নেপথ্যত বাদ্যযন্ত্ৰ বুলিবলৈ আছে কেৱল ড্ৰামচ, সিয়েই আকাশ-বতাহ কপাই বাজিছে। ক্ষন্তেক পিছতে ভাঁহি আহিছে ভক্তিত গদগদ এটা কণ্ঠ, যেন দৰগাহৰ বাহিৰত কোনোবাই দুহাত মেলি ভীক্ষা মাগিছে, পয়গম্বৰৰ খ্যাতি গাইছে - পৰোপকাৰীজনৰ বাবে দোৱা কৰিছে।


Kachchh, Gujarat
|THU, MAY 25, 2023
কচ্চ: আস্থা আৰু সংহতিৰ মিনাৰ
এই সময়ত ৰাজনৈতিক বিভেদকামী শক্তিৰ টনা-আঁজোৰাত ভাৰসাম্য হেৰুৱাব খোজা কচ্চ অঞ্চলৰ সংগীত, স্থপত্য আৰু সংস্কৃতিৰ সমন্বয়ৰ যি ইতিহাস, তাৰেই ঐতিহ্য বহন কৰিছে এই ভক্তিমূলক লোকগীতে, তেনেই ৰূপগন্ধ লৈ মৰুভূমিত বৈ আহিছে এই ভক্তিগীতটি
Author
Illustration
Translator
“এক তোলা সোণ দিলা হাতে
ভনীৰ হাততো দিলা
পৰাণ ভৰাই দিয়া ভাই, যাতনা আৰু নিদিবা…”
এই লোকগীতটোৱে কচ্চৰ পাৰম্পৰকি ঐক্য-সংহতিত এভুমুকি মৰাৰ সুযোগ দিয়ে। যাযাবৰ পশুপালক, যিয়ে এসময়ত বৰ কচ্চৰ পৰা সিন্ধ প্ৰদেশলৈ (বৰ্তমান পাকিস্তাত) বছৰী প্ৰব্ৰজন কৰিছিল আৰু ঘূৰি আহিছিল, সেইসকলৰেই গৃহভূমি এই বৃহৎ অঞ্চল। দেশ বিভাজনৰ পিছত নতুন সীমান্তই তেওঁলোকৰ সেই যাত্ৰাত চিৰদিনৰ বাবে যতি পেলালে, কিন্তু হিন্দু-মুছলমান পশুপালক সম্প্ৰদায়ৰ মাজত অন্তৰৰ সেই বান্ধোন অটুট থাকিল।
এই অঞ্চলৰ সম্প্ৰদায়বোৰৰ শিল্প, স্থপত্য আৰু ধৰ্মীয় অনুশীলন সকলোৰে আধাৰ হৈছে কচ্চৰ অপূৰ্ব সংহতিৰ আকৰ। তাত সংমিশ্ৰণ ঘটিছে চুফীবাদৰ দৰে ধৰ্মীয় আচাৰ, কাব্য, লোকগাথা, উপকথা আনকি সমন্বয়ৰ গৰ্ভজাত ভাষাসমূহৰো। মিশ্ৰ সংস্কৃতি আৰু সমন্বিত আচাৰ-বিচাৰ, যাৰ উৎস হৈছে চুফীবাদ - এই সকলো মণি-মুকুতা অঞ্চলটোৰ লোকসংগীতৰ ইতিহাসৰ সাগৰতলিত বিচাৰি পাব।
নক্ষত্ৰানা তালুকৰ মোৰগৰ গাঁৱৰ ৪৫ বছৰ বয়সীয়া পশুপালক কিশোৰ ৰাভাৰৰ কণ্ঠত পয়গম্বৰ হজৰত মহম্মদৰ প্ৰতি ভক্তি উথলি উঠিছে।
કરછી
મુનારા મીર મામધ જા,મુનારા મીર સૈયધ જા.
ડિઠો રે પાંજો ડેસ ડૂંગર ડુરે,
ભન્યો રે મૂંજો ભાગ સોભે રે જાની.
મુનારા મીર અલાહ.. અલાહ...
મુનારા મીર મામધ જા મુનારા મીર સૈયધ જા
ડિઠો રે પાજો ડેસ ડૂંગર ડોલે,
ભન્યો રે મૂજો ભાગ સોભે રે જાની.
મુનારા મીર અલાહ.. અલાહ...
સવા તોલો મૂંજે હથમેં, સવા તોલો બાંયા જે હથમેં .
મ કર મોઈ સે જુલમ હેડો,(૨)
મુનારા મીર અલાહ.. અલાહ...
