গোঠী গাঁৱৰ মানুৰ মূল ঠেক পথটোৰ দুযোকাষে থকা প্ৰতিঘৰ মানুহৰ পদুলি মূৰত ভঙা শিলগুটিৰ একোটা দম আৰু কিছুমান থৈলা দেখা যাব।পঢ়ি থকা ছাত্রীকে ধৰি সকলো বয়সৰ মহিলাক এতিযা এই কর্কশ শিলৰ দমৰ এপৰত বহি থকা দেখা যাব আৰু হাতুৰী-চেপেনাৰ সহায়ত তেওঁলোকে শিল ভাঙি থাকে। পাহাৰ বা নদীৰ পৰা শিলবিলাক আনি দিয়াৰ পিচত ঘৰৰ বাহিৰত ঠেক পথটোৰ কাষত পুৰুষ সকলে কেৰম বা তাচপাত খেলি থাকে।

উত্তৰাখণ্ডৰ পূৱ পিথোৰাগড় জিলাৰ জৌলজিবি বজাৰ এলেকাৰ পৰা ধাৰচুলা চহৰলৈ যোৱাৰ পথত কালিকা গাঁও পঞ্চায়তৰ এখন গাওঁ হ'ল গোঠী। জৌলজিবিত কালি আৰু গৌৰী নদী দুখনৰ মিলন হৈছে, প্ৰতিনিয়ত ইয়াত পানীৰ শব্দ শুনা যায়। সংকীৰ্ণ ফুট ব্রীজ এখনো সংলগ্ন কৰিছে দুখন দেশক, কেইমিটাৰ নিলগতে এয়া নেপাল। দুয়োপাৰে বাসকৰা মানুহৰ জীৱন যেনেকৈ অস্থিৰ, এই ফুট ব্রীজখনো তেনেকৈ অস্থিৰ।

Woman on road outside house. Road lined with stacked stones
PHOTO • Arpita Chakrabarty

ঘৰ সজা আৰু ৰাস্তা-ঘাট নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা শিলৰ দমবোৰ প্ৰত্যেকঘৰ মানুহৰ চৌহদত দেখা গৈছে

চৰকাৰী বিদ্যালয়ৰ ৰান্ধনি ৩২ বছৰীযা ফুলমতী হুনাৰে কলে, এই অঞ্চলত এটা চাকৰি বিচাৰি পোৱা বৰ টান। গ্রীষ্মকালত আমি হিমালয়ৰ উচ্চ পাদদেশত থকা ঘৰলৈ ঘূৰি যাও। ভাৰত-চীন সীমান্তত হিমালয়ৰ উচ্চ পাদভূমিত দাৰমা উপত্যকাত এই গাওঁসমূহ অৱস্থিত।

মে মাহৰ মাজভাগৰ পৰা প্ৰায়৪৫ দিনৰ বাবে এই স্থানত ২৫০০ মিটাৰ উচ্চতাত বহুতো পৰিয়ালে যাৰছাগুম্বা সংগ্রহ কৰে। যাৰছাগুম্বা হল ঔষধি গুণাসম্পন্ন এবিধ মূল্যৱান ভেকুঁৰ, তথাপিও আন্তর্জাতিক বজাৰত মূল্য থকা এই বিধ ভেকুঁৰ সামান্য পৰিমাণে সংগ্রহ কৰাৰ বৈধতা আছে। কুমাওঁ অঞ্চলৰ বজাৰত বিক্রীৰ বাবে ইয়াৰ মানুহে খাদ্যৰূপে ব্যৱহাৰ কৰিব বিচৰা কিছুমান শাক সংগ্রহ কৰে। ফুলমতীযে কয়, এই পাহাৰী বন-শাক বিক্রী কৰি আমি কিছু উপাৰ্জন কৰো। কিন্তু ঘৰখন চলোৱাৰ বাবে এই উপাৰ্জন পৰ্যাপ্ত নহয়। সেয়ে আমি শিলভাঙো আৰু বিক্রী কৰো।

স্থানীয় মধ্যস্থতাকাৰীয়ে এই ভঙাশিলগুটিবোৰ ক্রয় কৰি ঘৰ আৰু পথ নির্মাণ কৰা ঠিকাদাৰক বিক্রী কৰে। শিলভঙা কাম গোটেই বছৰ চলি থাকে। বিশেষকৈ ২০১৩ ৰ ভয়াবহ বানৰ পিছত শিলভঙা বৃদ্ধি পাইছে। সেই বছৰৰ জুন মাহত সমগ্র উত্তৰাখণ্ডত অভূতপূর্ব বৃষ্টিপাত হৈছিল। ধাৰচুলা উন্নয়ন খণ্ডৰ গোঠী, নয়া বস্তি, কালিকা আৰু বালৱাকোট বহুতো ঘৰ আৰু বাট-পথ কালি নদীৰ দোকোলটকা পানীয়েউটুৱাই লৈ গৈছিল। ঘৰ আৰু বাট-পথ পুনৰ নির্মাণত এই শিলবোৰ ব্যৱহাৰ কৰা হৈছে- তেনেদৰে নতুন বাট-পথো নির্মিত হৈছে।

