“আমি পানীৰ তিনিবাৰৰ সলনি এবাৰহে পাইছিলো। আপুনি ক'ব পাৰে এটা আৰু আধা, কিন্তু প্ৰথমখিনি বৰ সোনকালেই আহিল, কোনো জাননী নোহোৱাকৈ," প্ৰশান্ত নিমচেয়ে ক'লে। তেওঁৰ গাওঁ নন্দুৰগাওঁৱে গংগাপুৰ বান্ধৰ দক্ষিণ পাৰৰ খালৰপৰা পানী পায়। আঙুৰ, আঞ্জিৰকে ধৰি উদ্যানশস্যৰ খেতি কৰা নিমচেয়ে কোৱামতে তেওঁ কেনেবাকৈ ঘৰৰ মাটিতে সজা বিবাহ ভৱনটোৰ পৰা ভাল আয়ৰ বাট দেখুৱালে। নাচিক চহৰৰ মাজত সোমাই পৰা গাওঁখনত থকা ভৱনটোত তেঁওৰ গ্ৰাহক বাঢ়িছে। "মই বাচিলো, কিন্তু কেৱল খেতিৰ ওপৰতেই ভৰসা কৰাসকল ধ্বংস হ'ল।"
"আঙুৰৰ খেতি বিভিন্ন ধৰণে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে," নামনিৰ আন এজন খেতিয়ক বাসুদেৱ খাটেয়ে কয়। "খৰাং বতৰত পানীৰ অভাৱে শস্যৰ ওপৰত আঘাত হানে। আমি কোনোমতে আঙুৰৰ উত্পাদন কৰিব পাৰিলেও গুণাগুণ কমি যায়। মন কৰিব যে প্ৰতি একৰ মাটিত ১০০ দিনৰ হাজিৰা থাকে। ৪০ হাজাৰ একৰ মাটি পানীৰ অভাৱত ভোগা মানে তাতে শ্ৰমো অথলে যায়, আৰু ৩০ লাখ কৰ্মদিনৰ লোকচান।" পৰিণামস্বৰুপে কাম নাইকিয়া হোৱাৰ হতাশাই মাৰাথৱাড়াৰ হাজাৰ হাজাৰ ঘৰত হতাশাই হেঁচি ধৰে।
ৰাজ্যখনত বৰষুণ বিস্তৃত হ'বলৈ ধৰিছে। তথাপি, ভালেমান খেতিয়ক, শ্ৰমিক আৰু অইন লোকে জানে যে বৰ্ষাকালৰ কৃপাদৃষ্টি পৰিলেই সমস্যাটো সমাধান নহয়। "তেনে হ 'লে সকাহ পোৱা যাব ঠিকেই, কিন্তু দীৰ্ঘকালীন সংকট চলি আছে আৰু সেয়া নোহোৱা হৈ নাযায়," পুৰোহিত আকোলকাৰে কয়।
নাচিক জিলাৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তা পি.বি. মিছালে সমস্যাটোক লৈ ভিন্ন মত পোষণ কৰে। "মহাৰাষ্ট্ৰত আমাৰ কোনো চিৰস্থায়ী নদী নাই," মিছালে কয়। "বিগত ২০ বছৰত ভূগৰ্ভস্থ জলস্তৰৰ লক্ষণীয় হাৰত অৱনমন ঘটিছে। কৃষিৰ বাবে অত্যাধিক পাম্পিং কৰাৰ ফলত। নাচিকৰ জনসংখ্যা উপঙা ৩ লাখমান লোকক ধৰি প্ৰায় ২০ লাখৰ ঘাই চুইছেগৈ। মাটিৰ ব্যৱহাৰৰ আৰ্হিবোৰ বহু সলনি হৈছে। চহৰখন আগুৰি থকা সেউজীয়া পথাৰবোৰ এতিয়া নিৰ্মাণকাৰ্যই নাইকিয়া কৰিছে।" বৃষ্টিপাতৰ পৰিমাণ অনিয়মীয়া হৈ পৰাটো তেওঁ নজৰত পৰাৰ সময়তে বৃষ্টিপাতৰ "ধৰ্মনিৰপেক্ষ হ্ৰাস" ঘটাৰ প্ৰমাণ থকা কোনোধৰণৰ তথ্য তেওঁ নাপালে। অধ্যাপক মাধৱ গাডগিলৰ দৰে পৰিৱেশ বিশেষজ্ঞৰ ভাষ্য মতে মহাৰাষ্ট্ৰৰ হেনো কোনো চিৰস্থায়ী নদী নাই। কিন্তু এইবোৰ "তাত্পৰ্যপুৰ্ণভাৱে ঋতুজনিত নৈলৈ ৰুপান্তৰ কৰা হৈছে।"
ইয়েই মহাৰাষ্ট্ৰৰ পানীৰ মহাসংকটত মানৱসৃষ্ট সংস্থাৰ ভূমিকাৰ কথালৈ আমাক লৈ যায়। পশ্চিম মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ পুৰণি মহাবালেশ্বৰৰ কৃষ্ণাই নৈৰ উত্সত আমি দেখা সমস্যাৰ সৈতে ত্ৰিম্বাকেশ্বৰৰ পানীৰ সমস্যা ৰিজাব পাৰি। (তাতে মোৰ সৈতে মোৰ সহকৰ্মীয়ে মে মাহত নামনিৰ ফালে ভ্ৰমণ কৰিছিলোঃ নৈৰ উত্সবোৰ, শাসকৰ দুৰ্নীতিবোৰ।)
“মনত কৰিব যে নাচিক এক প্ৰমুখ উদ্যোগিক এলেকালৈ পৰ্যবসিত হৈছে। সেইহেতু অঞ্চলটৰ পানীৰ ভাগ-বতৰাৰ প্ৰণালীও সলনি হৈছে," আকোলকাৰে কয়। "প্ৰতিটো অঞ্চলতে এখন বিশাল অনিয়ন্ত্ৰিত পানীৰ বজাৰ গঢ় লৈ উঠিছে। আনকি খুব ভাল বৃষ্টিপাতেও খুব কমেই ইয়াৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। পৰ্যটন মানে হৈছে চহৰখন প্ৰতিটো খোজকে পকী কৰি পেলোৱা। তাতে পানী বৈ যোৱা বা উশাহ লোৱাৰ ঠায়ে নাই।”