যোৱা বছৰ ওছমানাবাদৰ খেতিপথাৰত কৃষকে মূৰৰ ঘাম মাটিত পেলাই চাৰি মাহ কঠোৰ শ্ৰমেৰে উৎপাদন কৰা শস্য নষ্ট কৰিবলৈ দুসপ্তাহ ধৰি দিয়া বৰষুণেই যথেষ্ট আছিল। ৰূদ্ৰমূৰ্তি ধৰি অহা ডাঁৱৰ আকাশত সিঁচৰতি হৈ যোৱা অক্টোবৰত প্ৰচণ্ড বৃষ্টিপাত হয়। ইয়াৰ লগতে অহা ধুমুহা বতাহে ঘৰৰ মুধচ উৰুৱাই লৈ যায়, বহুতো জীৱ-জন্তুৰ মৃত্যু ঘটে আৰু বৰষুণৰ পানীয়ে পথাৰৰ শস্য নিঃচিহ্ন কৰে।
বৃষ্টিপাতৰ ফলত ধ্বসং হোৱা কিছুমান শস্য মহাৰাষ্ট্ৰৰ ওছমানাবাদৰ মহালিংগী গাঁৱৰ কৃষক শাৰদা আৰু পাণ্ডুৰাং গুন্দৰ আছিল। “আমি কমেও ৫০ কুইণ্টল চপাই থোৱা ছয়াবীন হেৰুৱালো। আমাৰ পথাৰত পানী একাঠু হ’ল। পানীয়ে সকলো নষ্ট কৰিলে,” ৪৫ বছৰ বয়সীয়া শাৰদাই কয়।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পৰিসংখ্যা অনুসৰি ২০২০ৰ অক্টোবৰত ওছমানাবাদত ২৩০.৪ মিলিমিটাৰ বৰষুণ হৈছিল। এই মাহত জিলাখনত হ’বলগীয়া বৰষুণৰ মাত্ৰাতকৈ ই আছিল ১৮০ শতাংশ বেছি।
পাণ্ডুৰাং আৰু শাৰদাৰ দৰে কৃষকে ভীষণ লোকচান ভৰিবলগীয়া হ’ল।
পথাৰৰ সকলো শস্য বৰষুণৰ পানীয়ে উটুৱাই লৈ যোৱা ৫০ বছৰীয়া কৃষক পাণ্ডুৰাঙে নীৰৱে প্ৰত্যক্ষ কৰিছিল। কৃষি বিভাগৰ বজাৰত প্ৰতি কুইণ্টল ছয়াবীন ন্যূনতম সমৰ্থন মূল্য ৩,৮৮০ টকাত বিক্ৰী কৰা হয়। সেয়ে মুঠ কথাত ক’বলৈ গ’লে পাণ্ডুৰাং আৰু শাৰদাই ১,৯৪,০০০ টকা হেৰুৱালে। “আমি এই খেতিৰ বাবে ৮০,০০০ টকা বিনিয়োগ কৰিছিলো,” শাৰদাই কয়। “ছয়াবীনৰ বীজ, সাৰ, কীটনাশক তথা আন বহুতো বস্তু ক্ৰয় কৰিবগীয়া হৈছিল। চাৰি মাহ ধৰি আমি দিনে-নিশাই কৰা পৰিশ্ৰমৰ কথা বাদেই দিলো। বৰষুণ ইমান হঠাতে আহিছিল যে আমি একো কৰিব নোৱাৰিলো।”
এনে অবাঞ্চিত দুৰ্যোগৰ পৰা নিজক ৰক্ষা কৰিবলৈ দুয়ো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই)ৰ অধীনত তেওঁলোকৰ ছয়াবীনৰ খেতিৰ বীমা কৰাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ত বীমা আঁচনি ঘোষণা কৰিছিল- “এই আঁচনিৰ লক্ষ্য আছিল যে শস্য বীজ ৰোপন কৰাৰ প্ৰাকমুহূৰ্তৰ পৰা চপোৱাৰ শেষলৈকে অপ্ৰতিৰোধ্য যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে নষ্ট হ’ব পৰা শস্যৰ ক্ষতিপূৰ্ণ কৃষকক দিয়া।”
