“আমাৰ দৰে মানুহৰ বাবে জনকীয়া হোটেল ভৰসাৰ ডাঙৰ থল হৈ পৰিছে, বিশেষকৈ তলাবন্ধৰ বাবে কৰ্মহীন হৈ পৰা সকলৰ বাবে,” তিৰুৱনন্তপুৰমৰ এম জি ৰোডত থকা হোটেলৰ বিক্ৰী কেন্দ্ৰত পেকেট খাদ্য ক্ৰয় কৰিবলৈ অপেক্ষা কৰি থকা আৰ ৰাজুৱে কয়।
৫৫ বছৰীয়া কাঠমিস্ত্ৰী ৰাজুৱে এমাহৰ অধিক দিন সদায় চাইকেলেৰে তিনি কিলোমিটাৰ দূৰৰ পৰা আহি ২০ টকাত খাদ্যৰ পেকেট ক্ৰয় কৰে। খাদ্যৰ পেকেটটোত ভাত, আচাৰ, তিনি ধৰণৰ আঞ্জা আৰু শাক-পাচলিৰ এখন ভাজি থাকে। শাক-পাচলি মিহলি কৰি বনোৱা ভাজিখনৰ “বৰ সোৱাদ”, তেওঁ কয়।
তলাবন্ধৰ সময়ৰে পৰা কৰ্মহীন হৈ পৰা ৰাজুৱে কয়, “তলাবন্ধৰ ঘোষণা কৰাৰ পিছত চিন্তিত হৈ পৰিছিলো, মোৰ অতি কম জমা ধন আছিল আৰু দুমাহ ধৰি খোৱা বস্তু ক্ৰয় কৰিব পাৰিম বুলি ভবা নাছিলো। ইয়াত খাদ্য কিনাৰ বাবে মোক মাহে মাত্ৰ ৫০০ টকাৰ প্ৰয়োজন হয়।”
কল চেণ্টাৰত কাম কৰা টি কে ৰবীন্দ্ৰনে এই সময়খিনিত জনকীয়া হোটেলৰ সস্তা দামত ক্ৰয় কৰিব পৰা আহাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। এম জি ৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰৰ পেট্টাহ এলেকাৰ ভাড়াঘৰত ৰবীন্দ্ৰন অকলে থাকে। তেওঁ কাৰ্যালয়ৰ কেণ্টিনত বিয়লি আহাৰ খাইছিল। সমগ্ৰ দেশত ২৫ মাৰ্চৰ তলাবন্ধ ঘোষণা কৰাৰ কেইদিনমান আগতে কেৰালা চৰকাৰে তলাবন্ধ ২৩ মাৰ্চত ঘোষণা কৰাৰ বাবে কেণ্টিনখন বন্ধ হৈ গ’ল। “আন ৰেষ্টুৰেণ্টবিলাক মহঙা। আনকি ঘৰত দি যোৱাৰ বাবদ যথেষ্ট মূল্য ভৰিব লাগে,” ৰবীন্দ্ৰনে কয়। তেওঁ দুবছৰৰ আগতে ৭০ কিলোমিটাৰ দূৰৰ কোল্লামৰ পৰা তিৰুৱনন্তপূৰম চহৰলৈ আহিছিল।
জনকীয়া হোটেলৰ খুচুৰা বিক্ৰীকেন্দ্ৰত তেওঁ আৰু ৰাজু উপস্থিত হোৱাৰ সময়ত ১০ গৰাকী মহিলাৰ এটা দলে আহাৰৰ পেকেটবিলাক সাজু কৰাত ব্যস্ত হৈ আছিল। প্ৰতিদিনে তেওঁলোকে প্ৰায় ৫০০ টা দুপৰীয়াৰ আহাৰৰ পেকেট সাজু কৰে। প্লাষ্টিক আৱৰণ থকা কাগজত ভাত দি বাতৰি কাগজেৰে মেৰিয়াই দিয়ে আৰু নিগৰি ওলাই নহাৰ বাবে আঞ্জা চিলভাৰ ফইলত বান্ধি দিয়ে। জনকীয়া হোটেল (জনতাৰ হোটেল)য়ে খাদ্যৰ টোপোলা সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ যোগান ধৰে।











