যোৱা বছৰ ওছমানাবাদৰ খেতিপথাৰত কৃষকে মূৰৰ ঘাম মাটিত পেলাই চাৰি মাহ কঠোৰ শ্ৰমেৰে উৎপাদন কৰা শস্য নষ্ট কৰিবলৈ দুসপ্তাহ ধৰি দিয়া বৰষুণেই যথেষ্ট আছিল। ৰূদ্ৰমূৰ্তি ধৰি অহা ডাঁৱৰ আকাশত সিঁচৰতি হৈ যোৱা অক্টোবৰত প্ৰচণ্ড বৃষ্টিপাত হয়। ইয়াৰ লগতে অহা ধুমুহা বতাহে ঘৰৰ মুধচ উৰুৱাই লৈ যায়, বহুতো জীৱ-জন্তুৰ মৃত্যু ঘটে আৰু বৰষুণৰ পানীয়ে পথাৰৰ শস্য নিঃচিহ্ন কৰে।
বৃষ্টিপাতৰ ফলত ধ্বসং হোৱা কিছুমান শস্য মহাৰাষ্ট্ৰৰ ওছমানাবাদৰ মহালিংগী গাঁৱৰ কৃষক শাৰদা আৰু পাণ্ডুৰাং গুন্দৰ আছিল। “আমি কমেও ৫০ কুইণ্টল চপাই থোৱা ছয়াবীন হেৰুৱালো। আমাৰ পথাৰত পানী একাঠু হ’ল। পানীয়ে সকলো নষ্ট কৰিলে,” ৪৫ বছৰ বয়সীয়া শাৰদাই কয়।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পৰিসংখ্যা অনুসৰি ২০২০ৰ অক্টোবৰত ওছমানাবাদত ২৩০.৪ মিলিমিটাৰ বৰষুণ হৈছিল। এই মাহত জিলাখনত হ’বলগীয়া বৰষুণৰ মাত্ৰাতকৈ ই আছিল ১৮০ শতাংশ বেছি।
পাণ্ডুৰাং আৰু শাৰদাৰ দৰে কৃষকে ভীষণ লোকচান ভৰিবলগীয়া হ’ল।
পথাৰৰ সকলো শস্য বৰষুণৰ পানীয়ে উটুৱাই লৈ যোৱা ৫০ বছৰীয়া কৃষক পাণ্ডুৰাঙে নীৰৱে প্ৰত্যক্ষ কৰিছিল। কৃষি বিভাগৰ বজাৰত প্ৰতি কুইণ্টল ছয়াবীন ন্যূনতম সমৰ্থন মূল্য ৩,৮৮০ টকাত বিক্ৰী কৰা হয়। সেয়ে মুঠ কথাত ক’বলৈ গ’লে পাণ্ডুৰাং আৰু শাৰদাই ১,৯৪,০০০ টকা হেৰুৱালে। “আমি এই খেতিৰ বাবে ৮০,০০০ টকা বিনিয়োগ কৰিছিলো,” শাৰদাই কয়। “ছয়াবীনৰ বীজ, সাৰ, কীটনাশক তথা আন বহুতো বস্তু ক্ৰয় কৰিবগীয়া হৈছিল। চাৰি মাহ ধৰি আমি দিনে-নিশাই কৰা পৰিশ্ৰমৰ কথা বাদেই দিলো। বৰষুণ ইমান হঠাতে আহিছিল যে আমি একো কৰিব নোৱাৰিলো।”











