এজন ডেকাল’ৰা, নেপথ্যত সেউজ পাহাৰ, সৰু সৰু জলপ্ৰপাত আৰু নিৰ্মল বতাহ। তেওঁৰ ম’হকেইটাই ঘাঁহ খাই ফুৰা তেওঁ চাই ৰৈছে।
“আপুনি কি কিবা চাৰ্ভে কৰিব আহিছে নেকি?” মই তেওঁৰ কাষ চপাত তেওঁ প্ৰশ্ন কৰিলে।
“নাই নাই,” মই ক’লো। জনালো যে মই ইয়াত অপুষ্টিৰ কাৰণে ঘটা ঘটনাৰ প্ৰতিবেদন গোটাব আহিছো।
আমি আছো মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত থকা মোখাড়া তালুকত, য’ত ৫,২২১ টা শিশু অতিবেছি অপুষ্টিত ভুগি থকা বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনখনত উল্লেখিত মতে এয়া ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক।
আমি মুম্বাই মহানগৰীৰ পৰা মাত্ৰ ১৫৭ কিলোমিটাৰে দূৰত আছো, কিন্তু ইয়াৰ যি সেউজভূমি, সেয়া এখন বেলেগেই পৃথিৱী।
ৰহিদাস কা ঠাকুৰ সম্প্ৰদায়ৰ লোক, মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি হিচাপে তালিকাভূক্ত। পালঘৰ জিলাৰ ৩৮ শতাংশ জনসংখ্যাই জনজাতীয়। ডেকা ম’হৰখীয়াজনে মোক তেওঁৰ সঠিক বয়স ক’ব নোৱাৰিলেও তেওঁৰ মুখমণ্ডললৈ চাই তেওঁৰ বয়স ২০তকৈ অলপ বেছি হ’ব বুলি ধাৰণা কৰিব পাৰি। কান্ধত এটা ছাতি আঁৰি লৈছে, গলত মেৰিয়াই লৈছে গামোচা। হাতত এডাল লাঠি। তেওঁ ম’হ দুটাই ঘাঁহ খাই থকা তেওঁ চাই আছে। “বাৰিষাৰ দিনত সিহঁতে পেট পুৰাই খাবলৈ পায়,” তেওঁ কয়। “গ্ৰীষ্মকালত সিহঁতে (খাদ্য বিচাৰি) ঘুৰি ফুৰিবলগীয়া হয়।”






