‘ইয়াত গাঁৱৰ স্কুলৰ শিক্ষাৰ মান ভাল নহয়। সেই কাৰণে মোৰ ছোৱালী দুজনীক মই বাৰানসীলৈ লৈ আহিলো। বাৰানসী চহৰৰ এখন বিদ্যালয়ত নামভৰ্তি কৰাৰ তিনি মাহৰ ভিতৰত সিহঁতক আকৌ গাঁৱলৈ ঘূৰাই লৈ যাব লাগিব বুলি কোনে জানিছিল?’ উত্তৰ প্ৰদেশৰ বাৰানসী চহৰৰ ৰেস্তোঁৰাৰ ৰান্ধনিশালত কাম কৰি মাহে ১৫,০০০ টকা উপাৰ্জন কৰা অৰুণ কুমাৰ পাছৱানে ক’ভিড-১৯ তলাবন্ধৰ বাবে মাৰ্চত বন্ধ হৈ নোযোৱালৈকে কাম কৰিছিল।
মে’ মাহৰ আৰম্ভণিতে যেতিয়া অৰুণ কুমাৰে পৰিয়ালৰ বাবে খাদ্য সংগ্ৰহ কৰিব নোৱাৰা হ’ল, তেতিয়া তেওঁ ভাবিলে যে বাৰানসীৰ পৰা ২৫০ কিলোমিটাৰ দূৰৰ বিহাৰৰ গয়া জিলাৰ নিজ গাওঁ মায়াপুৰলৈ ঘূৰি যাব। ‘কাইলৈ পুৱা তিনি বজাতে মই সপৰিয়ালে আন কেইজন লোকৰ সৈতে যাত্ৰা আৰম্ভ কৰিম,’ ৮ মে’ত পাছৱানে মোক ফোনত কৈছিল। ‘আমি প্ৰথমতে উত্তৰ প্ৰদেশ-বিহাৰ সীমান্তলৈ যাম আৰু তাৰ পৰা বাছ ধৰিম। তাৰ পৰা বাছৰ ব্যৱস্থা থাকিব যেন লাগিছে। ৰাস্তাত ট্ৰাক পালে আমাক সীমান্তত থৈ আহিবলৈ ক’ম।’
দুই জীয়ৰী ৮ বছৰীয়া ৰ’লি আৰু ৬ বছৰীয়া ৰাণী আৰু ৩ বছৰীয়া পুত্ৰ আয়ুষক লগত লৈ তিনিটা শিশুৰ সৈতে অৰুণ কুমাৰ পাছৱান আৰু তেওঁৰ ২৭ বছৰীয়া পত্নী সবিতাই পিছদিনা পুৱা যাত্ৰা কৰিলে। ৫৩ কিলোমিটাৰ দূৰত থকা ৰাজ্যিক সীমান্তৰ তালাচী চকী কৰমনাছালৈ তেওঁলোকে খোজ কাঢ়িলে। তাত বাছত উঠাৰ অনুমতি পোৱাৰ আগতে বিহাৰৰ কাইমূৰ জিলা প্ৰশাসনে স্থাপন কৰা স্বাস্থ্য পৰীক্ষা শিবিৰত ‘থাৰ্মেল স্কেনিং’ কৰাব লাগিব। ‘ভাগ্যক্ৰমে আমি তাৰ পৰা ৰাজ্যিক পৰিবহন বিভাগৰ এখন বাছ পালো, সেই বাছখনে আমাক গয়ালৈকে লৈ গ’ল।’ ১১ মে’ত মায়াপুৰ গাঁৱত উপস্থিত হোৱাৰ পিছত পাছৱানে মোক টেলিফোনত জনালে। গয়া গৈ পোৱাৰ পিছত গাঁৱলৈ যোৱা আন এখন বাছৰ বাবে তেওঁলোক ৰ’ব লগা হ’ল, গাঁৱত গৈ পোৱাৰ পিছত তেওঁ চেলফ-আইছ’লেশ্যনত থাকিবলগা হ’ল।
গাঁৱৰ ঘৰলৈ আহিবলৈ পাই ৰাণীয়ে ভাল পালে, কিন্তু বাৰানসী স্কুলৰ ইউনিফৰ্মজোৰলৈ মনত পৰা বুলি ৰ’লিয়ে পাছৱানক কৈছে
২০১৯ৰ আগষ্টৰ পৰা কাম কৰা বাৰানসীৰ ৰেস্তোঁৰাখন প্ৰথমতে জনতা সান্ধ্য আইনৰ বাবে ২২ মাৰ্চত বন্ধ হয়, তাৰ পিছত আকৌ ২৫ মাৰ্চৰ পৰা দেশজোৰা তলাবন্ধ আৰোপ কৰা হয়। মাৰ্চৰ মাজভাগত তেওঁ শেষ দৰমহাটো পাইছিল, কিন্তু এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা পৰিস্থিতি বেয়ালৈ গতি কৰে। বাৰানসী জিলা প্ৰশাসনৰ বিষয়াই বিতৰণ কৰা খাদ্যৰ পেকেট সংগ্ৰহ কৰিবলৈ দিনে দুবাৰ দীঘলীয়া শাৰীত থিয় হ’ব লাগে।
কিন্তু ৮ মে’ত পাছৱানে মোক ক’লে, ‘যোৱা চাৰিদিন ধৰি চৰকাৰী খাদ্যৰ পেকেট আমি পোৱা নাই। আমাৰ খাবলৈ একো নাই। ইয়াৰ পৰা যোৱাৰ বাদে আমাৰ বিকল্প নাই।’






