জয়পুৰৰ উচ্চ ন্যায়ালয়ৰ পৰিৱেশ শান্ত-সমাহিত। তাতে ভালেমান ৰাজস্থানী লোকৰ দৃষ্টিত কটু যেন লগা এটাই বস্তু আছে। সেয়া হৈছে বোধকৰো ন্যায়ালয়ৰ চৌহদত থিয় হৈ থকা 'মনু, ন্যায়দাতা'ৰ প্ৰতিমূৰ্ত্তি (প্ৰচ্ছদ আলোকচিত্ৰখন চাওক)। দেশৰ বোধকৰো এইখনেই একমাত্ৰ এনে ন্যায়ালয়, য'ত মনুৰ প্ৰতিমূৰ্ত্তি আছে।
মনু বুলি দৰাচলতে কোনো ব্যক্তি আছিল নে নাই তাৰ কোনো প্ৰমাণ নাই। শিল্পীৰ মনৰ অভিব্যক্তিহে আছিল সেই প্ৰতিমূৰ্ত্তিটো। অৱশ্যে শিল্পীৰ সীমিত কল্পনাৰ সেয়া পৰিণতি বুলি প্ৰমাণিত হ'ল। মনুৰ প্ৰতিমূৰ্ত্তিটো ইয়াতে তথাকথিত ঋষি-মুনিৰ মূৰ্ত্তি যেনহে বোধ হয়।
কিংবদন্তি মতে একে নামৰে এজন ব্যক্তিয়ে মনুস্মৃতি ৰচনা কৰিছিল। বহু শতিকা আগতে ব্ৰাহ্মণসকলে সমাজৰ ওপৰত জাপি দিব বিচৰা নীতি-নিয়মেই আছিল মনুসংহিতা। সেই ৰীতি-নীতিবোৰ তীব্ৰ জাতিভেদমূলক আছিল। প্ৰায়বোৰ নীতিয়ে খ্ৰীষ্টপূৰ্ব ২০০ আৰু খ্ৰীষ্টাব্দ ১০০০ৰ ভিতৰত ৰচিত। বিভিন্ন ৰচয়িতাই সেইবোৰ বহু দীঘলীয়া সময় ধৰি লিখিত আকাৰত উলিয়াইছিল। তাৰে আটাইতকৈ জনাজাত পুথিখন হৈছে মনুস্মৃতি। একেবিধ অপৰাধৰ বাবে বিভিন্ন জাতিৰ লোকৰ বাবে বিভিন্ন শাস্তিৰ মান নিৰ্ধাৰণ কৰা হৈছে এই মনুস্মৃতিত।
স্মৃতিখনত নিম্নজাতৰ লোকৰ জীৱনৰ মূল্য একেবাৰে নগণ্য বুলি ধৰা হৈছে। উদাহৰণ স্বৰূপে 'এজন ক্ষূদ্ৰক হত্যা কৰাৰ প্ৰায়শ্চিত্ত'ৰ কথাই ধৰা হওক। এয়া এজন ব্যক্তিয়ে "এটা ভেকুলী, এটা ফেঁচা অথবা এটা কাউৰী" মৰাৰ সমান বুলি গণ্য কৰা হয়। সিমানখিনি প্ৰায়শ্চিত্ত কৰিলেই কাম সমাধা। এজন "গুণৱান ক্ষূদ্ৰ"ক হত্যা কৰাৰ প্ৰায়শ্চিত্ত এগৰাকী ব্ৰাহ্মণক শিৰচ্ছেদ কৰাৰ ১৬ ভাগৰ এভাগ।
সেই প্ৰতিমূৰ্ত্তিৰ উপস্থিতিয়ে দলিতক অৱদমন কৰাৰে ইংগিত বহন কৰে যিটোক লৈ ৰাজস্থানৰ দলিতসকলৰ মাজত ক্ষোভ আছে। তাতোকৈ দুখৰ কথা যে চৌহদৰ ভিতৰত ভাৰতীয় সংবিধানৰ সংৰচনা কৰা অন্যতম ব্যক্তিয়েও স্থান পোৱা নাই। ড. বাবাচাহেব আম্বেদকাৰৰ এটা প্ৰতিমূৰ্ত্তি ট্ৰেফিকৰ ফালে মুখ কৰি ৰাস্তাত থিয় দি আছে। ইফালে মনুৱে স্বমহিমাৰে ন্যায়ালয়লৈ অহা প্ৰতিজন লোককে দৰ্শন দিয়ে।
