টা এ.এফ.আই. কে’চৰ ভিতৰত ২৪০ টা ২০১৯ৰ আগষ্টৰ শেষৰফালে আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰত ক্ৰমে ৬৮৩ আৰু ৪৭৬ টা কে’চৰ প্ৰতিবেদন তাত পোৱা গৈছে। কিন্তু বছৰটোৰ প্ৰথম ছটা মাহত এটা কে’চো পঞ্জীয়ন হোৱা নাই।
ইয়াৰে কিছু ডেটা প্ৰথমে সাংবাদিক মনোজ সিঙে তেওঁৰ ৱেবছাইট গোৰখপুৰ নিউজলাইনত ২০১৯ৰ শেষৰফালে প্ৰকাশ কৰিছিল। বি.আৰ.ডি. মেডিকেল কলেজত দীৰ্ঘদিন ধৰি এনকেফেলাইটিছৰ ৰিপ’ৰ্টিং কৰি থকা সিঙে কয়, “হস্পিতালখনে যদি লুকুৱাবলগীয়া একো নাই, তেন্তে তেওঁলোকে আগতে কৰাৰ দৰে পৰিসংখ্যা প্ৰকাশ নকৰে কিয়?” তেওঁ ২০১৯ৰ এ.এফ.আই. ৰোগীৰ ১,৭১১ টা কে’চৰ ২৮৮ টা জে.ই. কে’চ হোৱাৰ প্ৰসংগটোও উলিয়ায়।
যাহওঁক, গোটেই উত্তৰ প্ৰদেশত কেৱল ২৩৫ টা কে’চহে সেইটো বছৰত পঞ্জীয়ন হৈছে।
“এনেকুৱা হ’ব পাৰে যে ২৮৮ জন ৰোগীৰ (বি.আৰ.ডি.ত) আটাইকেইজন উত্তৰ প্ৰদেশৰ নহ’বও পাৰে, পশ্চিম বিহাৰ আৰু নেপালৰ পৰা সেইখন মেডিকেললৈ ৰোগী আহে,” সিঙে কয়। “কিন্তু বেছিভাগ কে’চেই ইয়াৰেই (উত্তৰ প্ৰদেশৰ)। সেয়ে সংখ্যাক লৈ সন্দেহ আছে।”
বি.আৰ.ডি. মেডিকেল কলেজৰ অধ্যক্ষ গণেশ কুমাৰে কয়, “বিহাৰ আৰু নেপালৰ পৰা কিমানটা কে’চ আহে সেয়া কোৱাটো টান,” কিন্তু সেয়া সাধাৰণতে “১০ শতাংশতকৈ বেছি নহয়।”
ইয়ে এ.ই.এছ. কে’চৰ ভুল ৰিপ’ৰ্টিং আৰু গণনাত কে’চ কমকৈ উঠাৰ সম্ভাৱনা বঢ়ায়।
*****
এ.ই.এছ. কে’চ এটাক এ.এফ.আই. হিচাপে চিকিৎসা কৰাৰ পৰিণাম দীৰ্ঘসূৰী হ’ব পাৰে। “এ.ই.এছ. আৰু এ.এফ.আই.ৰ চিকিৎসাৰ মূল পাৰ্থক্যটো হৈছে মেন্নিটল, যিটোৱে মস্তিষ্কৰ প্ৰদাহ বন্ধ কৰে। এই দৰৱবিধ ব্যৱহাৰৰ পিছত কে’চটো এ.ই.এছ. হিচাপে ধৰিব লাগে,” কাফীল খানে কয়। “এ.ই.এছ. কে’চ এটাক এ.এফ.আই. হিচাপে চিকিৎসা কৰা মানে মেন্নিটল ব্যৱহাৰ নকৰাষ আৰু যদি আপুনি এয়া ব্যৱহাৰ নকৰে, তেন্তে শিশুটি (এ.ই.এছ. থকা) বাচি গ’লেও গোটেই জীৱনটোৰ বাবে পংগু হৈ পৰিব।”
এ.ই.এছ. নম্বৰটো নিদিলে এনকেফেলাইটিছত মৃত্যু হোৱা ৰোগীজনৰ পৰিয়ালে চৰকাৰী ক্ষতিপূৰণ নাপায়। মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ পৰা ৫০,০০০ টকা ক্ষতিপূৰণ পায় আৰু বাচি যোৱা জনে ১ লাখ টকা পায়, কিয়নো বাচি গ’লেও ৰোগীজনে এনকেফেলাইটিছৰ কাৰণে দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাত ভূগি থাকে।
এ.ই.এছ.য়ে ঘাইকৈ দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ লোকক আক্ৰমণ কৰে, তেওঁলোককেই ক্ষতিপূৰণৰ আটাইতকৈ বেছি দৰকাৰ হয়।
শোভাও তাৰে মাজৰ এগৰাকী।
আয়ুসক বি.আৰ.ডি. মেডিকেল কলেজলৈ নিয়াৰ আগতে তেওঁ দুখনকৈ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ নামত ১ লাখ টকা খৰছ কৰিছে। “আমি আমাৰ সম্পৰ্কীয়ৰ পৰা টকা-পইচা ধাৰে ল’লো,” উত্তৰ প্ৰদেশ অনান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত নিশাদ সম্প্ৰদায়ৰ শোভাই কয়। তেওঁৰ স্বামী ৰবিয়ে আজমগঢ় জিলাৰ মুবাৰকপুৰ চহৰত এখন সৰু কাপোৰৰ দোকান চলায়। তেওঁলোকৰ গাঁৱৰ পৰা সেইখন ৭৫ কিলোমিটাৰ দূৰত। মাহে তেওঁ ৪,০০০ টকা উপাৰ্জন কৰে।
