সোমবাৰৰ এটি উষ্ম ৰাতিপুৱা ৭ বজাত বন্দনা কলি আৰু গায়ত্ৰী পাটিলে মুম্বাইৰ ছাছুন ডকৰ সেতুখনত মাছ কঢ়িয়াই অনা নাওখন অহালৈ উৎকণ্ঠাৰে বাট চাই ৰৈছে।
তেওঁলোকে সেইদিনা ৰাতিপুৱা কোলাবাৰ কলিৱাড়া অঞ্চলত থকা তেওঁলোকৰ ঘৰৰপৰা জাহাজঘাটলৈ মাছ নিবলৈ প্ৰায় দুই কিলোমিটাৰ খোজকাঢ়ি আহিছে। এয়া হ’ল তেওঁলোকৰ সপ্তাহৰ পাঁচদিন তেওঁলোকৰ নিত্যনৈমিত্তিক কাম – সতেজ মাছবোৰ কিনা আৰু সেইবোৰ ওচৰৰ বজাৰত বিক্ৰী কৰা (মঙলবাৰ আৰু বৃহস্পতিবাৰে বহুতে মাছ নাখায় কাৰণে বিক্ৰী কম হয়, তেওঁলোকে কয়)।
“দেওবাৰবোৰত আমাৰ ব্যৱসায় আটাইতকৈ ভাল হয়, কিন্তু যোৱাকালি মোৰ বিশেষ লাভ নহ’ল। মই এই লোকচান পূৰাব লাগিব নহ’লে আমি এই সপ্তাহৰ ৰচদ-পাতি গোটাবৰ বাবে বহুত কষ্ট কৰিব লাগিব।” ৫৩ বছৰীয়া বন্দনাই কয়। তেওঁ আৰু ৫১ বছৰীয়া গায়ত্ৰী দুয়োগৰাকীয়েই কলি সম্প্ৰদায় (মহাৰাষ্ট্ৰৰ এক পিছপৰা সম্প্ৰদায় হিচাপে তালিকাভুক্ত)ৰ আৰু ২৮ বছৰ ধৰি তেওঁলোকৰ বন্ধুত্ব অটুট আছে।
জাহাজঘাটটোত নাওবোৰ লাগিবলৈ আৰম্ভ কৰে আৰু তাত বাট চাই থকা প্ৰায় ৪০-৫০ গৰাকী মহিলাই মাছৰ নিলাম কৰোঁতাসকলৰ চাৰিওফালে গোট খায়হি। মাছৰ নিলাম কৰোঁতাসকল হ’ল কিছুমান মধ্যভোগী যি নাৱৰ গৰাকী বা মাছমৰীয়াসকলক মাছ বিক্ৰী কৰে। “চল, আতা দে ২০০ মাধে (আহ, এয়া ২০০ টকাত দে),” বন্দনাই কয়। তেওঁ অলপ মিছামাছ ২৪০ টকাত বন্দৱস্ত কৰিলে। পুৱা ৯ বজাৰ আশে-পাশে, যথেষ্ট দৰ-দাম কৰাৰ পাছত, তেওঁ আৰু গায়ত্ৰীয়ে মিছামাছ, শ্ৰিম্প আৰু ব’ম্বিল আনিলে। দিনটোৰ দৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে সাধাৰণতে প্ৰতিবাৰতে মুঠতে ৭ৰ পৰা ১০ কিলো মাছ কিনে।
বন্দনাই গায়ত্ৰীক ইংগিত দিয়ে: “ঘেটলা, নিঘুয়া (পাই গ’লোএইখিনি পালো, যাওঁগৈ ব’ল)”।