পাণ্ডুৰাঙে তেওঁৰ ২.২ হেক্টৰ খেতিৰ মাটি (পাঁচ একৰতকৈ অলপ বেছি)ৰ শস্যৰ কাণে ৯৯,০০০ টকাৰ ২ শতাংশ হিচাপে ১৯৮০ টকা বীমাৰ কিস্তি পৰিশোধ কৰিছিল। ছয়াবীন, বাজৰা, টুৰ, কপাহ আৰু আন আন জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা খাৰিফ শস্যৰ খেতিৰ বাবদ কৃষকে বীমাৰ মুঠ ধনৰ ২ শতাংশ আদায় দি বীমা কৰোৱা এই আঁচনিৰ নিয়ম। চৰকাৰী তালিকাভূক্ত যিবিলাক কৃষি বীমা কোম্পানীয়ে কৃষকক বীমাৰ দিবলগীয়া ধনৰ একোটা অংশ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে দিয়ে। পাণ্ডুৰাং বা শাৰদাৰ বীমা বাজাজ এলায়েঞ্জ জেনেৰেল ইন্সুৰেঞ্চ কোম্পানী লিমিটেডে কৰিছিল।
যি কি নহওঁক, গুন্দ পৰিয়ালৰ ক্ষতিৰ পৰিমাণ ২.৫ লাখ টকাৰ অধিক হয়, পাণ্ডুৰাঙে যেতিয়া বীমাৰ ধন দাবী কৰিলে, তেওঁ বীমা কোম্পানীৰ পৰা মাত্ৰ ৮,০০০ টকা পালে।
পাণ্ডুৰাং আৰু শাৰদাক বীমাৰ ধনৰ অতি দৰকাৰ আছিল। ২০২০ৰ মাৰ্চত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটাৰ দিন ধৰি, ওছমানাবাদ য’ত অৱস্থিত, সেই মাৰাঠৱাড়াৰ সকলো কৃষকে একেৰাহে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হৈ আহিছে। কৃষি অৰ্থনীতিৰ বিকাশ ক্ৰমশঃ মন্থৰ হৈ পৰিছে আৰু প্ৰৱল বৃষ্টিপাতে শস্য ধ্বংস কৰাৰ ফলত কৃষক পৰিয়াল বিলাকৰ ওপৰত আৰ্থিক অনাটনৰ বোজা বৃদ্ধি পাইছে।
ওছমানাবাদ কৃষি বিভাগৰ প্ৰতিবেদন অনুযায়ী, ২০২০-২১ৰ খাৰিফ শস্যৰ বতৰত জিলাখনৰ ৯৪৮,৯৯০ জন কৃষকে শস্যৰ বীমা কৰিছিল। বীমাৰ কিস্তিৰ ধন হিচাপে কৃষকসকলে মুঠ ৪১.৮৫ কোটি টকা বীমা কোম্পানীক দিছিল। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অংশৰ মুঠ পৰিমাণ আছিল ৩২২.৯৫ কোটি আৰু ২৭৪.২১ কোটি টকা। বাজাজ এলায়েঞ্জ বীমা কোম্পানীয়ে মুঠ ৬৩৯.০২ কোটি টকা কৃষক আৰু ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ পৰা পাইছিল।