আয়ুসক এ.ই.এছ. নম্বৰ দিয়া হ’লে শোভাই অন্ততঃ তেওঁৰ ভাই-শহুৰৰ পৰা লোৱা টকাখিনি পৰিশোধ কৰিব পাৰিব। “মোৰ ভাই-শহুৰে পঢ়াৰ কাৰণে ৫০,০০০ টকা সাঁচিছিল। আমি সেইখিনিও খৰছ কৰিছো।”
পৰিয়ালটোৰ এক একৰতকৈ কম মাটি আছে, তাতে তেওঁলোকে খাবৰ বাবে গমধানৰ খেতি কৰে। “বাৰিষাৰ দিনত মাটিখিনি পানীৰে উপচি পৰে কাৰণে বছৰত আমি এবাৰেই খেতি কৰো,” শোভাই ব্ৰহ্মচাৰীৰ ঘৰৰ বাহিৰৰ দমকলটোৰ পৰা পানী উলিয়াই থকা অৱস্থাত কয়।
গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ দূৰত, বেলঘাট গাওঁ পঞ্চায়তত, ২৬ বছৰ বয়সীয়া কৰ্মবীৰ বেলদাৰে মনত পেলায় কেনেকৈ তেওঁ বি.আৰ.ডি. কলেজ হস্পিতালত ভতিজীজনীৰ কি হৈছে জানিবলৈ ৰোগনিৰ্ণয় কৰাৰ বাবে খাটনি ধৰিছিল। কিন্তু কোনেও তেওঁৰ কথা নুশুনিলে, আনকি তাইৰ মৃত্যুৰ পিছতো।
তেওঁৰ পাঁচ বছৰ বয়সীয়া ভতিজী ৰিয়াৰ ২০২১ৰ আগষ্টত জ্বৰ উঠিছিল আৰু তেতিয়া তেওঁৰ হৃদক্ৰিয়াও বন্ধ হোৱাৰ উপক্ৰম হৈছিল। “লক্ষণবোৰ এ.ই.এছ.ৰ দৰে আছিল,” তেওঁ কয়। “সেয়া আছিল বাৰিষাৰ বতৰ আৰু প্ৰদূষিত পানীৰে আমাৰ ঘৰবোৰ উপচি পৰিছিল। আমি ততালিকে তেওঁক চি.এইচ.চি.লৈ লৈ গ’লো, তাতে তেওঁক বি.আৰ.ডি.লৈ লৈ যোৱাৰ কথা কোৱা হয়।”
ৰিয়াক হস্পিতালৰ সেই কুখ্যাত শিশুৰোগৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল। “তাইৰ কি হৈছে আমি ডাক্তৰক সুধিছিলো, কিন্তু তেওঁলোকে কেতিয়াও নক’লে,” বেলদাৰে কয়। “আমি কিবা প্ৰশ্ন কৰিলে তেওঁলোকে আমাক ৱাৰ্ডৰ পৰা খেদি পঠিয়াইছিল। কৰ্মচাৰী এগৰাকীয়ে আনকি মইহে চিকিৎসা কৰিম নেকি বুলি মোক প্ৰশ্ন কৰিছিল।”
ৰিয়াক হস্পিতালত ভৰ্ত্তি কৰোৱাৰ পিছদিনা তেওঁ ঢুকায়। তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ হিচাপে কোৱা হৈছে ‘চেপটিক শ্বক ক্ৰাছ ফেলিয়াৰ’। “তাৰ অৰ্থ কি সেয়াও মই নাজানো,” বেলদাৰে কয়। “ইমান গোপনীয়তাৰ কাৰণ কি? মৃত্যুৰ প্ৰমাণপত্ৰত এনকেফেলাইটিছৰ কথা নাথাকিব পাৰে, কিন্তু শিশুবোৰ প্ৰতিবছৰে মৰি আছে।”
সেই একেই ভয় শোভাৰ মনত সোমাইছে।
আয়ুস গুছি গ’ল, কিন্তু শোভাই ক্ৰমে ৫ আৰু ৩ বছৰীয়া ৰাজবীৰ আৰু কুনাল নামৰ তেওঁৰ সৰু ল’ৰা দুটাৰ বিষয়ে চিন্তা লাগি থাকে। তেওঁলোকৰ গাওঁখন এইবছৰ বাৰিষাৰ সময়ত আকৌ বুৰ যাব, পানী প্ৰদূষিত হ’ব, আৰু দমকলৰ সেই প্ৰদূষিত ভূজলেই তেওঁ ব্যৱহাৰ কৰিব লাগিব। আয়ুসৰ জীৱন কাঢ়ি নিয়া সেই একেই পৰিস্থিতিয়ে তেওঁৰ সৰু ভাই দুটাৰ জীৱন লৈ ভাবুকি হৈ পৰিছে। তাৰ পৰিণাম কি সেয়া শোভাই আনতকৈ ভালকৈ জানে।
পাৰ্থ এম এন-য়ে ঠাকুৰ ফেমিলী ফাউণ্ডেছনৰ পৰা পোৱা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ সহায়ত জনস্বাস্থ্য আৰু নাগৰিক অধিকাৰ বিষয়ত ৰিপ’ৰ্টিং কৰে। ঠাকুৰ ফেমিলী ফাউণ্ডেছনে এই প্ৰতিবেদনৰ বিষয়বস্তু বা সম্পাদকীয় বিষয়ত কোনো হস্তক্ষেপ কৰা নাই।
অনুবাদ: পংকজ দাস