যেতিয়া হীৰা মুকানে থানে জিলাৰ ছাহাপুৰ তালুকৰ দূৰৱর্তী অঞ্চলত থকা তেওঁৰ ডালখান গাঁৱৰ ঘৰত আহি উপস্থিত হৈছিল, তেতিয়া ২৭ মার্চৰ নিশা ১ বাজিছিল। হীৰা, তেওঁৰ পুত্র মনোজ আৰু বোৱাৰী শালুৱে ক’তো অকণো নোৰোৱাকৈ ১০৪ কিমি খোজ কাঢ়ি আহিছিল। পালঘৰ জিলাৰ ডাহানু তালুকত অৱস্থিত গঞ্জৰ গাঁৱৰ ওচৰৰ যি ইটা ভটাত তেওঁলোক কাম কৰিবলৈ গৈছিল, তাৰ পৰাই তেওঁলোকে খোজেৰে ঘৰলৈ উভতি আহিছিল।
“কোনো যান-বাহন নাছিল; সেয়ে আমি গোটেই দিনটো খোজ কাঢ়িছিলো। সাধাৰণতে ৰাজ্যিক পৰিবহনৰ বাছখন গঞ্জৰৰ পৰা ছাহাপুৰলৈ যায়”, হীৰাই (৪৫) কয়। হীৰা তথা শালুৰ মূৰত কাপোৰৰ টোপোলা আৰু কিছু বাচন-বর্তনৰ এটা বস্তা সহ তেওঁলোকে ২৬ মার্চৰ কাহিলি পুৱা ৪ বজাত যাত্রা আৰম্ভ কৰিছিল। এই ২১ ঘন্টাৰ যাত্রাত মনোজৰ মূৰতো এটা ১২ কিলো চাউলৰ বস্তা আৰু হাতত ৮ কিলো ওজনৰ ৰাগী আটাৰ টোপোলা আছিল। “আমাৰ ভৰি নিবিষায়, কাৰণ আমি এনেও ৰাজ্যিক পৰিবহনৰ বাছ অনিয়মীয়া হোৱা বাবে দূৰ-দূৰলৈ খোজ কাঢ়োঁৱে। কিন্তু একোকে উপার্জন কৰিব নোৱৰাটো বৰ কষ্টকৰ”, তেওঁ কয়।
যেতিয়া হীৰাই ২৭ বছৰীয়া মনোজ আৰু ২৫ বছৰীয়া শালুক লৈ ২ মার্চত ইটা ভটালৈ বুলি কাম কৰিবলৈ ওলাইছিল, তেতিয়া তেওঁলোকে মে’ মাহতহে ঘূৰি অহাৰ পৰিকল্পনা কৰিছিল। কিন্তু ২৪ মার্চত দেশজুৰি ঘোষণা হোৱা লকডাউনে তেওঁলোকৰ পৰিকল্পনাৰ ম্যাদ চমুৱাই আনিলে। “আমি মার্চৰ পৰা মে’লৈ অন্তত ৫০,০০০ টকা ঘটিম বুলি আশা কৰিছিলো”, হীৰাই আমাক ফোনযোগে কয়, “মালিকে কাম ৰখালে আৰু আমাক উভতি যাবলৈ ক’লে। তিনি সপ্তাহৰ বাবদ তেওঁ আমাক মাথোন ৮,০০০ টকাহে দিলে।”
সেয়ে যেতিয়া তেওঁলোক তিনিজন অপ্রত্যাশিতভাৱে মার্চৰ শেষত আহি ডালখান পালেহি, হীৰাৰ স্বামী ভিত্থাল (৫২) আৰু কন্যা সংগীতা (১৫) আশ্চৰ্যচকিত হৈ পৰিছিল- হীৰাই ফোন যোগেও তেওঁলোক উভতিবলগা খবৰ ঘৰত দিব পৰা নাছিল। ঘৰৰ বাকী সকল গঞ্জৰলৈ যাওঁতে কাচিকোষীয়া ৰোগত আক্রান্ত আৰু শাৰীৰিক শ্রম কৰাত অক্ষম ভিত্থাল জীয়ৰী সংগীতাৰ লগত গাঁৱত থাকি গৈছিল।
২০১৮ ৰ জুলাই মাহত, ৰাতিৰ সাজৰ বাবে ডালখানৰ এখন ফাৰ্মত পাচলি তুলি থকা অৱস্থাত আমি হীৰাক লগ পাইছিলো। তেওঁ মহাৰাষ্ট্রৰ বিশেষভাবে প্ৰতিৰোধহীন জনজাতিৰ তালিকাভুক্ত কাটকাৰী জনজাতিৰ মহিলা।