কিন্তু যেতিয়া যোৱা বছৰ প্ৰৱল বৰষুণে অক্টোবৰ মাহত শস্য নষ্ট কৰিলে, তেতিয়া বাজাজ এলায়েঞ্জ বীমা কোম্পানীয়ে ৭৯,১২১ জন কৃষকক বীমাৰ ধন দিবলৈ ঠিৰাং কৰিলে আৰু তেওঁলোকৰ মাজত ৮৬.৯৬ কোটি টকা বিলাই দিলে। ইয়াৰ ফলত বীমা কোম্পানীৰ হাতত ৫৫২.০৬ কোটি টকা থাকি গ’ল।
বীমা কোম্পানীৰ ৱেবছাইটত নাম থকা পিএমএফবিৱাই বিবাদ নিষ্পত্তিকাৰী বিষয়াসকললৈ যোৱা ২০ আগষ্টত পাৰি (PARI)ৰ ফালৰ পৰা ইমেইলত এলানি প্ৰশ্ন প্ৰেৰণ কৰা হৈছিল যদিও কোনো ধৰণৰ সঁহাৰি পোৱা নগ’ল। ৩০ আগষ্টত একেখিনি প্ৰশ্নকে কোম্পানীৰ মুখপাত্ৰ এজনলৈ প্ৰেৰণ কৰোঁতে তেওঁ এই প্ৰতিবেদকক জনায় যে বাজাজ এলায়েঞ্জে এই ক্ষেত্ৰত মন্তব্যও নকৰে আৰু সঁহাৰিও নজনায়।
কিয় আন কৃষকসকলৰ বীমাৰ ধনৰ দাবী নাকচ কৰা হ’ল, এই প্ৰশ্ন উত্তৰহীন। কৃষকসকলে লাভ কৰিবলগীয়া ন্যায্য ক্ষতিপূৰণৰ পৰা কৃষকসকলক বঞ্চিত কৰাৰ কাৰণ হ’ব পাৰে ৭২ ঘণ্টাৰ ভিতৰত কাৰিকৰী অথন্তৰৰ বাবে কোম্পানীক জনাব নোৱৰা- এনেকৈ একাংশ কৃষকে ভাবে।
ওছমানাবাদ চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ৱাড়গাওঁ গাঁৱৰ ৫৫ বছৰীয়া কৃষক বিভীষণ ৱাড়কাৰে কয় যে আইনখন কৃষকৰ অনুকূল আৰু বীমা কোম্পানীৰ লাভৰ বাবে এই আইন কৰা নাই। “আমি পাবলগা ক্ষতিপূৰণৰ ভিক্ষাৰীৰ দৰে কোম্পানীৰ ওচৰত বিচাৰিবলগীয়া হৈছে। আমি বীমাৰ কিস্তিৰ ধন পৰিশোধ কৰিছো আৰু সেয়ে বীমাৰ ক্ষতিপূৰণ পোৱাৰ বাবে আমি অৰ্হতাসম্পন্ন।”
২০২০ৰ অক্টোবৰৰ আবতৰীয়া বৰষুণত বিভীষণে কমেও ৬০-৭০ কুইণ্টল ছয়াবীন হেৰুৱালে। “মই ছয়াবীনখিনি দ’ম কৰি থৈছিলো আৰু বৰষুণ নপৰিবলৈ প্লাষ্টিকেৰে ঢাকি থৈছিলো।” কিন্তু প্ৰৱল বৰষুণ আৰু ইযাৰ লগতে অহা বতাহৰ কোবত মই ছয়াবীন ঢাকি ৰখা প্লাষ্টিকখন নিটিকিল। বৰষুণৰ গতিবেগ ইমানেই প্ৰৱল আছিল যে আনকি ইয়াৰ পানীৰ সোঁতে তেওঁৰ পথাৰৰ মাটিও উটুৱাই লৈ গৈছিল। “২-৩ কুইণ্টলমানৰ বাবে গোটেইখিনি ছয়াবীন বৰষুণত ধ্বংস হৈছিল,” তেওঁ কয়। “সেই নষ্ট হোৱা ছয়াবীনবিলাক এতিয়া মই কি কৰিম?”
