১৯৭০ চনটো আছিল দাদু চালভেৰ জীৱনৰ গতিপথ সলনি কৰা সময়। ড° আম্বেদকাৰৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক আন্দোলনক মহাৰাষ্ট্ৰৰ ভিতৰুৱা অঞ্চললৈ লৈ যোৱা গায়ক ৱামনদাদা কাৰ্দকক তেওঁ লগ পাইছিল। তেওঁ শেষ নিশ্বাসলৈকে সেই কাম কৰি গ’ল।
৭৫ বছৰীয়া মাধৱৰাও গাইকোৱাডে ৱামনদাদা কাৰ্দকৰ আশে-পাশে সামগ্ৰী সংগ্ৰহ কৰে। তেওঁৱেই দাদু চালভেক লৈ গৈছিল ৱামনদাদাক লগ কৰিবলৈ। মাধৱৰাও আৰু তেওঁৰ পত্নী সুমিত্ৰা (৬১)য়ে নিজেই হাতেৰে লিখা ৫ হাজাৰৰো অধিক গীত সংগ্ৰহ কৰিছে।
মাধৱৰাৱে কয়, “তেওঁ ১৯৭০ত নগৰলৈ আহিছিল। আম্বেদকাৰৰ কাম আৰু বাৰ্তাৰ প্ৰচাৰৰ বাবে তেওঁ ‘গায়ন’ পাৰ্টি আৰম্ভ কৰিবলৈ অতি আগ্ৰহী আছিল। আগতে দাদু চালভে আম্বেদকাৰৰ কথা গাইছিল, কিন্তু তেওঁৰ হাতত বেছি ভাল গীত নাছিল। গতিকে, আমি গৈ ৱামনদাদাক লগ কৰি ক’লোঁ, ‘আমাক আপোনাৰ গান লাগে’।”
ৱামনদাদাই উত্তৰ দি কয় যে তেওঁ প্ৰকৃততে কেতিয়াও নিজৰ সৃষ্টিকৰ্মবোৰ গোটাই ৰখা নাছিল: “মই লিখো, পৰিবেশন কৰো, আৰু মই তাতেই এৰি যাও।”
মাধৱৰাৱে মনত পেলাইছে যে, “এনে অমূল্য সম্পদৰাজি নষ্ট হোৱা দেখি আমি হতাশ হৈছিলো। তেওঁ [ৱামনদাদা] গোটেই জীৱন আম্বেদকাৰ আন্দোলনৰ বাবে উৎসৰ্গা কৰিছিল।”
তেওঁৰ সৃষ্টিকৰ্ম লিপিবদ্ধ কৰিবলৈ আগ্ৰহ কৰি মাধৱৰাৱে দাদু চালভেক য’তেই ৱামনদাদাই গীত পৰিবেশন কৰি আছিল তাতেই লৈ যাবলৈ ধৰিলে: “দাদুৱে তেওঁক হাৰমনিয়ামত সংগ দিছিল, আৰু তেওঁ গোৱাৰ লগে লগে মই গীতবোৰ লিপিবদ্ধ কৰিছিলো। সেয়া লাইভ লিপিবদ্ধ কৰা হৈছিল।”
তাৰ পাছত তেওঁ ৫ হাজাৰৰো অধিক গীত প্ৰকাশ কৰে। তাৰ পিছতো প্ৰায় ৩ হাজাৰ গীত আছে, যিবোৰে পোহৰ দেখা নাই। “আৰ্থিক বাধাৰ বাবে মই কৰিব পৰা নাছিলো। কিন্তু ক’ব লাগিব, আম্বেদকাৰ আন্দোলনৰ এই জ্ঞান আৰু প্ৰজ্ঞা মই কেৱল দাদু চালভেৰ বাবেই সংৰক্ষণ কৰিব পাৰিলো,’ তেওঁ লগতে কয়।
দাদু চালভে ৱামনদাদাৰ কামৰ পৰা ইমানেই অনুপ্ৰাণিত হৈছিল যে তেওঁ এটা নতুন গোট আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল, যাক কলা পাঠক বুলিও কোৱা হৈছিল। তেওঁ শংকৰ তবাজী গাইকোৱাড, সঞ্জয় নাথা যাদৱ, ৰঘু গংগাৰাম চালভে, আৰু মিলিন্দ শিণ্ডেক একত্ৰিত কৰিছিল। গোটটোৰ নাম আছিল ভীম সন্দেশ গায়ন পাৰ্টি অৰ্থাৎ আম্বেদকাৰৰ বাৰ্তা বিয়পোৱা সংগীত গোট।
তেওঁলোকে এক অভিযানক বাস্তৱ ৰূপ দিবলৈ গাইছিল সেয়ে তেওঁলোকৰ পৰিবেশনত কোনো সহজ-সৰল আৰু কেৱে কাৰো প্ৰতি কু-অভিপ্ৰায় ৰখা নাছিল।
দাদুৱে আমাৰ বাবে এই গানটো গাইছে: