মুৰালীধৰ জাৱাহিৰে কাম কৰিবলৈ বহোতে ভুল হোৱা বা মনোযোগ ভংগ হোৱাৰ অৱকাশ নাথাকে। ক্ষিপ্ৰ গতিৰে তেওঁৰ হাত চলে আৰু সুক্ষ্মতাৰে তোৰণৰ বিভিন্ন অংশ সংযোগ কৰে, কপাহী সূতাৰে বস্তুবোৰ একেলগে বান্ধি লয়। তেওঁ প্ৰায় প্ৰতিদিনে বাঁহেৰে তৈয়াৰ কৰা সৰু সৰু বেষ্টনীত সকলো বস্তু সংলগ্ন কৰাত ৭০ বছৰীয়া হস্তশিল্পীজনে সম্পূৰ্ণ মনযোগ ঢালি কাম কৰে।
মহাৰাষ্ট্ৰৰ ইচালকাৰাঞ্জি চহৰত থকা মাটি আৰু ইটাৰ সেউজ-নীলা-বৰণীয়া ঘৰটোৰ বাহিৰত থকা কাম কৰা ঠাইত তেওঁৰ তোৰণ তৈয়াৰ কৰা বাঁহৰ কাঠি, ৰঙীন কাগজ, আঠা, পুৰণি বাতৰি কাগজ আৰু আন বহুতো সামগ্ৰী ইফালে-সিফালে পৰি আছে। কেইঘণ্টামানৰ পিছত এই সামগ্ৰীসমূহ লগ লগাই তৈয়াৰ কৰিব তোৰণ - অৰ্থাৎ ঘৰ আৰু মন্দিৰৰ দুৱাৰৰ চৌকাঠত লগাই ধুনীয়াকৈ সজাবলৈ ব্যৱহাৰ কৰা মালাৰ নিচিনা এইবিধ সামগ্ৰী।
মুৰালীধৰণে শোটোৰা পৰা হাতৰ তলুৱাৰে পলকতে বাঁহৰ কাঠিবিলাক একে আকাৰৰ ৩০ টুকুৰা কৰি পেলালে। তেওঁ অনুমানৰ ওপৰত ভিত্তি কৰি এই বাঁহৰ কাঠিবিলাকেৰে ৯টা সমবাহু ত্ৰিভুজ তৈয়াৰ কৰিলে। ৩ বা ১০ ফুট দীঘল বাঁহৰ কাঠিবিলাকত এই ত্ৰিভুজবিলাক লগাই দিলে।
মাজে মাজে মুৰালীধৰে এলুমিনিয়ামৰ চৰিয়াটোত আঙুলিবিলাক জুবুৰিয়াই লয়, চৰিয়াটোত খাল অৰ্থাৎ তেতেলীগুটিৰ পৰা তৈয়াৰ কৰা এবিধ আঠা আছে। ৬০ বছৰত প্ৰৱেশ কৰা তেওঁৰ পত্নী শোভাই সেইদিনা পুৱা এই আঠা তৈয়াৰ কৰি দিছিল।
“কাম কৰোঁতে তেওঁ এটা শব্দও উচ্চাৰণ নকৰে, আৰু কোনেও তেওঁক হস্তক্ষেপো কৰিব নোৱাৰে,” শোভাই কয়।
মুৰালীধৰে যেতিয়া বাঁহেৰে ফ্ৰেমবোৰ তৈয়াৰ কৰে, সেই সময়ত শোভাই সেইটোৰ সজোৱাৰ কামখিনি কৰে। তেওঁ ঘূৰণীয়াকৈ কটা কাগজৰ ৰঙীন টুকুৰাবিলিকা এডাল সূতাৰে গুঠি পেলায়। “মই যেতিয়া ঘৰুৱা কামৰ পৰা আজৰি হওঁ, তেতিয়া এই কাম কৰো। কিন্তু এইটো কৰিলে চকুত খুব চাপ পৰে,” শোভাই কয়।


















