বালাজী হাট্টাগালে এদিন কুঁহিয়াৰ কাটি আছিল। পিছদিনা তেওঁ নাছিল। এইখিনিয়ে তেওঁৰ পিতৃ-মাতৃয়ে জানে, আৰু অলপ জনাৰ ইচ্ছা তেওঁলোকৰ থাকি গ’ল। “অনিশ্চয়তাই আমাক মৰ্মাহত কৰিছে,” বালাজীৰ পিতৃ বাবাচাহেব হাট্টাগালে কয়। জুলাইৰ এটা আবেলি এচপৰা ক’লা ডাঁৱৰে বাবাচাহেবৰ এটা কোঠাৰ ইটাৰ ঘৰটো অন্ধকাৰ কৰি পেলালে, তেওঁৰ কণ্ঠত বিষাদ আৰু বেদনাকে সেই অন্ধকাৰে প্ৰতিকী ৰূপত ধৰা দিছে। তেওঁ কয়, “আমি মাথো জানিব বিচাৰো আমাৰ ল’ৰাটো জীয়াই আছে নে নাই।”
২০২০ৰ নৱেম্বৰত বাবাচাহেব আৰু তেওঁৰ পত্নী সংগীতাই শেষবাৰৰ বাবে তেওঁলোকৰ ২২ বছৰীয়া পুত্ৰক দেখিছিল। কৰ্ণাটকৰ বেলাগাভি (বা বেলগাম) জিলাৰ কুঁহিয়াৰ খেতিত কাম কৰিবলৈ বালাজীয়ে মহাৰাষ্ট্ৰৰ বীড় জিলাৰ কাৰিৱাড়াগাওঁ গাঁৱৰ ঘৰ এৰি গৈছিল।
পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত কুঁহিয়াৰ কাটিবলৈ বছৰটোৰ প্ৰায় ছটা মাহ মাৰাঠৱাড়া অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা লাখ লাখ শ্ৰমিকৰ ভিতৰত ২২ বছৰীয়া বালাজীও এজন। প্ৰতিবছৰে দেৱালী উৎসৱৰ পিছত নৱেম্বৰ মাহত শ্ৰমিকসকলে গাওঁ এৰি যায় আৰু মাৰ্চ বা এপ্ৰিলত ঘৰলৈ ঘূৰি আহে। কিন্তু এইবছৰ বালাজী ঘূৰি নাহিল।
মাক-দেউতাকে প্ৰায় দুই দশক ধৰি এই কাম কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কুঁহিয়াৰ কাটিবলৈ বালাজীয়ে ঘৰ এৰিছিল। বাবাচাহেবে কয়, “কুঁহিয়াৰ কাটিবলৈ মোৰ পত্নী আৰু মই কমেও ২০ বছৰ প্ৰব্ৰজিত হৈছিলো। কুঁহিয়াৰ কটাৰ বতৰত আমি দুয়োজনে ৬০ৰ পৰা ৭০ হাজাৰ টকা উপাৰ্জন কৰিছিলো। এয়া আমাৰ একমাত্ৰ নিশ্চিত উপাৰ্জন। আনকি স্বাভাৱিক দিনবোৰতো বীড় জিলাত দিনমজুৰৰ কাম পোৱাৰ নিশ্চয়তা নাথাকে, ক’ভিডৰ পিছত পৰিস্থিতিৰ অৱনতি ঘটিল।”
মহামাৰীৰ সময়ত খেতিপথাৰ আৰু নিৰ্মাণক্ষেত্ৰত দিনমজুৰিৰ কাম বিচাৰি পোৱা পৰিয়ালটোৰ বাবে কঠিন হৈ পৰিছিল। বাবাচাহেবে কয়, “২০২০ৰ মাৰ্চৰ পৰা নৱেম্বৰলৈ আমি কেতিয়াবা সামান্য পইচা উপাৰ্জন কৰিছিলো।” ক’ভিড-১৯ আৰম্ভ হোৱাৰ আগতে বীড় জিলাৰ ৱাড়ৱানি তালুকৰ নিজৰ গাঁৱলৈ উভতি অহাৰ পূৰ্বে বাবাচাহেবে সাধাৰণতে সপ্তাহত দুই-তিনিদিন কাম কৰি দৈনিক ৩০০ টকাকৈ উপাৰ্জন কৰিছিল।
যোৱা বছৰ নৱেম্বৰত যেতিয়া প্ৰব্ৰজনৰ সময় হ’ল, বাবাচাহেব আৰু সংগীতাই ঘৰতে থকাৰ সিদ্ধান্ত ল’লে, কিয়নো বৃদ্ধা মাতৃ খুব অসুস্থ আৰু সকলো সময়তে তেওঁক চোৱাচিতা কৰিব লাগে। বাবাচাহেবে কয়, “আমি ঘৰতে থাকিব বিচাৰিলো আৰু আমাৰ সলনি এইবাৰ আমাৰ ল’ৰাটো কুঁহিয়াৰ কাটিবলৈ গ’ল।”