કિતે કોટડી કિતે કોટડો (૨)
મધીને જી ખાં ભરીયા રે સોયરો (૨)
મુનારા મીર અલાહ... અલાહ....
અંધારી રાત મીંય રે વસંધા (૨)
ગજણ ગજધી સજણ મિલધા (૨)
મુનારા મીર અલાહ....અલાહ
હીરોની છાં જે અંઈયા ભેણૂ (૨)
બધીયા રે બોય બાહૂ કરીયા રે ડાહૂ (૨)
મુનારા મીર અલાહ… અલાહ….
મુનારા મીર મામધ જા,મુનારા મીર સૈયધ જા.
ડિઠો રે પાજો ડેસ ડુરે
ભન્યો રે મૂજો ભાગ સોભે રે જાની
મુનારા મીર અલાહ અલાહ
অসমীয়া
মহম্মদৰ মিনাৰ, ছৈয়দৰ মিনাৰ
দেখিছো সৌৱা মোৰ ওপজা মাটিৰ পাহাৰ
শিৰনত কৰি মাগিছো দোৱা
পৰম ভাগ্য মোৰ! দেখিয়েই শাঁত পৰিছে হিয়া
মীৰ মহম্মদৰ মিনাৰ, আল্লা! আল্লা!
মহম্মদৰ মিনাৰ, ছৈয়দৰ মিনাৰ
দেখিছো সৌৱা মোৰ ওপজা মাটিৰ পাহাৰ
শিৰনত কৰি মাগিছো দোৱা
পৰম ভাগ্য মোৰ! দেখিয়েই শাঁত পৰিছে হিয়া
মীৰ মহম্মদৰ মিনাৰ, আল্লা! আল্লা!
মোৰ হাতত এতোলা চাৰি অনা সোণ
মোৰ ভনীৰ হাততো আছে সোণ
দয়া কৰা খোদা, আৰু নিদিবা যাতনা
অ’ মীৰ মহম্মদৰ মিনাৰ, আল্লা! আল্লা!
কোনো কোঠালিৰ নাই ডাঙৰ-সৰু
মদিনাত তোমাৰ আছে খনি সোণৰ
মদিনাত তুমি পাবা তেওঁৰ কৃপা অপাৰ
মীৰ মহম্মদৰ মিনাৰ, আল্লা! আল্লা!
বৃষ্টি হ’ব, নিশাৰ এন্ধাৰত ঢল নামিব
মেঘে গৰজিব, তুমি থাকিবা প্ৰিয়জনৰ সৈতে
মীৰ মহম্মদৰ মিনাৰ, আল্লা! আল্লা!
মই ভয়াৰ্ত হৰিণৰ দৰে, মাগিম দোৱা
মহম্মদৰ মিনাৰ, ছৈয়দৰ মিনাৰ
দেখিছো সৌৱা মোৰ ওপজা মাটিৰ পাহাৰ
শিৰনত কৰি মাগিছো দোৱা
পৰম ভাগ্য মোৰ! দেখিয়েই শাঁত পৰিছে হিয়া
মীৰ মহম্মদৰ মিনাৰ, আল্লা! আল্লা!

Rahul Ramanathan
গীতৰ প্ৰকাৰ: পাৰম্পৰিক লোকগীত
গীতৰ কথা: ভক্তিমূলক গীত
গীতৰ নং: ৫
গীতৰ শিৰোনাম: মুনাৰা মিৰ মামদ জা, মুনাৰা মিৰ শাহিদ জা
গীতিকাৰ: আমাদ সামেজা
শিল্পী: কিশোৰ ৰাৱৰ, তেওঁ নক্ষত্ৰানা তালুকৰ মোৰগাৰ গাঁৱৰ ৪৫ বছৰ বয়সীয়া পশুপালক
ব্যৱহৃত বাদ্যযন্ত্ৰ: ড্ৰাম
বাণীবদ্ধকৰণৰ বৰ্ষ: ২০০৪, কে.এম.ভি.এছ. ষ্টুডিঅ’
গুজৰাটী অনুবাদ: আমাদ সামেজা, ভাৰতী গোৰ
প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু গুজৰাটী অনুবাদত সহায়ৰ বাবে ভাৰতীবেন গ’ৰলৈ ধন্যবাদ।
কবিতাৰ অনুবাদ : ধ্ৰুৱজ্যোতি ধনন্তৰি
টেক্সট্ অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/কচ্চ-আস্থা-আৰু-সংহতিৰ-মিনাৰ