ৰাজস্থানৰ উশাহত মনুৰ চিন্তাধাৰা বিয়পি আছে। এই ৰাজ্যখনত গড়ে এগৰাকী দলিত মহিলা প্ৰতি ৬০ ঘণ্টাত ধৰ্ষিত হয়। প্ৰতি ন দিনৰ মুৰে মুৰে একোজনকৈ দলিতৰ হত্যা হয়। প্ৰত্যেক ৬৫ ঘণ্টাৰ মুৰে মুৰে একোজনকৈ দলিত লোক গুৰুতৰ আঘাতৰ চিকাৰ হয়। প্ৰত্যেক পাঁচ দিনৰ মুৰে মুৰে একোটাকৈ দলিতৰ ঘৰ জ্বলাই দিয়া হয়। আৰু প্ৰত্যেক চাৰি ঘণ্টাৰ মুৰে মুৰে একোটাকৈ এনে গোচৰ 'অইন আইপিচি' (ভাৰতীয় দণ্ডবিধি আইন)ৰ ভিতৰত সোমাই পৰে। অৰ্থাত হত্যা, ধৰ্ষণ, অগ্নিসংযোগ অথবা গুৰুতৰ আঘাতৰ বাদে অইন গোচৰৰ শাৰীত এইবোৰ গণ্য কৰা হয়।
দোষীৰ শাস্তি কাচিতহে হয়। দোষী সাব্যস্ত কৰাৰ হাৰ ২ ৰপৰা ৩ শতাংশৰ ভিতৰতে থাকে। আকৌ দলিতৰ বিৰুদ্ধে হোৱা অপৰাধৰ ভালেমান গোচৰ গৈ আদালতৰ দুৱাৰ নাপায়গৈ।
অগণন অভিযোগ 'এফআৰ' অৰ্থাত চুড়ান্ত প্ৰতিবেদনতে বন্ধ হৈ ৰুদ্ধ হৈ পৰে। আচল আৰু গুৰুতৰ গোচৰো ততাতৈয়াকৈ অৰ্থহীনভাৱে সমাপ্ত কৰা হয়।
সমস্যা গাঁৱতে আৰম্ভ হয়, ভানৱাৰিয়ে কয়। তেঁওৰ জীয়ৰী আজমেৰ জিলাৰ গাঁও এখনত ধৰ্ষিতা হৈছিল। গাঁওবাসীয়ে জাত পঞ্চায়ত বহুৱাইছিল। গাঁৱৰ মেলত ভুক্তভোগীকেই আকৌ আক্ৰমণকাৰীৰ সৈতে সদ্ভাৱ বৰ্তাবলৈ জোৰ-জবৰদস্তি কৰা হৈছিল। সিহতে কৈছিল, পুলিচৰ ওচৰলৈ কিয় যাব লাগে, আমি নিজেই নিজৰ সমস্যা সমাধান কৰি লম।
সমাধান এয়ে যে ভুক্তভোগীয়ে অৱদমনকাৰীৰ ওচৰতত সেও মানিব লাগে। ভানৱাৰিক পুলিচৰ কাষেই চাপিবলৈ দিয়া নহ'ল।
যিকোনো ক্ষেত্ৰতে দলিত বা আদিবাসী এগৰাকীয়ে আৰক্ষী থানাত সোমোৱা মানেই বিপদ চপাই লোৱা। তেঁওলোক তালৈ গ'লে কি ঘটে? ভৰতপুৰ জিলাৰ কুমহেৰ গাঁৱত ২০ টামান কণ্ঠই একেলগে উত্তৰ দিলে, প্ৰৱেশমূল্য হৈছে দুশ বিশ টকা। আকৌ সেই গোচৰ আগবঢ়াবলৈ হ'লেও একেই ধন দিবলগীয়া হয়।
যেতিয়া উচ্চ জাতৰ লোক এজনে দলিতৰ ওপৰত আক্ৰমণ চলায়, তেতিয়া আৰক্ষীয়ে ভুক্তভোগীগৰাকীক অভিযোগ দাখিলৰ পৰা বিৰত ৰখাৰ চেষ্টা কৰে। সিহতে আমাক যুক্তি দিয়ে- বাপেকে পুতেকক নামাৰে নেকি, হু? ভায়েকে ভায়েকক নামাৰে নেকি হু? গতিকে হৈ যোৱাখিনি পাহৰি অভিযোগ ইমানতে সামৰিব লাগে- হৰি ৰামে পুলিচৰ ভাষা আওৰাই কয়।
তাতে আৰু এটা সমস্যা আছে। ৰাম খিলাড়িয়ে হাঁহি হাঁহি কয়, আৰক্ষীয়ে আনটো পক্ষৰ পৰাও টকা লয়। সিহতে বেছি টকা পালে আমাৰ ফালে আধ্যা পৰে। আমাৰ মানুহবোৰ দুখীয়া আৰু বেছি খৰছ কৰিব নোৱাৰে। গতিকে আপুনি যি ২ ৰপৰা ৫ হাজাৰ টকা দিয়ে সেয়াও পানীত পৰিব পাৰে।
