‘অ’, তেওঁ আমাৰ ‘অতিথিশালা’টো চাবলৈ আহিছে,’ ৰাণীয়ে তাইৰ ৰুমমেট লাৱণ্যক ক’লে। আমাৰ সাক্ষাতৰ কাৰণ জানিব পাৰি দুয়োয়ে স্বস্তিৰ নিশ্বাস এৰিছে।
আমি জানুৱাৰীৰ প্ৰথমভাগত মাদুৰাইৰ টি. কাল্লুপট্টি ব্লকৰ কূৱালাপুৰম গাঁৱৰ সেই অতিথিশালাৰ বিষয়ে সোধপোচ কৰোঁতে মানুহৰ মাজত কোৱা-কুই লাগিল। দূৰত বাৰান্দা এখনত বহি থকা দুগৰাকী মহিলাৰ ফালে আঙুলিয়াই মতা মানুহবোৰক ফুচফুচাই কথা কোৱা শুনা গ’ল।
‘সেইটো সিটো মুৰত আছে, যাওঁ আহক,’ মহিলাগৰাকীয়ে গাওঁখনৰ এটা মুৰে আধা কিলোমিটাৰমান দূৰত থকা ঘৰটোলৈ বাট দেখুৱালে। দুটা আচুতীয়া কোঠালীৰে সেই ‘অতিথিশালা’টো দেখাত জৰাজীৰ্ণ যেনেই লাগিল। চৌহদত নিম গছ এডালৰ ডালবোৰত ওলমাই থোৱা পলিথিনৰ মোনাবোৰে কৌতূহল বঢ়াই তুলিলে।
সেই অতিথিশালাৰ ‘আলহী’ হৈছে ঋতুশ্ৰাৱ হোৱা মহিলা। অৱশ্যে তেওঁলোকে ইয়ালৈ আমন্ত্ৰণমৰ্মে বা স্বইচ্ছাই নাহে। তেওঁলোকক তাতে থাকিবলৈ বাধ্য কৰোৱা হয়। মাদুৰাই চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ ৩০০০ লোকৰ জনবসতিৰ এই গাওঁখনৰ মানুহৰ কঠোৰ নিয়ম এয়া। অতিথিশালাটোত আমি দুগৰাকী মহিলা পালো, ৰাণী আৰু লাৱণ্য (তেওঁলোকৰ আচল নাম নহয়)। তেওঁলোক দুজন ইয়াতে অহা পাঁচ দিনলৈ থাকিব লাগিব। আকৌ পুষ্পিতা হোৱা ছোৱালীক এই ঘৰটোত এমাহলৈ আৱদ্ধ কৰি ৰখা হয়। একেদৰে প্ৰসূতিৰ লগতে সন্তান জন্ম দিয়া মহিলাকো সন্তানসহিতে সম্পূৰ্ণ এমাহ ইয়াত ৰখা হয়।
‘আমি আমাৰ মোনাবোৰ কোঠালীতে আমাৰ সৈতে ৰাখো,’ ৰাণীয়ে কয়। সেই মোনাবোৰত পাত্ৰ থাকে, সেয়া মহিলাই ঋতুশ্ৰাৱৰ সময়ত ব্যৱহাৰ কৰে। খাদ্য ইয়াত ৰন্ধা নহয়। প্ৰায়ে চুবুৰীয়াই ৰন্ধা বা ঘৰৰ পৰা অনা খাদ্য এই পাত্ৰতে অনা হয়। শাৰীৰিক স্পৰ্শ নহ’বলৈ পাত্ৰবোৰ এনেদৰে নিম গছডালত ওলমাই থোৱা হয়। প্ৰতিজন ‘আলহী’ৰ বাবে পাত্ৰ বেলেগ বেলেগ। আনকি একে পৰিয়ালৰ হ’লেও পাত্ৰ বেলেগ বেলেগ হয়। কিন্তু কোঠা তাতে দুটাই। তাতেই সকলোৱে একেলগে থাকিবলগীয়া হয়।