এক বস্তা ভঙা শিলৰ পৰা ৪৫ টকা পোৱা যায় বুলি ফুলমতীযে কয়। এদিন এনেকুৱা দুটা বস্তা ভর্তি কৰিব পাৰি। কিছুমান মহিলাই দিনে তিনি বস্তাকৈ শিলগুটি বিক্ৰীকৰিব পাৰে। শিল ভাঙিবলৈ বহুত সময় লাগে, ইফালে ঘৰুৱা কাজবোৰ সমানে কৰি যাব লগীয়া হয়। বিদ্যালয়ত কনীৰ আঞ্জা প্ৰস্তুত কৰাৰ মাহতে ফুলমতীয়ে এই কথাবোৰ কৈ যায়।

Woman breaking stones
PHOTO • Arpita Chakrabarty
Woman breaking stones with hammer and clamp.
PHOTO • Arpita Chakrabarty

৬৫ বৰ্ষীয় বাতুলি দেবীয়ে এডাল হাতুৰী আৰু এডাল বটালিৰে শিল ভাঙে, কোনো সুৰক্ষাকবচো নিপিন্ধাকৈ, কেতিয়াবা শিলৰ সৰু টুকুৰা চকুত সোমায়, আঙুলিতো আঘাত পায়

গোঠীৰ এটা সৰু পথত দুগৰাকী মহিলাই শিলৰ টুকুৰাবোৰ ডাঙৰ চেপেনাৰে ধৰি তললৈ নমাই আনি ডাঙৰ শিল এটাৰ ওপৰত থৈ হাতুৰীৰে ভাঙিছে। শিলবোৰ ভাঙি টুকুৰা-টুকুৰ হৈছে। ধূলিযে তেওঁলোকৰ হাত-ভৰি আৰু মুখমণ্ডল পুতি পেলাইছে। শিলভঙাৰ সময়ত তেওঁলোকে গ্লাছ বা মাস্ক (হাতত বা মুখত) ব্যৱহাৰ নকৰে। কেতিয়াবা শিলৰ সৰু টুকুৰা আহি আমাৰ চকুত সোমায় আৰু আমি ততালিকে ইয়াৰ পৰা ছয় কিলোমিটাৰ দূৰত থকা ধাৰচুলা চিকিত্সালয়লৈ যাওঁ। কেতিয়াবা শিলভাঙোতে আমাৰ আঙুলি জখম হয়। এনেকুৱা ঘটনাদৈনিক ঘটি থাকে। এয়া৬৫বছৰ বয়সীযা বাতুলি দেৱীৰ কথা। ইতিমধ্যে বেলি লহিয়ালে, বাতুলি দেৱীয়ে এবস্তা শিল ভৰ্তি কৰিলে। তেওঁ কয় য়ে বেলিৰ পোহৰ থকালৈকে তেওঁ শিলভাঙি যাব।

শিলৰ বর্দ্ধিত চাহিদাৰবাবেই নহয়, পৰম্পৰাগত শৈলীৰে হাতেৰে তৈয়াৰ কৰা সামগ্রীৰ চাহিদা নিম্নগামী হোৱাৰ বাবেও গোঠীৰ মহিলাসকলে শিলভঙা কামক পূর্ণকালীন জীৱিকা ৰূপে গ্রহণ কৰিছে। ইয়াৰ অধিকাংশ মহিলা ভূটিযা জনজাতিৰ। নৈপূণ্যতাৰ বাবে তেওঁলোক জনাজাত আছিল। প্ৰতিগৰাকী ভাল শিপিনী, তেওঁলোকে যিকোনো বস্তু হাতে বৈ সৃষ্টি কৰিব পাৰে। কঠ, কম্বল, ছুয়েটাৰৰ পৰা আৰম্ভ কৰি ভৰিত পিন্ধা মোজালৈকে। অঞ্চলটোত থকা ভেড়া ছাগলীৰ নোমেৰে তৈয়াৰ কৰিছিল। তাঁতশালত বহিবলৈ প্ৰতিগৰাকী ভূটিযা মহিলাই ভাল পায়। ইয়াৰ জৰিয়তে তেওঁলোকে উপার্জনো কৰিছিল। এই হাতৰ কলাই তেওঁলোকৰ বাবে সন্মানো কঢ়িযাই আনিছিল।সেইদিনবোৰ এতিযা এৰি অহা অতীত হৈ পৰিল বুলি বাতুলি দেৱীযে হুমুনিযাহ কাঢ়ে।