ছয় একৰ ভূমিৰ শস্যৰ বাবে ১১৩,৪০০ টকাৰ বীমা তেওঁ কৰিছিল, তাৰ বাবে ২২৬৮ টকাৰ প্ৰাথণিক কিস্তি কোম্পানীক দিছিল। তেওঁ বৰষুণত শস্য নষ্ট হোৱাৰ বিষয়ে কোম্পানীক ৭২ ঘণ্টাৰ ভিতৰত জনাব পৰা নাছিল- অনলাইন যোগে ৱেবছাইটত বা কোম্পানীৰ বিনামূলীয়া ফোন নম্বৰত জনাব লাগিছিল- জনাব নোৱৰা বাবে তেওঁৰ দাবী কোম্পানীয়ে নাকচ কৰিছিল। “পথাৰৰ পৰা পানী উলিয়াবলৈ চেষ্টা কৰি শস্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিম নে কোম্পানীক ফোন কৰি জনাবলৈ ব্যস্ত হ’ম? একেৰাহে দুই সপ্তাহ বৰষুণ দি থকাৰ মাজতে ৭২ ঘণ্টাত আমি কেনেকৈ কোম্পানীক জনাম?” তেওঁ কয়।
ডাঁৱৰৰ বিস্ফোৰণে গছ উভালি পেলাইছিল, বিদ্যুতৰ সৰবৰাহ কৰা লাইনৰ খুঁটা ভূলুণ্ঠিত হৈ পৰিছিল। “কেইবাদিনলৈ আমি বিদ্যুৎ সেৱা পোৱা নাছিলো। আমাৰ ফোন চাৰ্জ কৰিব পৰা নাছিলো। সিহঁতৰ (বীমা কোম্পানীৰ) হেল্পলাইন পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ থাকে। গতিকে ৭২ ঘণ্টা বুলি ক’লেও আচলতে ৩৬ ঘণ্টা সময় থাকে। এনে পৰিস্থিতিত উপায়ন্তৰ হৈ পৰিবলগীয়া হয়। আমাৰ বাবে এই নিয়মবোৰ বৈষম্যমূলক,” বিভীষণে কয়।
প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা (পিএমএফবিৱাই) পৰ্যালোচনা কৃষক আৰু বীমা কোম্পানীৰ সৈতে কৰিবলৈ ২০২০ৰ ডিচেম্বৰত আয়োজন কৰা এখন সভাত জিলা দণ্ডাধীশ কৌস্তুভ ডিৱেগাওঁকাৰে কয় যে বাজাজ এলায়েঞ্জে ৭২ ঘণ্টাৰ ভিতৰত জনাবলগীয়া নিয়ম শিথিল কৰিব। কিন্তু কাৰ্য্যতঃ সেয়া নহ’ল।
কৃষকৰ বীমা দাবী বৈষম্যমূলকভাৱে নিষ্পত্তি কৰা বাজাজ এলায়েঞ্জ বীমা কোম্পানীক প্ৰত্যাহ্বান জনাই ১৫ জনীয়া কৃষকৰ এটা দলে বোম্বে হাই ক’ৰ্টত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ২০২১ৰ ৭ জুনত দাখিল কৰিছিল। বাজাজ এলায়েঞ্জৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আৰু ওছমানাবাদ জিলাৰ জিলা দণ্ডাধীশৰ নাম গোচৰৰ প্ৰতিবাদী পক্ষ হিচাপে উক্ত আবেদনত উল্লেখ কৰা হৈছিল। বিধায়ক কৈলাশ পাটিল আৰু সাংসদ ওম ৰাজে নিমবালকাৰেও এই আবেদন দাখিলত সহায় কৰিছিল। দুয়োজন নেতাৰ ঘৰ ওছমানাবাদত আৰু দুয়োজন শিৱসেৱাৰ প্ৰতিনিধি, শিৱসেৱা মহাৰাষ্ট্ৰৰ শাসকীয় মৰ্চা চৰকাৰৰ মূল অংশীদাৰ।
