তাই নিজৰ সম্প্ৰদায়টোৰ কাৰণে যুঁজ দিছে। কিন্তু প্ৰায়ে সিহঁতৰ নিজৰেই বিশ্বাসৰ বিৰুদ্ধে তাই যুঁজ দিবলগীয়া হয়। তাই সিহঁতৰ মৰ্যাদাৰ কাৰণে যুঁজ দিয়ে, কিন্তু সিহঁতৰ নিজৰ কামৰ বিৰুদ্ধে যুঁজ দিয়ে। সেই কামবোৰ তাই নোহোৱা হোৱাটো বিচাৰে। তাই ভাবে যে পূৰ্বৰ প্ৰজন্মটোক তাই সেই কামৰ পৰা এৰুৱাব পাৰিছে। সেয়ে তাই যুৱচামৰ ওপৰত মন দিছে। তাইৰ নাম কল্পনা*, বয়স মাত্ৰ ৩৩, কিন্তু তাই গোমাস্পালয়মত ল’ৰা-ছোৱালীবোৰৰ কাৰণে বিনামূলীয়া টিউচন চেণ্টাৰ চলায়। এইটো বোধকৰো তামিলনাডুৰ মাদুৰাই স্থিত আটাইতকৈ ডাঙৰ বস্তি অঞ্চল। পৰ্যটনৰ কেন্দ্ৰবিন্দু চহৰখনৰ সোঁমাজতে থকা বস্তিটোৰ ২৩০ টা ঘৰত প্ৰায় ৭০০ পৰিয়ালেৰে ঠাহ খাই আছে।
বস্তিটোত হাতেকৰা চাফাইকৰ্মী, অনাময় কৰ্মী (ৰাস্তা চাফা কৰা কৰ্মী) আৰু গৃহশ্ৰমিক আৰু কেয়াৰটেকাৰৰ পৰিয়াল আছে। দলিতৰ সামাজিক শৃংখলৰ আটাইতকৈ তলৰ জাতৰ অৰুন্ধথিয়াৰসকল থাকে। ‘হাতেকৰা চাফাই কাম’ৰ পৰা মুক্তি পোৱাটো তাৰে বহু জ্যেষ্ঠ লোকৰ মতে কঠিন কাম। ‘কিবা কাৰণবশতঃ আমাৰ মানুহবোৰে এয়া সলনি কৰাটো কঠিন বুলি ভাবে,’ তাই কয়। ‘মই এই বিষয়ে প্ৰচাৰ চলালে সিহঁতে বেয়া পায়। আচলতে সিহঁতে কাৰো ৰোষত পৰিব নিবিচাৰে।’
সেয়ে কল্পনাই বিভিন্ন ধৰণৰ ন-চিন্তা যুৱমনৰ মাজত সুমুৱাই দিবলৈ চেষ্টা কৰিছে। তাই ৪০ জন ছাত্ৰ-ছাত্ৰীৰ কাৰণে নিজা খৰছত এটা টিউচন চেণ্টাৰ চলায়। তাতে সপ্তাহত পাঁচদিনকৈ তাই পঢ়ুৱায়। কেতিয়াবা শনিবাৰেও পাঠদান চলে। চেণ্টাৰটো গোমাস্পালয়মৰ এটা সামূহিক প্ৰেক্ষাগৃহত স্থাপন কৰা হৈছে। সন্ধিয়া ৫.৩০ৰ পৰা ৮.৩০লৈ তাতে পাঠদান চলে। তাতেই তাই ছাত্ৰ-ছাত্ৰীক ‘কেতিয়াও নিজৰ পিতৃ-মাতৃৰ ‘কাম’ আকোৱালি নল’বলৈ প্ৰায়ে কয় আৰু সিহঁতক পঢ়া-শুনাত সহায় কৰে। ‘মই তিনিবছৰ ধৰি এই কাম কৰি আহিছো আৰু যেতিয়ালৈ আছো তেতিয়ালৈ কৰি যাম,’ তাই কয়। তিনি বছৰ আগতে ৫০ বছৰীয়া বস্তিটোত পকী ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ‘তেতিয়াৰে পৰা সামূহিক প্ৰেক্ষাগৃহটোত (সেই সময়তে নিৰ্মাণ কৰা) মই ল’ৰা-ছোৱালীহঁতক পঢ়াই আছো।’



