‘ইৰাণস্থিত ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ৰ পৰা আমাক হোৱাটচআপ যোগে আমাৰ ক’ভিড-19 পৰীক্ষাৰ ফলাফল পঠিয়াইছিল, তাতে কেৱল পাছপ’ৰ্টৰ নম্বৰৰ বিপৰীতে (আমাৰ) পজিটিভ নে নিগেটিভ সেয়া লিখা আছিল। যেনিবা সেয়া স্কুলৰ পৰীক্ষাৰ ফলাফলহে, ৰ’ল নম্বৰৰ বিপৰীতে পাছ-ফেইল। কিন্তু আজিকোপতি আমাক কোনো আচল ৰিপ’ৰ্ট দিয়া নাই,’ শ্বাব্বিৰ হুছেইন হাকিমিয়ে কয়। কেৱল পজিটিভ-নিগেটিভ ৰেংকিং দিয়াতেই সেই প্ৰক্ৰিয়া বন্ধ হৈছে। চিয়া মুছলমানৰ পৱিত্ৰ ধৰ্মস্থানলৈ বুলি পিতৃ-মাতৃক সংগ দি জানুৱাৰীত লাডাখৰ কাৰ্গিলৰ পৰা যোৱা ২৯ বছৰীয়া ডেকাল’ৰাজনে আমাৰ সৈতে ইৰাণৰ কোমৰ পৰা কথা পাতিছিল।
প্ৰতিবছৰে হাজাৰ হাজাৰ চিয়া মুছলমানে পয়গম্বৰ মহম্মদৰ পৰিয়ালৰ ইমাম আলি, হুছেইনকে ধৰি আন পৰিয়ালবৰ্গৰ ধামলৈ মুৰ দোৱাবলৈ যায়। জম্মু, কাশ্মীৰ, লাডাখ আৰু মহাৰাষ্ট্ৰৰ পৰা যোৱা তাৰে প্ৰায় ১১০০ৰো অধিক তীৰ্থযাত্ৰী এইবছৰ কোম নগৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। ইৰাণত ক’ভিড-19 বিয়পি পৰাত দেখা দিয়া সংক্ৰমণৰ শংকালৈ চাই তেওঁলোকৰ গৃহ অভিমুখী বিমানৰ উৰণ বাতিল কৰা হ’ল।
‘আমাৰ নমুনা লোৱা কাম ২ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ চলিল। আমাক কোৱা হ’ল যে পৰীক্ষাৰ বাবে নমুনাবোৰ প্ৰথমতে পুণেলৈ পঠিওৱা হ’ব, তাৰ পিছত সকলো জাৱাৰকে (তীৰ্থযাত্ৰী) ভাৰতলৈ বিমানযোগে পঠিওৱা হ’ব,’ শ্বাব্বিৰে কয়। প্ৰথম ৭৮ জন জাৱাৰৰ ফলাফল নিগেটিভ অহাত তেওঁলোকক ১০ মাৰ্চৰ দিনা ভাৰতীয় বায়ুসেনাৰ চি-17 বিমানযোগে ভাৰতলৈ পঠিওৱাৰ বাবে টেহৰানলৈ লৈ অহা হয়।
‘আশ্বৰ্যজনকভাৱে তাৰে ১৯ জনক কোনো কাৰণ নদৰ্শোৱাকৈ ঘূৰাই পঠিওৱা হয়,’ শ্বাব্বিৰে কয়। তাৰ পিছতে লাডাখৰ ২৫৪ জাৱাৰৰ ফলাফল পজিটিভ অহা বুলি দূতাবাসে ঘোষণা কৰে। ‘ভাৰতীয় দূতাবাসে পজিটিভ ফলাফল অহাসকলক কোৱাৰেইণ্টাইন তো বাদেই, মাস্ক এখনো যোগান ধৰা নাছিল। তাৰ পৰিৱৰ্তে আমাৰ কিছুমানে স্বেচ্ছাই তেওঁলোকক পাল পাতি কোমৰ এখন হস্পিতাললৈ পৰীক্ষা কৰাবলৈ লৈ গ’ল। এই আশাত যে তাৰে কিছুমানক হস্পিতালত ভৰ্ত্তি কৰাব পৰা যাব।’
এই প্ৰতিবেদকে টেহৰানৰ ভাৰতীয় দূতাবাসলৈ প্ৰশ্নাৱলী পঠিওৱা তিনি দিন হ’ল, উত্তৰ এতিয়ালৈ অহা নাই।