কৃষকৰ জনস্বাৰ্থজড়িত আ্জিখন কৈলাশ পাটিল আৰু তেওঁ কিয় সমৰ্থন কৰিছে, তাৰ ব্যাখ্যা হিচাপে নিম্বালকাৰে কয়, “বৰষুণে শস্য যেতিয়া নষ্ট কৰিছিল, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিছিল। এতিয়া বৰষুণে কৃষকৰ ক্ষতি কৰিছে বুলি চৰকাৰে স্বীকাৰ কৰিছে, তেনেস্থলত কিছুমান কাৰিকৰী আনুষ্ঠানিকতাৰ নামত বীমা কোম্পানীয়ে কৃষকসকলৰ বীমাৰ দাবী কিয় নিষ্পত্তি নকৰিব? সেইবাবেই কৈলাশ পাটিলৰ সৈতে মই কৃষকৰ আবেদন সমৰ্থন কৰিছো।”
উচ্চ ন্যায়ালয়ত তৰা গোচৰৰ ফলাফল কি হয় সেয়া বেলেগ কথা, কিন্তু ওছমানাবাদ জিলাৰ কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই)ৰ ওপৰত বিশ্বাস হেৰুৱাইছে, ইয়াৰ ওপৰত আৰু নিৰ্ভৰ কৰিব পৰা নাযায় বুলি কৃষকে ভাবি লৈছে। দৈনিক মাৰাঠী সংবাদপত্ৰ সকালত ২০২১ৰ ৩ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে প্ৰতিবছৰে পিএমএফবিৱাইৰ বাবে আবেদন জনোৱা কৃষকৰ সংখ্যা কমি আহিছে। ২০১৯ত জিলাখনৰ ১১.৮৮ লাখ কৃষকে বীমাৰ কিস্তি পৰিশোধ কৰিছিল। কিন্তু ২০২০ত মাত্ৰ ৯.৪৮ লাখ কৃষকে বীমাৰ কিস্তি আদায় দিছে। চলিত বৰ্ষত মাত্ৰ ৬.৬৭ লাখ কৃষকে কিস্তি জমা দিছে- যোৱা বছৰৰ তুলনাত এয়া এক তৃতীয়াংশ হ্ৰাস পাইছে।
শস্যৰ বীমাই কৃষকক পূৰ্বানুমান কৰিব নোৱাৰা দুৰ্যোগৰ সময়ত সুৰক্ষা দিব বুলি কোৱা হৈছে, “কিন্তু এই সময়ত দেখা গৈছে বীমা কোম্পানী নিজেই অননুমেয় হৈ পৰিছে,” বিভীষণে কয়। “বীমা কোম্পানীয়ে আমাক পুনৰ আশ্বাস নিদিব বুলি আমাৰ ধাৰণা হয়। বতৰৰ গতি-প্ৰকৃতি আস্বাভাৱিক হৈ পৰিছে। সেয়ে শস্যৰ বীমাৰ ওপৰত নিৰ্ভৰতাও জটিল হৈ পৰিছে।”
যোৱা দুই দশক বা তাৰ কিছু আগৰ পৰা বতৰ আৰু বৰষুণৰ ধৰণ সলনি হোৱা বিভীষণে লক্ষ্য কৰি আহিছে। “বৰ্ষাকালৰ চাৰিটা মাহত খৰাং দিনৰ সংখ্যা বাঢ়িছে। কিন্তু যেতিয়া বৰষুণ দিয়ে, সাংঘাতিকভাৱে দিয়ে। কৃষিৰ বাবে এনে বৰষুণ দুৰ্যোগময় হৈ উঠে। আগতে গোটেই বৰ্ষাকালত আমি বৰষুণ হোৱা দেখিছিলো। এতিয়া হয় খৰাং, নহ’লে মহাপ্লাৱন,” তেওঁ কয়।
ছয়াবীনৰ খেতি অনিয়মীয়া বৰষুণৰ বতৰতো হয় কাৰণে মাৰাঠৱাড়াৰ কৃষকে যোৱা দুই দশকৰ পৰা ছয়াবীনৰ খেতি কৰি আহিছে। কিন্তু বতৰৰ বিসংগতি ইমান বেছি হৈছে যে ছয়াবীনৰ ক্ষেত্ৰতো অসুবিধা হ’বলৈ ধৰিছে। ২০২০ৰ অক্টোবৰৰ বৃষ্টিপাতৰ বিভীষিকাই আমাক এতিয়াও ত্ৰাসিত কৰি ৰাখিছে,” বিভীষণে কয়।
ওছমানাবাদ জিলা দণ্ডাধীশৰ প্ৰতিবেদনে কৃষকৰ ক্ষতিৰ পৰিসৰ প্ৰকাশ কৰিছে। সৰ্বমুঠ ৬.৫ লাখ একৰ কৃষিভূমি অৰ্থাৎ ৫ লাখ খন ফুটবল খেলপথাৰৰ সমান পথাৰৰ খেতি বিধ্বস্ত হৈছিল। ৪.১৬ লাখ কৃষকৰ মুঠ কৃষিভূমিৰ এক-তৃতীয়াংশৰ শস্য নষ্ট হৈছিল। ইযাৰ উপৰি, এই প্ৰৱল বৃষ্টিপাতৰ ফলত চাৰিজন মানুহ আৰু ১৬২ টা পশুধনৰ মৃত্যু হৈছিল। সাতটা ঘৰ সম্পূৰ্ণ ধ্বংস হৈছিল। ২,২৭৭ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।