আকৌ আৰক্ষীয়ে অনুসন্ধান কৰিবলৈ আহি শেষত গৈ অভিযোগকাৰীকেই গ্ৰেপ্তাৰ কৰেহি। দলিত এগৰাকী যদি উচ্চ জাতৰ লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ আহে তেন্তে এনেকুৱা হোৱাৰ সম্ভাৱনা বাঢ়ে। স্বাভাৱিকতে কনিষ্টবলবোৰ উচ্চ জাতৰেই থাকে।
এবাৰ উচ্চ জাতৰ লোকে মোক মাৰ-ধৰ কৰোঁতে ডিআইজিগৰাকীয়ে এজন আৰক্ষী মোৰ চৌহদৰ বাহিৰত মোতায়েন কৰিলে, আজমেৰৰ ভানৱাৰিয়ে কয়। সেই হাবিলদাৰজনে তেঁওৰ গোটেই সময়খিনি যাদৱৰ ঘৰতে খাই-বহি, নিচা কৰি কটালে। সিহতক আনকি মোৰ সৈতে কেনেকৈ কি কৰিব লাগে সেয়াও শিকাই থাকিল। আন এদিন মোৰ গিৰিজনক বেয়াকৈ মাৰ-ধৰ কৰিলে। মই থানালৈ অকলে গ'লো। সিহতে এজাহাৰ দাখিল নকৰি মোক গালি পাৰিবলৈ ধৰিলে, এগৰাকী মহিলা হৈ কেনেকৈ তই ইয়ালৈ অকলে আহিবলৈ সাহস পালি? (তাতে আকৌ দলিত), সিহতৰ খঙে চুলিৰ আগ পাইছিল।
কুমহেৰত চুন্নি লাল জাটভে চমুৱাই ক'লে, উচ্চতম ন্যায়ালয়ৰ আটাইকেইজন ন্যায়াধীশৰ শক্তি মিলি এজন মাত্ৰ পুলিচ কনিষ্টবলৰ শক্তিৰ সমান নহয়গৈ।
কনিষ্টবলকেইজনেই আমাক ভঙা-গঢ়া কৰিব পাৰে। ন্যায়াধীশে আইন পুনৰাই লিখিব নোৱাৰে আৰু দুয়ো পক্ষৰ শিক্ষিত অধিবক্তাৰ পৰা যুক্তি শুনিব লাগে। ইয়াতে হাবিলদাৰ এজনে নিজেই নিজৰ কানুন ৰচনা কৰে। তেঁও যি মৰ্জি তাকেই কৰিব পাৰে।
যদি বহু কষ্টৰ মুৰত এজাহাৰ দাখিল কৰাও হয়, তেন্তে নতুন সমস্যাই দেখা দিয়ে। এয়া 'ভৰ্তিৰ মাচুন' আৰু অইন উপঢৌকনৰ বাহিৰৰ হিচাপ। পুলিচে সাক্ষীৰ জবানবন্দী কৰাত পলম কৰে। সিহতে আনকি কিছুমান অভিযুক্তক ইচ্ছা কৰি আটক কৰিব নোৱাৰাৰ ভাও ধৰে, ভানৱাৰিয়ে কয়। ধৰিব নোৱাৰাবোৰ দৰাচলতে ঘোষিত 'পলাতক'। তাৰ পিছত পলাতকক ধৰিব নোৱাৰাৰ অজুহাত দেখুৱাই আৰক্ষীয়ে গোচৰ আগলৈ বাহাল ৰাখিব নোৱাৰাৰ আবেদন দিয়ে।
ভালেমান গাঁৱত আমি 'পলাতক'ক আচলতে বিনাদ্বিধাই ঘুৰি ফুৰা দেখিবলৈ পাইছিলো। এনে হোৱাৰ লগতে সাক্ষীৰ ভাষ্য লোৱাত দেৰি কৰাৰ ফলত ন্যায় প্ৰক্ৰিয়া সাংঘাতিক লেহেমীয়া হৈ পৰাটো স্বাভাৱিক।
