যোৱা ডিচেম্বৰৰ দুপৰীয়া এটাৰ কথা। আমাৰ ৰেলখন তেতিয়া নাগপুৰ ৰেলৱে জংছন পাইছিলগৈ। যোধপুৰ-পুৰী এক্সপ্ৰেছখনে নাগপুৰত ইঞ্জিন সলাবলৈ অলপ সময় ৰয়। প্লেটফৰ্মটোত যাত্ৰীৰ এটা দলক মূৰত কিছুমান টোপোলা লৈ থকা দেখা পোৱা গ’ল। তেওঁলোক আছিল কামৰ সন্ধানত পশ্চিম ওড়িশাৰ পৰা অহা ঋতুকালীন প্ৰব্ৰজিত শ্ৰমিক। তেওঁলোকে ছেকেন্দ্ৰাবাদলৈ যাবৰ বাবে ৰেলৰ অপেক্ষা কৰি আছিল। ওড়িশাত খেতি চপোৱাৰ পাছত (ছেপ্টেম্বৰ আৰু ডিচেম্বৰৰ মাজত) বহুতো প্ৰান্তীয় কৃষক আৰু ভূমিহীন কৃষি শ্ৰমিকে তেলাংগনাৰ ইটা ভাটাত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই আহে। বহুজন অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ ভাটালৈকো যায়।
দলটোত থকা ৰমেশে (সম্পূৰ্ণ নামটো দিব খোজা নাছিল) কয় যে প্ৰব্ৰজিত শ্ৰমিকসকল বাৰগঢ় আৰু নুৱাপাৰা জিলাৰ। কান্টাবেঞ্জী, হৰিশংকৰ বা টুৰেকালা ষ্টেশ্যনলৈ বুলি গাঁৱৰ পৰাই তেওঁলোকৰ দীঘলীয়া পথযাত্ৰা আৰম্ভ হয়। ৰেলেৰে প্ৰথমে নাগপুৰলৈ গৈ নাগপুৰত তেওঁলোকে তেলাংগনাৰ ছেকেন্দ্ৰাবাদলৈ যোৱা অন্য ৰেল ধৰে। তাৰ পাচত ইটা ভাটাত উপস্থিত হ’বলৈ তেওঁলোকে চাৰিচকীয়া বাহন সমূহীয়াকৈ ভাৰা কৰে।
কূল দেৱতাক ন-চাউল আগবঢ়াই আগষ্ট-ছেপ্টেম্বৰত উদযাপন কৰা নুৱাখাই উৎসৱৰ ঠিক আগে আগে শ্ৰমিকসকলে ঠিকাদাৰৰ পৰা কিছু আগধন লয় (তিনিগৰাকী প্ৰাপ্তবয়স্কৰ দল এটাৰ বাবে ২০ হাজাৰৰ পৰা ৬০ হাজাৰ। তাৰ পাচত ছেপ্টেম্বৰ আৰু ডিচেম্বৰৰ মাজত তেওঁলোক ইটা ভাটাবোৰলৈ যায় আৰু বাৰিষাৰ দিনত ঘৰলৈ উভতি নহালৈকে তাত প্ৰায় ছমাহ থাকি কাম কৰে। কেতিয়াবা তেওঁলোকে লোৱা আগধনখিনি ঘূৰাবলৈ আৰু বহুদিনৰ বাবে অমানুষিক শ্ৰম কৰিব লগা হয়। এয়া বন্ধুৱা শ্ৰমৰ দৰে এক ব্যৱস্থা।