২০২০ৰ অক্টোবৰৰ বৰষুণত ছয় একৰ কৃষিভূমিৰ শস্য নষ্ট হোৱা ৩৪ বছৰীয়া গোপাল চিণ্ডেয়ে কয় যে বীমা যদি কৃষকক লাগেই, তেন্তে এই বছৰেই অতিকৈ বেছি প্ৰয়োজন আছিল। “ক’ভিড-১৯ আৰম্ভ হোৱাৰ পিছত কেইবমাহো ধৰি বজাৰ বন্ধ থকাত আমি বহুতো কষ্ট ভূগিছো,” বৰষুণত ২০ কুইণ্টল ছয়াবীন নষ্ট হোৱা গোপালে কয়। বীমাৰ বাবদ তেওঁ মাত্ৰ পালে ১৫,০০০ টকা। “গুৰুত্বপূৰ্ণ শস্যৰ দাম বেয়াকৈ নামিল। ক’ভিড লকডাউনৰ বাবে বহুতো কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ লৈ যাব নোৱাৰিলে। সেই দিনবোৰত আমি পেট ভৰাই এসাজ খোৱাও কঠিন হৈ পৰিছিল। আনকি সেই সময়ত আমাৰ টকাৰে বীমা কোম্পানীবিলাক লাভৱান হৈছিল,” গোপালে কয়।
বহুতো কৃষকে কৃষিক্ষেত্ৰত হোৱা ক্ষতি পূৰণ কৰিবলৈ নিৰ্মাণ শ্ৰমিকৰূপে কাম কৰিবলগীয়া হৈছিল, কিছুমানে নিৰাপত্তাৰক্ষী বা অস্থায়ীভাৱে কাম কৰিছিল। কিন্তু অতিমাৰীৰ বাবে সেই কামো নোপোৱা হ’ল। পাণ্ডুৰাং গুন্দে ট্ৰাক চালকৰ কাম কৰিবলৈ লৈছিল, মাহে ১০,০০০ টকা উপাৰ্জন কৰিছিল। ক’ভিড-১৯ আৰম্ভ নোহোৱালৈকে তেওঁ এই কাম কৰি আছিল। “পৰিয়ালক পোহপাল দিবলৈ আমি কৰি থকা উপাৰ্জনৰ উৎসবোৰ হেৰুৱাই পেলালো,” শাৰদাই কয়।
দুবছৰৰ আগতে ২২ বছৰীয়া কন্যা সোণালীৰ বিবাহৰ বাবে লোৱা ঋণ তেওঁ এতিয়াও পৰিশোধ কৰি থাকিবলগা হৈছে। “তাই বিবাহৰ বাবে দুই লাখ টকা ঋণত লৈছিলো,” শাৰদাই কয়। কাম হেৰুৱাই পাণ্ডুৰাঙো বিপদত পৰিছে, বৰষুণে অৱশিষ্ট উপাৰ্জনৰ উৎসও শেষ কৰিলে। ছয়াবীনেই আছিল শেষ ভৰসা।
যোৱা বছৰৰ নৱেম্বৰ মাহৰ এদিন পাণ্ডুৰাঙে তেওঁৰ কৃষি পথাৰত থকা এজোপা গছত চিপজৰী লগাই আত্মহত্যা কৰিলে।
এতিয়া শাৰদাই নিজে খেতি চম্ভালিবলগীয়া হৈছে। কিন্তু পৰিয়াল চলাবলৈ এয়া পৰ্য্যাপ্ত নহয়। তেওঁৰ ১৭ বছৰীয়া পুত্ৰ সাগৰে ওছমানাবাদত দিনহাজিৰা কৰিবলৈ লৈছে, আৰু কনিষ্ঠ পুত্ৰ ১৫ বছৰীয়া অক্ষয়ে ম’বাইলৰ দোকান এখনত ডেলিভাৰি বয় হিচাপে কাম কৰিবলৈ ধৰিছে। দুয়োটাই স্কুল এৰি দিবলগীয়া হয়। পাণ্ডুৰাং গুছি গ’ল ঠিকেই, কিন্তু তেওঁৰ মৃত্যুত আন তিনিটা প্ৰাণ অভাৱ-অনাটনৰ অনিশ্চয়তাৰ মাজত ওলমি থাকিল।
এই প্ৰতিবেদন সাংবাদিকলৈ সাংবাদিকতা অনুদান আগবঢ়োৱা স্বতন্ত্ৰ পুলিটজাৰ চেণ্টাৰৰ দ্বাৰা সমৰ্থিত এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: পংকজ দাস