ইযাৰ ফলত গাঁৱৰ আক্ৰমণকাৰীৰ পুতৌৰ পাত্ৰ হৈ দলিতসকল চলিবলগীয়াত পৰে। এনেদৰে প্ৰায়ে তেঁওলোকৰ ডকা-হকাত পৰি গোচৰত আপোচ কৰিবলৈ বাধ্য হৈ পৰে। ধোলপুৰ জিলাৰ নাকচোড়া গাঁৱত উচ্চ জাতৰ লোকে ৰামেশ্বৰ জাটভৰ ওপৰত বিশেষ ধৰণ অত্যাচাৰ চলাইছে। সিহতে তেঁওৰ নাকত ফুটা কৰি এক মিটাৰ দীঘল আৰু ২ মি.মি. ডাঠ মৰাপাটৰ ৰচী ভৰাইছে। তাৰ পিছত গোটেই গাঁওখনতে নাকত লগোৱা ৰচীত ধৰি ঘুৰাই লৈ ফুৰিছে।
সংবাদমাধ্যমে এই ঘটনাই গুৰুত্ব সহকাৰে লোৱাৰ পিছতো ৰামেশ্বৰৰ পিতৃ মাংগি লালকে ধৰি সকলোবোৰ সাক্ষীৰে সেই কথাত খং উঠে। ভুক্তভোগীয়েও নিজেই সেই অপৰাধৰ অভিযোগ উঠাই ল'লে।
ইয়াৰ কাৰণ কি? এইখন গাঁৱতে আমি জীয়াই থাকিব লাগিব, মাংগি লালে কয়। কোনে আমাক সুৰক্ষা দিব, আমি সংশয়ত মৰি আছো, তেঁওৰ এই ভাষ্য।
জ্যেষ্ঠ অধিবক্তা বানৱাৰ বাগ্ৰীয়ে কয়, যিকোনো অত্যাচাৰৰ গোচৰৰ বিচাৰ ততকালে কৰা উচিত। যদি ছমাহতকৈ বেছি পলম কৰা হয়, তেন্তে দোষীক কৰায়ত্ব কৰাৰ সম্ভাৱনা তেনেই নোহোৱা হৈ পৰে। গাঁৱত সাক্ষী-বাদীবোৰৰ মনত সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাব পাৰে। তেতিয়া তেঁওলোক হিংস্ৰ হৈ পৰিব পাৰে। উল্লেখ্য যে বানৱাৰ নিজে দলিত সম্প্ৰদায়ৰ লোক।
সাক্ষীক সুৰক্ষা দিয়াৰ কোনো ব্যৱস্থা নাই। তদুপৰি, পলম কৰা মানেই হৈছে ইতিমধ্যে পক্ষপাততুষ্ট প্ৰমাণৰ বাবে গাঁৱৰ উচ্চ জাতৰ লোকে স্থানীয় আৰক্ষীৰ সৈতে বুজাপৰা কৰি পেলাব পাৰে।
যদি গোচৰ তাতে শেষ নহৈ আগবাঢ়ে, তেন্তে উকিল বিচৰাৰ সমস্যাই দেখা দিয়ে। সকলো উকিলেই ভয়ংকৰ, চুন্নি লাল জাটভে কয়। আপুনি এনে এটা উকিলো লগ পাব পাৰে যিয়ে শেষত যেনিবা আপোনাৰ শত্ৰুৰ সৈতেই টকাৰ লেন-দেন কৰিবগৈ। যদি টকা পাই যায়, তেন্তে আপোনাৰ কোনো বাটেই নাইকিয়া হ'ব।
তাতে আকৌ খৰছটোৱে মূল সমস্যা হৈ পৰে। আইনী সাহায্যৰ আঁচনি নথকা নহয়, কিন্তু সেয়া বৰ জটিল, অধিবক্তা চেতন বাইৰৱাই কয়। জয়পুৰৰ উচ্চ ন্যায়ালয়ৰ মুষ্টিমেয়সকলৰ ভিতৰত তেঁও এজন। প্ৰপত্ৰবোৰত আপোনাৰ বাৰ্ষিক আয়ৰ সবিশেষৰ প্ৰয়োজন হয়। প্ৰায়ভাগ দলিতে দৈনিক আৰু ঋতুগত মজুৰিত কাম কৰে, আৰু তেনেস্থলত বাৰ্ষিক আয়ৰ হিচাপ দিয়াটো খুবেই খেলিমেলি ধৰণৰ কথা। তদুপৰি তেঁওলোকৰ মাজত সজাগতাৰ অভাৱো আন এক হেঙাৰ। বহুতেই আকৌ সেই সাহায্য পুঁজিৰ বিষয়ে নাজানেই। চেতন বাইৰৱাই এনেদৰে বিৱৰি কয়।