কাঠৰ তাঁতশালবোৰ বানপানীত ভাঁহি গ'ল বা নষ্ট হৈছে,নতুনকৈ তৈয়াৰ কৰি লব লাগিব। বহুতৰ ঘৰৰ চুকত তাঁতশাল এতিয়া ধূলিৰে ঢাক খাই পৰিআছে। বানৰ ধবংসলীলাৰ মাজতো বাচি যোৱা দুই এখন তাঁতশাল আছে যদিও সেয়া শ বছৰীয়া পুৰণি। মাতৃৰ পৰা কন্যালৈ শাহুৰ পৰা বোৱাৰীলৈ সেইবোৰ হাত বাগৰি আহিছে। একেদৰে শিপিনীৰ পৰাও এটা প্ৰজন্ম পৰা আন এটা প্ৰজন্মলৈ আহি আছে। ৫২ বছৰীয়া কিচমাটি দেৱীযে কলে,একো নাথাকিলে ভূটীযা ছোৱালীহঁতে তাঁত বোৱা বা সুৰা তৈয়াৰ কৰা (ঘেহুঁৰ পৰা) কেনেকৈ শিকিব।

Woman weaving carpet outside her home.
PHOTO • Arpita Chakrabarty
Woman weaving a carpet inside her home.
PHOTO • Arpita Chakrabarty

চিন্থেটিক কাপোৰৰ পয়োভৰৰ ফলত হাতেবোৱা কাপোৰে ফেৰ মাৰিব নোৱাৰা হৈছে, কিন্তু আৰতি বন্যা (বাওফালে) আৰু কুষ্মা কুটিয়ালৰ দৰে (সোফালে) শিপনীয়ে মাজে-সময়ে কৰি আহিছে

খাঁটি উলেৰে ডাঠ কম্বল চুটখা তৈযাৰ কৰিছিল বুলি কলে ফুলমতীযে আৰু সেইবোৰ নবেম্বৰ মাহত জোলজিৱি মেলাত বিক্ৰী কৰিছিল। কম্বলবোৰ গধূৰৰ, কুমাওঁৰ শীতল জলবায়ুৰ বাবে ব্যৱহাৰৰ উপযোগী আছিল। আমাৰ দেউতাহঁত বা দাদহঁতে আলমোৰা আৰু পিথোৰাগড় চহৰলৈ গৈ চুটখা (কম্বল)বোৰ বিক্রী কৰিছিল।প্ৰতিখনৰ দাম ৩৫০০ টকাৰ পৰা ৬০০০ টকা দাম পৰ্যন্ত উঠে।দাম নির্ভৰ কৰে উলৰ গুনাগুণৰ ওপৰত। কিন্তু একোখন চুটখাপ্ৰস্তুত কৰিবলৈ অতি কষ্ট কৰিব লাগে আৰু সময়ো বহুত লাগে। ফুলমতীৰ মাতৃ সুপ্পু দেৱীযে এইদৰে কয়। তেও কয়যে গোটেই দিনটো যদি তাঁতশালত বহে, তেতিযাও এখন চুটখা সম্পূর্ণ কৰিবলৈ ১৫-২০ দিন লাগে। কেতিয়াবা এখন চুটখা সম্পূর্ণ কৰিবলৈ তিনিমাহ পৰ্যন্ত সময়ৰ দৰকাৰ হয়।

Woman holding up weaving thread outside her home.
PHOTO • Arpita Chakrabarty

চুটখা তৈয়াৰ কৰাৰ বাবে সুতাৰ সৈতে সুপ্পু দেৱী, এখন সুটখা ১০০ বছৰলৈ থাকে

ইমান কষ্টকৰভাবে তাঁতশালত বোৱা কম্বলবোৰ বিক্রী নোহোৱা হৈছে। কম্বল বা লেপ আজিকালি সস্তা দামত পোৱাৰ পাছত একোখন চুটখাত ২০০০ টকাতকৈ বেছি কোনেও দিব নিবিচাৰে। এইদৰে কয় সুপ্পু দেৱীযে। একোখন চুটখা ১০০ বছৰ পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ উপৰিও মহিলাসকলে পৰম্পৰাগত পদ্ধতিৰে থুলমা (আন এবিধ কম্বল) পাত্তু (মোটা উলৰ ৰাগ), পানখি (গাত লোৱা গৰম চাদৰ), ডান (কার্পেট) আৰু আছান (প্ৰার্থনা কৰোতে বহা কঠ) তৈয়াৰ কৰে।উজ্বল জ্যামিতিক আর্হি, মাংগলিক প্ৰতীক আৰু ফুলৰ তিব্বতীযা চিত্র কলাৰে সাদৃশ্য থকা শৈলীৰে কঠ আৰু কার্পেটবোৰ ৰুচিসম্পন্ন ভাবে আলংকৃত কৰা হয়।

