বিৱৰ্ণ প্ৰাচীৰৰ এটা দুমহলীয়া ঘৰৰ ওপৰৰ মহলাত থকা তেওঁৰ কোঠাৰ এটা চুকত বহি আজলান আহমেদে উদ্দেশ্যহীনভাৱে নিজৰ ফোনটোত ব্যস্ত হৈ আছিল। তেওঁৰ হাত দুখন কঁপিছিল আৰু কাশ্মীৰি ভাষাতে কান্দি কান্দি মাকক কৈছিল, ‘মোৰ কি হৈছে মই নাজানো।’ মূৰ আৰু শৰীৰ বিষোৱা বুলি আজনালে ক’লে। আজলানৰ মাতৃ ছাকিনা বেগমে ৰান্ধনি ঘৰলৈ গৈ এগিলাচ পানী আনি দিলে। কান্দোন আৰু চিঞৰ শুনি আজলানৰ পিতৃ বছিৰ আহমেদ কোঠালৈ সোমাই আহিল আৰু তাক শান্ত কৰিবলৈ চেষ্টা কৰিলে। চিকিৎসকে কৈছে যে এইবিলাক আসক্তিৰ পৰা মুক্ত হোৱাৰ লক্ষণ।
সময় পাৰ হোৱাৰ লগে লগে ছাকিনা আৰু বছিৰ (গোপনীয়তাৰ খাতিৰত দুয়োজনৰ বেলেগ নাম দিয়া হৈছে) আহমেদে তেওঁলোকৰ ২০ বছৰীয়া পুত্ৰ আজলানৰ কোঠাটো বন্ধ কৰি ৰখা হ’ল। ঘৰটোৰ ১০ খন খিৰিকীও বন্ধ কৰি ৰখা হ’ল। কোঠাটো ৰান্ধনি ঘৰৰ কাষত, মাকে ৰান্ধনি ঘৰৰ পৰাই কোঠাটোলৈ চাই থাকিব পাৰে। ‘নিজৰ ল’ৰাটোক আপুনি তলা বন্ধ কৰি ৰখাটো অতি বেদনাদায়ক। কিন্তু আন উপায় নাই,’ ৫২ বছৰ বয়সীয়া ছাকিনা বেগমে ক’লে। কিয়নো ঘৰৰ পৰা ওলাব পাৰিলেই ড্ৰাগছ বিচাৰি যাব। সেই ভয়তে দুৱাৰ বন্ধ কৰি ৰখা হয়।
স্কুললৈ যাবলৈ এৰি দি নিবনুৱা হৈ পৰা আজলানে ড্ৰাগছ আসক্ত হৈ পৰা এতিয়া দুবছৰ হ’ল। নিচাসক্ত হৈ থাকিবলৈ জোতাৰ ৰং ব্যৱহাৰ কৰাৰ অভ্যাস চাৰি বছৰৰ আগতেই আৰম্ভ হৈছিল। তেতিয়াৰে পৰা নিচাযুক্ত ঔষধ আৰু চাৰস (গাঞ্জাৰ পৰা তৈয়াৰী নিচাযুক্ত দ্ৰব্য) ব্যৱহাৰ কৰিবলৈ ধৰে আৰু পাছত হিৰ’ইন সেৱন কৰিবলৈ ধৰে।
ড্ৰাগছ সেৱনে আজলানৰ পৰিয়ালৰ মুৰত সৰগ ভঙা যেন কৰিলে। তেওঁলোক দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ চুৰছু এলেকাত থাকে। ‘আমাৰ যিমান মূল্যৱান বস্তু আছিল, মাকৰ কাণফুলিৰ পৰা আৰম্ভ কৰি বায়েকৰ আঙঠিলৈ সকলো বিক্ৰি কৰি ড্ৰাগছ কিনিলে।’ ৫৫ বছৰীয়া বছিৰে ক’লে। সি যেতিয়া ৫০,০০০ টকা উলিয়াই নিলে, তাৰ বহু পাছত আজলানৰ ড্ৰাগছ সেৱনৰ বিষয়ে জানিব পাৰিলে। ‘আমাৰ ঘৰলৈ অহা আলহীয়েও ক’বলৈ ধৰিলে যে তেওঁলোকৰ টকা ইয়াত চুৰি হৈছে,’ আজলানৰ পিতৃয়ে ক’লে।
হিৰ’ইন কিনিবলৈ ৩২ বছৰ বয়সীয়া বায়েকৰ আঙুলিৰ পৰা যেতিয়া তেওঁৰ ল’ৰাই আঙঠি খুলি লৈ যোৱা বছিৰে দেখিলে, তেতিয়াহে সমস্যাৰ গভীৰতাক বছিৰ উদ্বিগ্ন হৈ পৰিল। ‘ইয়াৰ পিচদিনাই মই তাক নিচামুক্তি কেন্দ্ৰলৈ লৈ যাও, এইটো শ্ৰীনগৰত আছে, চিকিৎসাৰ বাবে ইয়ালৈ লৈ আহিল। ভবা নাছিলো যে এদিন তাক ড্ৰাগছ সেৱনকাৰী বুলি কোৱা হ’ব,’ তেওঁ কয়।