আইনী ক্ষেত্ৰখনত দলিতৰ দুৰ্বল প্ৰতিনিধিত্বই সহায়ৰ সুবিধাকণ নাইকিয়া কৰে। জয়পুৰ উচ্চ ন্যায়ালয়ত প্ৰায় ১২০০ মান উকিল আছে। তাৰে প্ৰায় আঠজন মানহে দলিত। উদয়পুৰত প্ৰায় ৪৫০ জনমানৰ ভিতৰত নজনহে দলিত। গংগানগৰত ৪৩৫ জনৰ ভিতৰত ছজন। উচ্চ পৰ্যায়ত প্ৰতিনিধিত্বৰ ক্ষেত্ৰটো অৱস্থা তেনেই শোচনীয়। উচ্চ ন্যায়ালয়ত কোনো অনুসূচীত জাতিৰ ন্যায়াধীশ নাই।
ৰাজস্থানত দলিত ন্যায়িক বিষয়া বা মুনচিফ আছে, কিন্তু এইবোৰ থকা-নথকা সমান। তেনে বিষয়া তেনেই কম আৰু সেয়া আনকি পোহৰলৈ আহিবও নিবিচাৰে, বাকী তেঁওলোকলৈ মনযোগ নিয়াটো দুৰৰে কথা।
যেতিয়া এটা গোচৰ আদালতলৈ যায়, তাতে এগৰাকী পেচকৰ (আদালতৰ ক্লাৰ্ক) য়ে সেয়া প্ৰথমতে চাব লাগে। তেঁওক টকা নিদিলে আপোনাৰ তাৰিখ ওলমি থাকিব, চুন্নি লালে কয়। মোক বিভিন্ন ঠাইত কোৱা হৈছিল, আৰু কি কম, মুঠৰ ওপৰত গোটেই ব্যৱস্থাটোৱে জমিদাৰী প্ৰথা- চুন্নি লালে কৈ যায়। "সেয়ে পেচকৰজনেও তেঁওৰ ভাগ বিচাৰে। ভালেমান দণ্ডাধীশৰ কাৰ্যালয়ত, আটাইবোৰ ন্যায়িক বিষয়া বহি দুপৰীয়াৰ আহাৰ খায় আৰু পেচকৰজনে খৰছ দিয়ে। অলপতে মই সাংবাদিকক এই কথা জানিবলৈ দিছিলো আৰু তেঁওলোকে এইবিষয়ে লিখিছিল।"
আৰু সদৌশেষত অস্বাভাৱিক ধৰণে নিম্নমানৰ বিশ্বাস নিওৱাৰ হাৰৰ কথা আছে। কিন্তু তাতে কথা শেষ নহয়।
"আপুনি ভাল ৰায়দান দিব পাৰে, কিন্তু তাৰ পিছত কাৰ্যকৰ কৰা কৰ্তৃপক্ষৰ কাম কৰাৰ ধৰণ হতাশাজনক," জয়পুৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰেম কৃষ্ণাই কয়। প্ৰেম কৃষ্ণ পিপলচ্ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজৰ সচিব। অনুসূচীত জাতিৰ ক্ষেত্ৰত আকৌ অৰ্থনৈতিক অক্ষমতা আৰু ৰাজনৈতিক সংস্থাৰ অভাৱৰো সমস্যা আছে। আনকি গাঁও পঞ্চায়তৰ সভাপতি দলিত হ'লে তাতেও তেঁওলোক আইনী মেৰপেচত তেঁওলোক তিষ্ঠিব নোৱাৰে।
টংক জিলাৰ ৰাহোলিত গাঁও পঞ্চায়তৰ দলিত সম্প্ৰদায়ৰ নিলম্বিত সভাপতি অঞ্জু ফুলৱাড়িয়াই তেঁওৰ আইনী যুঁজত হাজাৰ হাজাৰ টকা খৰছ কৰি আৰ্থিকভাৱে সৰ্বশ্ৰান্ত হৈ পৰিছে। আমাৰ জীয়ৰীজনীক ভাল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা উলিয়াই আনি চৰকাৰী স্কুলত দিবলগীয়া হৈছে, তেঁও কয়। সেই স্কুলত দিবলগীয়া হৈছে য'ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক দলিতৰ সম্পত্তি লণ্ড-ভণ্ড কৰিবলৈ উচটনি দিয়াৰ বাবে দায়ী হৈছিল।
