দুবছৰ আগতে ৰুকছানাই বিহাৰৰ দাৰভাংগা জিলাৰ তেওঁৰ স্বামীৰ গাওঁ মোহন বাহেৰাত ৰেচন কাৰ্ডৰ বাবে দৰ্খাস্ত কৰিছিল। সেই মাহত পৰিয়ালে নিৰ্মাণ কৰা পকী ঘৰটোৰ কাম সম্পূৰ্ণ কৰি ৰুকছানাই আধাৰ কাৰ্ডৰ বাবেও আবেদন জনাইছিল। ইতিমধ্যে আধাৰ কাৰ্ড ৰুকছানাই পাইছে। আগতে তেওঁ ৰেচন কাৰ্ডৰ বাবে দুবাৰ আবেদন জনাইছিল যদিও নাপালে।
এইবাৰ তৃতীয়বাৰৰ কাৰণে ২০১৮ৰ আগষ্টত আকৌ তেওঁ আবেদন জনালে আৰু এতিয়া অপেক্ষাৰ বাবে সাজু হৈছিল।
ৰুকছানাৰ বয়স ৩০ বছৰ আৰু স্বামী মহম্মদ ৱাকিলৰ বয়স ৩৪ বছৰ, দুয়ো কঠোৰ পৰিশ্ৰম কৰি ভালকৈ ঘৰ চলাইছিল। পশ্চিম দিল্লীৰ পেটেল নগৰত ৰুকছানাই পাঁচখন ঘৰত কাম কৰে আৰু ৱাকিলে দৰ্জ্জীৰ কাম কৰে। তেওঁলোক দুয়ো মাহে প্ৰায় ২৭ হাজাৰ টকা উপাৰ্জন কৰে। ছয়জনীয়া পৰিয়ালটো (১২,৮,২ বছৰীয়া তিনি কন্যাসন্তান আৰু ১০ বছৰীয়া পুত্ৰসন্তান)ৰ যাৱতীয়া সকলো খৰছ কৰি তথা গাঁৱত থকা গৃহিণী মাতৃলৈ ৱাকিলে মাহে ২০০০ টকাকৈ পঠিওৱাৰ পিছত প্ৰতি মাহে অলপ টকা জমা কৰি পাৰিছিল।
কঠোৰ শ্ৰমৰ ফল তেওঁলোকে পাইছিল। পশ্চিম দিল্লীৰ নতুন ৰঞ্জিত নগৰ এলেকাৰ ৱাকিলে তেওঁ নিজৰ এখন সৰু চিলাইৰ দোকান খুলিলে। চিলাই দোকানত কাম কৰি মাহে ১২,০০০ টকা উপাৰ্জন কৰাতকৈ বেছি উপাৰ্জনৰ আশাত নিজৰ দোকান খুলিছিল। সেয়া আছিল ২০২০ৰ ১৫ মাৰ্চৰ সময়।
মাত্ৰ এটা সপ্তাহৰ পিছত সমগ্ৰ ভাৰতত ৰাষ্ট্ৰজোৰা তলাবন্ধ বলবৎ কৰা হ’ল
ৰুকছানাই কাম কৰা ঘৰৰ মালিকবিলাকে তেওঁৰ কাম কৰিবলৈ আহিব নালাগে বুলি ক’লে আৰু এই কথা পৰিষ্কাৰ হৈ পৰিল যে তলাবন্ধৰ মাহকেইটাত মালিকবিলাকে দৰমহা নিদিয়ে। মাত্ৰ এখন ঘৰত ৰান্ধনীৰ কাম কৰি আগতে মাহে ১৫,০০০ টকা পোৱাৰ বিপৰীতে এতিয়া ২,৪০০ টকা পায়। জুন মাহত সেই কামটোও ৰুকছানাই হেৰুৱালে। সেই সময়তে এঘৰত ৰন্ধা আৰু ঘৰ চাফাই কৰা কাম এটা পালে, কিন্তু নতুন নিয়োগকৰ্তাৰ ‘সৰ্বাধিক সংক্ৰমণকাৰী’ সম্পৰ্কে প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বিগ্ন, সেয়ে তেওঁ ৰুকছানাক মছজিদলৈ যায় নেকি বুলি জানিব বিচাৰিলে। “মই অসন্তুষ্ট হোৱা নাছিলো। ক’ৰণাৰ কাৰণে সকলো আতংকিত, সেয়ে নতুন মালিকৰ উদ্বিগ্নতাৰ কাৰণ মই বুজিব পাৰিছিলো,‘ ৰুকছানাই কয়। ’








