‘এতিয়া আমি দৈনিক ২৫ ঘৰ মানুহৰ ওচৰলৈ যাব লাগে, এমাহত এঘৰ মানুহলৈ চাৰিবাৰ যাব লাগিব,’ সুনীতা ৰাণীয়ে কয়। ‘কৰ’ণাভাইৰাছৰ জৰীপ কৰিব লাগিব।’ ১০ দিন ধৰি তেওঁ এনেকৈ মানুহৰ ঘৰলৈ গৈ আছে, ইফালে হাৰিয়ানাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে ১৮০ জনৰ সংক্ৰমণ নিশ্চিত হৈছে আৰু ১৪ এপ্ৰিললৈকে দুজন লোকৰ মৃত্যু হৈছে।
‘এই ৰোগৰ কাৰণে মানুহ শংকিত হৈ পৰিছে। বহুতে ভাবে স্পৰ্শৰ দ্বাৰা এই ৰোগ বিয়পে। তেওঁলোকে সংবাদ মাধ্য়মত ‘সামাজিক দূৰত্ব’ৰ কথা কয়। মই যেতিয়া কৰ’ণাভাইৰাছৰ বিষয়ে বুজাও আৰু কেনেকৈ আঁতৰি থাকিব লাগে সেই বিষয়ে কওঁ, ময়ো নাজানো সিহঁতে কেনেকৈ এই নিয়ম মানি চলিব,’ সুনীতাই কয়। ‘সাতজন মানুহ একেলগে কাম কৰা ১০ বৰ্গফুটৰ এটা কোঠাৰ ভিতৰত সামাজিক দূৰত্বৰ কি অৰ্থ আছে?’ তেওঁ কয়।
৩৯ বছৰীয়া সুনীতা হাৰিয়ানাৰ সোণিপট জিলাৰ নাথুপুৰ গাঁৱত কাম কৰি থকা স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা কৰ্মী)। ৰাষ্ট্ৰীয় জনস্বাস্থ্য ব্যৱস্থাৰ লগত দেশৰ গ্ৰাম্য জনসাধাৰণক সংযোগ কৰা ১০ লাখৰো অধিক ‘আশা কৰ্মী’ৰ মাজৰ এগৰাকী সুনীতা। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ বাবে বৃহত্তম সংকট হৈ পৰা ক’ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিৰোধৰ যুঁজত জৰিত হৈ পৰা ব্যস্ততাপূৰ্ণ একোটা দিনত তেওঁলোককৰ কামৰ তালিকাত ৬০ বিধ কাম অন্তৰ্ভুক্ত- নৱজাতকক টিকা দিয়াৰ পৰা সন্তানসম্ভৱা মহিলাৰ যত্ন লোৱা তথা জন্ম নিয়ন্ত্ৰণৰ পৰামৰ্শ দিয়া আদি সকলো কাম এতিয়া ওলট-পালট হৈ পৰিছে।
১৭ মাৰ্চত হাৰিয়ানাত যেতিয়া গুৰুগ্ৰামৰ প্ৰথমটো ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহে, তেতিয়াও সোণিপট জিলাৰ আশাকৰ্মীসকলে তেওঁলোকৰ তত্বাৱধায়কৰ পৰা এই ৰোগ সম্পৰ্কে কোনো নিৰ্দেশ লাভ কৰা নাছিল। চাৰিদিনৰ পিছত সোণিপট জিলাৰ প্ৰথমটো ক’ভিড-১৯ ৰোগী ওলাল। নতুনকৈ ল’বলগীয়া সুৰক্ষা ব্যৱস্থা সম্পৰ্কে তেতিয়াও তত্বাৱধায়কে কোনো যোগাযোগ কৰা নাছিল। আশাকৰ্মীসকলে নিজে কেনে সুৰক্ষা পদক্ষেপ ল’ব আৰু গাওঁবাসীক কেনেকৈ প্ৰতিষেধক সম্পৰ্কে সজাগ কৰিব, কোনো নতুন নিৰ্দেশ পোৱা নাছিল। ৰাষ্ট্ৰজোৰা তলাবন্ধ বলবৎ হৈ থকা আৰু ক’ভিড-১৯ৰ ভয়াৱহতাৰ তথ্য প্ৰকাশ পোৱাৰ পিছত ২ এপ্ৰিলত মাৰাত্মক এছ এ আৰ এছ-কৰ’ণাভাইৰাছ-২ ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ সৰ্বাগ্ৰে উদ্যোগ গ্ৰহণ কৰাৰ বাবে সুনীতাকে ধৰি ১২৭০ গৰাকী সোণিপটৰ আশাকৰ্মীক প্ৰশিক্ষিত কৰা হ’ল।
তেওঁৰ গাঁৱৰ কমেও ১০০০ লোকৰ দায়িত্বত থকা সুনীতাৰ নতুন দায়িত্বৰ ভিতৰত এইবাৰ তেওঁৰ কৰ্মস্থানৰ পৰিধিৰ ভিতৰত থকা প্ৰতিটো পৰিয়ালৰ বিতং তথ্য নথিভুক্ত কৰিবলগা হ’ল, পৰিয়ালৰ সকলো সদস্যৰ বয়স, শেহতীয়াভাবে কোনো সদস্য আন দেশৰ পৰা আহিছে নেকি, ক’ভিড-১৯ৰ দ্বাৰা সহজে সংক্ৰমিত হ’ব পৰা, কোনো শাৰীৰিক সমস্যা আছে নেকি, অৰ্থাৎ কৰ্কট বা যক্ষ্মা অথবা হৃদৰোগৰ সমস্যা আছে নেকি আদি। ‘মই সকলোকে পৰীক্ষা কৰো, কৰ’ণাভাইৰাছৰ নিচিনা লক্ষণ থকা ইনফ্লুয়েঞ্জা সম্পৰ্কে টোকা লিখো। এইবিলাক টান কাম নহয়, সকলো তথ্য নথিভূক্ত কৰা কামৰ সৈতে মই অভ্যস্ত, কিন্তু পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰিছে, সুনীতাই কয়।




