শান্তি দেৱীৰ ক’ভিড-১৯ৰ ফলত মৃত্যু হৈছিল বুলি কোনো মৃত্যুৰ প্ৰমাণপত্ৰ নাই বা প্ৰমাণ কৰাৰ আন কোনো উপায় নাই। কিন্তু যি পৰিস্থিতিত তেওঁৰ মৃত্যু হ’ল তাৰ আন কোনো প্রকাৰৰ মীমাংসা নাই।
২০২১ চনৰ এপ্ৰিল মাহত যেতিয়া দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ চূড়ান্ত পৰ্যায়ত আছিল, তেতিয়াই বয়সৰ ফালৰ পৰা চল্লিশৰ মাজভাগত থকা শান্তি দেৱী অসুস্থ হৈ পৰে। লক্ষণবোৰ এটাৰ পিছত এটাকৈ দেখা গৈছিল। প্ৰথমে কাহ আৰু চৰ্দি আৰু তাৰ পিছদিনা জ্বৰ। তেওঁৰ ৬৫ বছৰীয়া শাহু কালাৱতী দেৱীয়ে কয়, "গাওঁখনৰ প্ৰায় সকলোৱেই একে সময়তে অসুস্থ হৈ পৰিছিল, "আমি তাইক প্ৰথমে অনুমতিবিহীন চিকিৎসকৰ (ঝোলা চাপ ডাক্তৰ) ওচৰলৈ লৈ গৈছিলো।"
উত্তৰ প্ৰদেশৰ প্ৰায় প্ৰতিখন গাঁৱতে ঝোলা চাপ বা অনুমতিবিহীনভাবে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক পোৱা যায়। তেওঁলোক হৈছে 'চিকিৎসক', কাৰণ যিবোৰ গ্ৰাম্য অঞ্চলৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ আন্তঃগাঁথনি দুৰ্বল আৰু বেছিভাগ লোকেই মহামাৰীৰ চিকাৰ হৈছে, তেনে অঞ্চলত এইসকল চিকিৎসক সহজে উপলব্ধ। বাৰাণসী জিলাৰ দাল্লিপুৰ গাঁৱত বাস কৰা কালাৱতীয়ে কয়, "আমি সকলোৱে ভয় খাইছিল যে আমাক এটা আচুতীয়া (কোৱাৰেণ্টাইন) কেন্দ্ৰত ৰখা হ'ব আৰু সেই ভয়তে কোনেও চিকিৎসালয়লৈ যোৱা নাছিল। চৰকাৰী চিকিৎসালয়সমূহ ৰোগীৰে ভৰি আছিল। তাত কোনো খালি বিচনা উপলব্ধ নাছিল। গতিকে আমি কেৱল অনুমতিবিহীন চিকিৎসকৰ (ঝোলা চাপ ডাক্তৰ) ওচৰলৈহে যাব পাৰিছিলো।"
কিন্তু এই 'চিকিৎসকসকল' অপ্ৰশিক্ষিত, অৰ্হতাহীন, সেয়ে গুৰুতৰভাৱে অসুস্থ ৰোগীৰ চিকিৎসা কৰাত অক্ষম।
অনুমতিবিহীন চিকিৎসকক (ঝোলা চাপ ডাক্তৰ) দেখা কৰাৰ তিনিদিন পিছত শান্তিৰ উশাহ-নিশাহৰ সমস্যা আৰম্ভ হৈছিল। তেতিয়াই শান্তিৰ স্বামী মুনিৰ, কালাৱতী আৰু পৰিয়ালৰ আন সদস্যসকল সন্ত্রাসিত হৈ পৰিছিল। তেওঁলোকে শান্তিক তেওঁলোকৰ গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা বাৰাণসীৰ পিন্দ্ৰা খণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল।"কিন্তু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে তাইৰ অৱস্থালৈ চাই ক'লে যে কোনো আশা নাই। আমি ঘৰলৈ আহি জৰা-ফুকা আৰম্ভ কৰিছিলো," কালাৱতীয়ে ঝাড়ুৰে জৰা-ফুকা কৰি ৰোগ দূৰ কৰাৰ এক পুৰণি, অবৈজ্ঞানিক প্ৰথাৰ কথা উল্লেখ কৰি কয়।
কিন্তু সেই জৰা-ফুকাও কামত নাহিল; সেই নিশাই শান্তিৰ মৃত্যু হ’ল।








