গোঠীৰ এটা সৰু পথত দুগৰাকী মহিলাই শিলৰ টুকুৰাবোৰ ডাঙৰ চেপেনাৰে ধৰি তললৈ নমাই আনি ডাঙৰ শিল এটাৰ ওপৰত থৈ হাতুৰীৰে ভাঙিছে। শিলবোৰ ভাঙি টুকুৰা-টুকুৰ হৈছে। ধূলিযে তেওঁলোকৰ হাত-ভৰি আৰু মুখমণ্ডল পুতি পেলাইছে। শিলভঙাৰ সময়ত তেওঁলোকে গ্লাছ বা মাস্ক (হাতত বা মুখত) ব্যৱহাৰ নকৰে। কেতিয়াবা শিলৰ সৰু টুকুৰা আহি আমাৰ চকুত সোমায় আৰু আমি ততালিকে ইয়াৰ পৰা ছয় কিলোমিটাৰ দূৰত থকা ধাৰচুলা চিকিত্সালয়লৈ যাওঁ। কেতিয়াবা শিলভাঙোতে আমাৰ আঙুলি জখম হয়। এনেকুৱা ঘটনাদৈনিক ঘটি থাকে। এয়া৬৫বছৰ বয়সীযা বাতুলি দেৱীৰ কথা। ইতিমধ্যে বেলি লহিয়ালে, বাতুলি দেৱীয়ে এবস্তা শিল ভৰ্তি কৰিলে। তেওঁ কয় য়ে বেলিৰ পোহৰ থকালৈকে তেওঁ শিলভাঙি যাব।
শিলৰ বর্দ্ধিত চাহিদাৰবাবেই নহয়, পৰম্পৰাগত শৈলীৰে হাতেৰে তৈয়াৰ কৰা সামগ্রীৰ চাহিদা নিম্নগামী হোৱাৰ বাবেও গোঠীৰ মহিলাসকলে শিলভঙা কামক পূর্ণকালীন জীৱিকা ৰূপে গ্রহণ কৰিছে। ইয়াৰ অধিকাংশ মহিলা ভূটিযা জনজাতিৰ। নৈপূণ্যতাৰ বাবে তেওঁলোক জনাজাত আছিল। প্ৰতিগৰাকী ভাল শিপিনী, তেওঁলোকে যিকোনো বস্তু হাতে বৈ সৃষ্টি কৰিব পাৰে। কঠ, কম্বল, ছুয়েটাৰৰ পৰা আৰম্ভ কৰি ভৰিত পিন্ধা মোজালৈকে। অঞ্চলটোত থকা ভেড়া ছাগলীৰ নোমেৰে তৈয়াৰ কৰিছিল। তাঁতশালত বহিবলৈ প্ৰতিগৰাকী ভূটিযা মহিলাই ভাল পায়। ইয়াৰ জৰিয়তে তেওঁলোকে উপার্জনো কৰিছিল। এই হাতৰ কলাই তেওঁলোকৰ বাবে সন্মানো কঢ়িযাই আনিছিল।সেইদিনবোৰ এতিযা এৰি অহা অতীত হৈ পৰিল বুলি বাতুলি দেৱীযে হুমুনিযাহ কাঢ়ে।
কাঠৰ তাঁতশালবোৰ বানপানীত ভাঁহি গ'ল বা নষ্ট হৈছে,নতুনকৈ তৈয়াৰ কৰি লব লাগিব। বহুতৰ ঘৰৰ চুকত তাঁতশাল এতিয়া ধূলিৰে ঢাক খাই পৰিআছে। বানৰ ধবংসলীলাৰ মাজতো বাচি যোৱা দুই এখন তাঁতশাল আছে যদিও সেয়া শ বছৰীয়া পুৰণি। মাতৃৰ পৰা কন্যালৈ শাহুৰ পৰা বোৱাৰীলৈ সেইবোৰ হাত বাগৰি আহিছে। একেদৰে শিপিনীৰ পৰাও এটা প্ৰজন্ম পৰা আন এটা প্ৰজন্মলৈ আহি আছে। ৫২ বছৰীয়া কিচমাটি দেৱীযে কলে,একো নাথাকিলে ভূটীযা ছোৱালীহঁতে তাঁত বোৱা বা সুৰা তৈয়াৰ কৰা (ঘেহুঁৰ পৰা) কেনেকৈ শিকিব।