বৰষুণ আৰু পানীৰ অভাৱৰ কাৰণে জনজাত এই কচ্চভূমিৰ (কচ্ছ বুলিও জনা যায়) এটি লোকগীত ‘মিঠা পানী’য়ে অঞ্চলটোৰ নানা ধৰণৰ লোক আৰু বিশাল বৈচিত্ৰময় সংস্কৃতিৰ সমাহাৰৰ জয়গান গাইছে।
লাখো ফুলানিয়ে (৯২০ খ্ৰীষ্টাব্দত আবিৰ্ভাৱ) হাজাৰ বছৰ আগতে কচ্চ, সিন্ধ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ শাসন কৰিছিল। প্ৰজাৰ প্ৰতি দয়া-মমতা থকা উৎসৰ্গিত ৰজা হিচাপে তেওঁৰ সুনাম আছিল। সেইজন ৰজাৰ সুশাসনৰ কথা আজিও সকলোৱে সুঁৱৰি কয়, “লাখা তৌ লাখো মলাচে পান ফুলানি এ ফেৰ (লাখো নামৰ হাজাৰজন লোক থাকিব পাৰে, কিন্তু লাখো ফুলানি এজনেই, যিয়ে আমাৰ প্ৰজাৰ হৃদয়ত ৰাজ কৰে)।”
এই গীতটোৱে তেওঁৰ কথা কয় আৰু অঞ্চলটোৰ সংস্কৃতিৰ কেন্দ্ৰস্থলত ধৰ্মীয় একতাই স্থান লাভ কৰাৰ কথাও প্ৰকাশ কৰিছে। কচ্চত এনে বহুত তীৰ্থক্ষেত্ৰ আছে য’ত হিন্দু-মুছলমান সকলোৱে দৰ্শন কৰিবলৈ যায়, যেনে হাজীপীৰৰ দৰগাহ আৰু দেশদেৱীৰ আশাপুৰা মন্দিৰ। লোকগীতত কাৰাকোটৰ ফুলানিয়ে নিৰ্মাণ কৰা দূৰ্গৰ দৰে ঐতিহাসিক প্ৰংসগও উত্থাপিত হৈছে।
আন লোকগীতৰ দৰে এই গীতটোৱে প্ৰেম, বিৰহ, বিয়োগ, বিবাহ, মাতৃভূমিৰ পৰা আৰম্ভ কৰি লিংগ সচেতনতা, গণতান্ত্ৰিক অধিকাৰ আৰু বিভিন্ন বিষয় সাঙুৰি লৈছে।
পাৰিয়ে ৩৪১ টা কচ্চী গীতেৰে মাল্টিমিডিয়া সংগ্ৰহ এটা গঢ়িব। মূল ভাষাত স্থানীয় শিল্পীৰ দ্বাৰা গোৱা গীতৰ বাণীবদ্ধ ৰূপ সংৰক্ষিত কৰা হ’ব। ইংৰাজীৰ লগতে গুজৰাটী ভাষাত লোকগীতৰ মূল পাঠ থাকিব আৰু আন ১৪ টা ভাষাত পাৰিয়ে সেয়া অনুবাদ কৰি প্ৰকাশ কৰিব।
৪৫,৬১২ বৰ্গকিলোমিটাৰ জোৰা এক স্পৰ্শকাতৰ এলেকা সামৰি থকা কচ্চ এলেকাটো দক্ষিণে সাগৰ আৰু উত্তৰে মৰুভূমিৰে আৱৰা। ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাসমূহৰ মাজৰ এখন, এই কচ্চ অঞ্চলটো অৰ্ধ-আৰ্দ্ৰ মণ্ডলত পৰে, য’ত প্ৰায়ে খৰাং বতৰ আৰু পানীৰ নাটনিয়ে মানুহক জুৰুলা কৰে।
কচ্চত বিভিন্ন জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে বাস কৰে। তাৰে প্ৰায়ভাগ লোকেই প্ৰায় ১,০০০ বছৰৰো আগতে তালৈ প্ৰব্ৰজন কৰিছে। হিন্দু, মুছলমান আৰু জৈন ধৰ্মালম্বী লোকৰ বসতিস্থল কচ্চত ৰাবাৰি, গাড়ৱি, জাত, মেঘৱাল, মুটৱা, সোধা, ৰাজপুত, কলি, সিন্ধি আৰু দৰবাৰ আদি উপগোটৰ এই ভূমি। কচ্চৰ পোচাক-পৰিচ্ছদ, এম্ব্ৰ’ইডেৰি, গীত-মাত আৰু সাংস্কৃতিক পৰম্পৰাত কচ্চৰ প্ৰাচুৰ্য্যময় আৰু বিভিন্ন সমাজ-সংস্কৃতিৰ সহাৱস্থানৰ প্ৰতিফলন ঘটে। ১৯৮৯ত প্ৰতিষ্ঠিত কচ্চ মহিলা বিকাশ সংগঠন (কে.এম.ভি.এছ.)য়ে সম্প্ৰদায়সমূহৰ লগতে অঞ্চলটোৰ পৰম্পৰাসমূহ সংগঠিত কৰা আৰু উৎকৰ্ষ সাধনৰ কামত জৰিত হৈ আছে।



