কেন্দ্ৰ চৰকাৰে ২০২০ চনৰ ছেপ্টেম্বৰত সংসদত গৃহীত কৰি জাপি দিয়া কৃষি আইন (য’ত নেকি কৃষি বিষয়টো ৰাজ্য চৰকাৰৰ অধীনস্থ)ৰ বিৰুদ্ধে আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদে সমগ্ৰ দেশৰ কবি-সাহিত্যিকসকলকো প্ৰভাৱান্বিত কৰিছিল। এয়া এটা পাঞ্জাৱী কবিতা, য’ত কবিয়ে এজন ক্ষুদ্ৰ খেতিয়কৰ দৈনন্দিন জীৱনৰ হা-হুমুনিয়াহ বৰ্ণনা কৰিছে। কবিতাটোৰ আধাৰত অংকিত ছবিখন বাংগালুৰুৰ এজন যুৱ শিল্পীৰ।


Amritsar, Punjab
|WED, MAY 10, 2023
খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়...
মহামাৰী আৰু লকডাউনৰ মাধমাৰ সত্বেও তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে ২০২০ চনৰ ২৫ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে লক্ষ লক্ষ কৃষকে সাব্যস্ত কৰিছিল প্ৰতিবাদ। এই কবিতাটোত কবিয়ে বৰ্ণনা কৰিছে এজন খেতিয়কৰ মৰ্মবেদনা
Author
Translator

এজন খেতিয়কৰ দুৰ্দশা
খেতি, খেতি, খেতি আৰু খেতি
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ
খেতিৰ বাদে আমিনো আৰু কৰিম কি?
কপালৰ ঘামেৰে তিতা এই মাটি
বুকুত কঢ়িয়াই ফুৰো ধুমুহা-বৰষুণ
ডেই পুৰি নিয়া ৰ’দ কিম্বা হাড় কপোৱা শীত
পথাৰতে হেৰাই গ’ল কিমানজন
ভয় কৰিবলৈ আমাৰ আছেনো কি?
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ
এদিন দূৰ দূৰলৈ আছিল খেতি আৰু খেতি
এতিয়া চপৰা বুলিবলৈকো নাই মাটি
এদিন ট্ৰেক্টৰৰ ট্ৰলীত ভৰি আছিল সোণগুটি
আজি গোটেই গাঁওখনেই খালী
মেনেজাৰক আৰু কিমান দিম?
কিমান বেচিকৈ দিম?
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ
পোনাকণে আধাতে এৰিলে স্কুল
ভাঙি গ’ল আশাৰ ভঁৰাল
এতিয়া মাথো ধাৰ আৰু ধাৰ
ভগ্ন শৰীৰ, জীৰ্ণ মন, বিধাতাৰ লিখন
দুখ-ভাগৰ পাহৰি সকলো
গুচাই গৈছো দহৰ ভোক
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ
পথাৰ ভৰি থকা এই খেতি চৰকাৰে কৰা নাই
আমাৰ ধাৰৰ বোজা ল’বলৈ কোনো নাই
আমাৰ কথা ভাবিবলৈ কাৰোৱেই আহৰি নাই
তাৰ পিছতো আমি কিয় তুলি লোৱা নাই কৃপাণ
মাজে মাজে ভাগি পৰো হতাশাত
ভাব হয় আজিয়েই আৰম্ভ কৰিম তীব্ৰ প্ৰতিবাদ!
খেতিয়েই আমাৰ জীৱন
খেতিয়েই আমাৰ মৰণ
মূল পাঞ্জাৱী কবিতাৰ ইংৰাজী অনুবাদ কৰিছে অমৃতসৰৰ এগৰাকী স্থপতিবিদ জীনা সিঙে।
সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি আগ্ৰহী অন্তৰা ৰমন এগৰাক চিত্ৰকৰ। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।
ইংৰাজী শ্ৰাব্য: সুধান্বা দেশপাণ্ডে জন নাট্য মঞ্চৰ এগৰাকী অভিনেতা আৰু পৰিচালক তথা লেফটৱৰ্ড বুকচৰ এগৰাকী সম্পাদক।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/খেতিয়কৰ-নিস্তাৰ-নাই-মাটি-বিনে-অসহায়

