‘আমি আমাৰ মাটিত কোনোধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। কীট-পতংগ মাৰিবলৈ মাটিত বিহ ঢালিব নালাগে। গুণাগুণ ঠিক থকা মাটিয়ে নিজেই নিজৰ যত্ন ল’ব পাৰে,’ নিয়ামগিৰি পৰ্বতৰ ১.৫ কিলোমিটাৰ পূৱে খেতিমাটি থকা মহেন্দ্ৰ নাউৰিয়ে কয়। ‘আপোনাক মাত্ৰ এডাল আহত গছ লাগে যিয়ে চৰাই-চিৰিকতি, সৰীসৃপ, ভেকুলী আদিক আশ্ৰয় দিয়ে। সিবোৰেই আমাৰ শস্যৰ অপকাৰ কৰা কীট-পতংগক নিয়ন্ত্ৰণলৈ আনিব।’
দক্ষিণ-পশ্চিম ওড়িশাৰ ৰায়াগড়া জিলাৰ বিশামকট্টক খণ্ডৰ প্ৰায় ১০০ ঘৰ পৰিয়াল থকা কেৰান্দিগুড়া গাঁৱত মহেন্দ্ৰৰ দুই একৰ মাটি আছে। ইয়াৰে প্ৰায়ভাগ লোকেই কন্ধ আদিবাসী সম্প্ৰদায়ৰ যদিও নাউৰি পৰিয়ালটো ডৰা সম্প্ৰদায়ৰ।
তেওঁলোকৰ মাটিত ৩০ বৰ্ষীয় মহেন্দ্ৰ আৰু তেওঁৰ ৬২ বৰ্ষীয় পিতৃ লোকনাথে ৩৪ বিধ বিভিন্ন প্ৰজাতিকে ধৰি সৰ্বমুঠ ৭২ বিধ উপ-প্ৰজাতিৰ খেতি কৰে। নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে তেওঁলোকে মাটি ডৰাৰ বিভিন্ন ভাগত বিভিন্ন খেতি কৰে। তেওঁলোকে কৰা শস্যৰ ভিতৰত আছে জোৱাৰ জাতীয় শস্য (চুৱান আৰু চিক্ৰা), দাইল(ৰহ আৰু গ্ৰীণ গ্ৰামকে ধৰি), তেল (যেনে চানাদাল, সূৰ্যমুখী, বাদাম আদি), হালধি, আদা, সেউজ শাক-পাচলি, বিলাহী, বেঙেনা ইত্যাদি। ‘আমি খাদ্যৰ বাবে কেতিয়াও বজাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়,’ মহেন্দ্ৰই কয়।
নিয়ামগিৰি পাহাৰৰ পৰা বৈ অহা নৈ-নিজৰাৰ পানী গাঁৱৰ মানুহে ব্যৱহাৰ কৰে। খেতি পথাৰলৈ পানী বোৱাই আনিবলৈ তেওঁলোকে শিলেৰে পানীৰ সোঁতৰ দিশ সলায়। ‘যোৱা চাৰিটা বছৰত ইয়াত জলবায়ুৰ বিৰূপ প্ৰভাৱ পৰিছে,’ লোকনাথে কয়। ‘কিন্তু সকলো প্ৰতিকূল পৰিৱেশৰ মাজেৰে আমাৰ খেতি টিকি থাকিব পাৰিছে। মই কাৰো পৰা ঋণ ল’বলগীয়া হোৱা নাই। ইয়াৰ কাৰণ হৈছে আমাৰ পাৰম্পৰিক কৃষি পদ্ধতি।’ পৰিয়ালটোৱে নিজৰ উৎপাদিত শস্যৰেই ঘৰৰ আৱশ্যকতা পূৰণ কৰে আৰু ৰৈ যোৱা অৱশিষ্টখিনি মুনিকুড়া আৰু বিশামাকটকৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে।





