‘মোৰ ভয় হয়, আমাৰ ল’ৰা-ছোৱালীয়ে কেৱল চেগুন গছ (বন বিভাগে ৰোপণ কৰা) দেখিয়েই ডাঙৰ হ’ব। গছ-লতা-বন আৰু জীৱ-জন্তুৰ বিষয়ে আমাৰ পাৰম্পৰিক জ্ঞান সিহঁতৰ নাথাকিব,’ মধ্যপ্ৰদেশৰ উমাৰৱাড়া গাঁৱৰ লিচিবাঈ উইকে কয়।
সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰে ১৮৬৪ত স্থাপন কৰা ভাৰতৰ বন বিভাগটো দেশৰ ভিতৰতে সৰ্বাধিক ভূমিৰ অধিকাৰী। বন আইন প্ৰণয়ন জৰিয়তে এটা শতিকাজুৰি বিভাগটোৱে সংৰক্ষণ আৰু বাণিজ্য (যেনে কাঠ বিক্ৰীৰ নামত)ৰ নামত বন দখল কৰি আহিছে, আদিবাসী আৰু অইন বন বাসিন্দাক অপৰাধী সজাইছে আৰু তেওঁলোকক পৰম্পৰাগত ভূমিৰ পৰা উচ্ছেদ কৰি আহিছে।
বনাঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহ (প্ৰায় ডেৰ কোটি ভাৰতীয়)ক এই ‘ঐতিহাসিক অন্যায়’ৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক ভোগদখলৰ অধিকাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকক বন সংৰক্ষণ আৰু নিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ উদ্দেশ্যে ২০০৬ৰ বন অধিকাৰ আইন’ৰ দৰে সংশোধনীমূলক আইনো কাৰ্যকৰী কৰা হয়। কিন্তু এনে আইনৰ প্ৰায়ভাগ দফাৰেই ৰূপায়ণ শোচনীয়।