নাকচোড়াত, মাংগি লালে নাক ফুটোৱা গোচৰটোৰ বাবে ৩০ হাজাৰ টকা পৰ্যন্ত খৰছ কৰিবলগীয়া হৈছে। গোচৰটোত তেঁও নিজে আৰু তেঁওৰ পুত্ৰই হাৰ মানিছে। খৰছ উলিয়াবলৈ নিজৰ যত্সামান্য মাটিৰ তিনিভাগৰ এভাগ বিক্ৰী কৰি দিবলগীয়ৈ হৈছে।
ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী অশোক গেহলটে পৰিস্থিতি সলনি কৰাৰ সদিচ্ছা দৰ্শোৱা যেন লাগে। চুড়ান্ত প্ৰতিবেদন (এফআৰ) অথবা বন্ধ গোচৰবোৰৰ এক যাদৃশ্যিক সমীক্ষা চলোৱাৰ ইচ্ছা থকাৰ কথা তেঁও কৈছে। যদি উদ্দেশ্যপ্ৰণোদিতভাৱে গোচৰ সমাধা নকৰাৰ ঘটনা পোৱা যায়, তেন্তে অনুসন্ধান লঘু কৰাসকলৰ শাস্তি দিয়া হ'ব, তেঁও জয়পুৰত এনেদৰে কৈছিল। দুৰ্বল শ্ৰেণীৰ লোকক যাতে অন্যায়ভাৱে পদৰ পৰা স্থানচ্যুত কৰা নহয়, তাৰ বাবে পঞ্চায়তী আইনৰ সংশোধনৰ কথাও নিশ্চিত কৰি কৈছিল তেঁও।
অঞ্জু ফুলৱাড়িয়াৰ দৰে খুব কমেইহে গাঁও পঞ্চায়তৰ সভাপতিহে দৰাচলতে ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ভুক্তভোগী হ'বলগীয়া হৈছিল। সেই প্ৰক্ৰিয়াক ওলোটা কৰিবলৈ গৈ গেহলটে কেৱল ৰাজনৈতিক মুনাফাহে পাব পাৰে। কিন্তু তেঁওৰ আগত আছে এক কঠিন আৰু বৃহত কাম। ব্যৱস্থাটোৰ বিশ্বাসযোগ্যতা কেতিয়াও ইমান কম নাছিল।
আমাৰ আইনী বা ন্যায়িক প্ৰক্ৰিয়াটোত সামান্যতমো বিশ্বাস নাই, ৰাম খিলাড়িয়ে কয়। আমি জনাত আইন কেৱল ডাঙৰ মানুহৰ কাৰণেহে।
এয়া মুঠৰ ওপৰত ৰাজস্থান। মনুৰ দীঘল ছাঁ আদালতৰ ভিতৰতো পৰিছে। তাতে আম্বেদকাৰ হৈ পৰিছে বহিৰাগত।
দুটা খণ্ডৰ এই প্ৰতিবেদনখনত অপৰাধ সংক্ৰান্ত ডেটা ১৯৯১-৯৬ ৰ সময়চোৱাৰ। এই ডেটা লোৱা হৈছে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ ৰাজস্থানৰ ১৯৯৮ৰ প্ৰতিবেদনৰ পৰা লোৱা হৈছে। ইয়াৰে প্ৰায়ভাগ পৰিসংখ্যা তেতিয়াতকৈ অধিক শোচনীয় হৈ পৰিব পাৰে।
দুটা অংশত বিভক্ত এই প্ৰতিবেদন মূলতঃ দা হিন্দুত ১৯৯৯ ৰ জুন মাহত প্ৰকাশিত হৈছিল। এমনেষ্টি ইণ্টাৰনেছনেল গ্লোবেল এৱাৰ্ডৰ মানৱধিকাৰ সংক্ৰান্ত সাংবাদিকতাৰ শিতানত আৰম্ভণি বৰ্ষ ২০০০ চনৰ শ্ৰেষ্ঠ প্ৰতিবেদন হিচাপে এই প্ৰতিবেদনখন সন্মানিত হৈছিল।