উজ্জ্বল ৰঙা ৰঙেৰে দোকাখন ৰং কৰা আছে: নাম দিছে কে.এফ.চি.।
এইখন দোকানত পোৱা সুস্বাদু খাদ্যৰ ভাৰ প্ৰয়াত কলনেল চেণ্ডাৰ্ছে লোৱা নাই, য’ত কে.এফ.চি.ৰ কে মানে ‘কেণ্টাকি’। এইজন হৈছে কুলামৰাৰ ৩২ বছৰ বয়সীয়া বিমান দাস, তেওঁ এই ৰেষ্টোঁৰাখন চলায়।
চৰকাৰী নথিত নতুন কুলামৰা চাপৰি বুলি থকা এই গাওঁখন অসমৰ নদীদ্বীপ মাজুলীৰ অন্তৰ্গত। কেৱল কুলামৰা গাঁৱৰ কৃষক আৰু কৃষিশ্ৰমিক হিচাপে জীৱিকা নিৰ্বাহ কৰা ৪৮০ জন মানুহ (২০১১ৰ লোকপিয়ল)ৰ বাদেও মাজুলীলৈ অহা অতিথিয়েও এইখন কে.এফ.চি.ৰ ব্যঞ্জনৰ সোৱাদ লয়। ট্ৰেভেল গাইডবোৰত এইখন দোকানৰ ৰেটিং বহুত ভাল।
“২০১৭ত মই কে.এফ.চি.খন এখন ঠেলাত আৰম্ভ কৰিছিলোঁ,” ২০২২ৰ মে’ মাহৰ গ্ৰীষ্মৰ আবেলি এটাত বিমানে তেওঁৰ ৰেষ্টোঁৰাখনত ৰাতিৰ আহাৰ সাজু কৰাৰ কাৰণে খুলি থাকোতে আমাক কয়। বেৰবোৰ উজ্জ্বল ৰঙা ৰং দিয়া আছে, ভিতৰে-বাহিৰে। ছাগলী, হাঁহ আৰু গৰু-ম’হ বাহিৰৰ তপত ৰ’দত চৰি ফুৰিছে।