সম্প্রতি ৰাগ বা কঠ তৈয়াৰ কৰিবলৈ কেতিয়াবাহে তাঁতশালবোৰ ব্যৱহৃত হয়। দীঘল, ঠেক আৰু নিশ্চিদ্রভাৱে প্ৰস্তুত কৰা দুখন আছান ২০,০০০ টকাত বিক্রী কৰিব পাৰি আৰু ডাঙৰ কার্পেটবোৰৰ দাম বেচি হব। কিন্তু ক্রেতাৰ সংখ্যা একেবাৰে সীমিত। এতিযা কুমাঁওবাসীৰ ঘৰতো পৰম্পৰাগত থলুৱাভৱে প্ৰস্তুত কৰা উলৰ সামগ্রীৰ ঠাই লৈছে পাঞ্জাৱকে ধৰি সমতলৰ পৰা অহা তথা ভাৰত চীন সীমান্তৱর্তী বানিজ্যিৰ পৰা অনা নিম্নমানৰ ছিন্থেটিক কম্বল, চাদৰ আৰু ৰাগে। ভূটীযা সম্প্রদায়ৰ নিজৰ পূজা বা উত্সৱ উপলক্ষে এতিয়া মহিলাসকলে চুটখা তৈয়াৰ কৰে।

Carpet on floor
PHOTO • Arpita Chakrabarty
Woman showing a thick banket (chutka) inside her home.
PHOTO • Arpita Chakrabarty

ভূটীয়া সম্প্ৰদায়ৰ মহিলাই তৈয়াৰ কৰা এনে ৰাগ বোওতে ছমাহ পৰ্যন্ত সময় লাগে, সোফালে ফুলমতি হুনাৰে নিজহাতে বোৱা চুটখা এখন দেখুৱাইছে

ঘৰৰ পৰা ৰাজহুৱা পথলৈ ওলাবলৈ আৰু শিলভাঙিবলৈ আমিও ভাল নাপাও, কিন্তু বাদে উপাৰ্জন কৰাৰ বেলেগ কোনো উপায় আমাৰ ওচৰত নাই। বাতুলি দেৱীয়ে অলপ ওচৰতে শিলভাঙি থকা শান্তি দেৱীযে আমাক এইদৰে কয়। এতিয়া বাতুলি দেৱীৰ হাতত মাকোৰ পৰিৱর্তে শিলভঙা হাতুৰী আৰু চেপেনা। শিলভর্তি ভালেমান বস্তাৰ কাষতে দুজন লোককে বস্তাবোৰত শিলভর্তি কৰিবলৈ তেতিয়া ব্যস্ত হৈ আছিল।

পিথোৰাগড় জিলাৰ ধাৰচুলা আৰু মুনস্যাৰি উন্নয়ন খণ্ডৰ যতে ততে ভঙা শিলগুটিৰ দমবোৰ দেখা যায়। গগনচুম্বী পাহাৰ কাষত উন্নুক্ত আকাশৰ তলত মহিলা আৰু কিশোৰী যুৱতীযে শিলভাঙিছে, তেওঁলোকৰ সন্মুখত বিস্তীর্ণ ভূণ্ডল, কিন্তু জীৱিকাৰ জীৱন, সমস্যাই তেওঁলোকক শিল ভাঙিবলৈ বাধ্য কৰাইছে। তাঁতশালত সৰগৰ চানেকী ৰচা স্ৰষ্টা ৰূপন্তৰিত হৈছে শিল ভঙাৰ ৰু্ঢ় কঠিন দৈনন্দিন অভ্যাসলৈ।

অনুবাদঃ ৰশ্মি ৰেখা দাস

Arpita Chakrabarty

ଲେଖକ ପରିଚୟ: ଅର୍ପିତା ଚକ୍ରବର୍ତ୍ତୀ ଜଣେ କୁମାଓନ ଭିତ୍ତିକ ମୁକ୍ତବୃତ୍ତ ସାମ୍ବାଦିକା ଏବଂ ୨୦୧୭ର ପରୀ ବ୍ୟକ୍ତିବିଶେଷ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Arpita Chakrabarty