আমি সোমবাৰৰ পৰা কাম পোৱা নাই (১৬ মাৰ্চ)। ক’ৰপৰা টকা আহিব? নিজৰ সাত বছৰীয়া নাতিনীয়ে ৫ টকা এটা খুজি থকাৰ প্ৰসংগ উলিয়াই বন্দনা উমবৰ্ষদাই কয়।
পালঘৰ জিলাৰ কাৱাটেপাৰাৰ ঘৰৰ বাৰান্দাত বহি থকা ৫৫ বৰ্ষীয় বন্দনাই মহাৰাষ্ট্ৰৰ ৱাড়া তালুকৰ বিভিন্ন নিৰ্মাণস্থলীত কাম কৰে। তেওঁ কয়, ‘কি হৈছে আমি নাজনো। বেমাৰ এবিধ সোঁচৰিছে আৰু চৰকাৰে ঘৰৰ পৰা বাহিৰ ওলাবলৈ মানা কৰিছে বুলি কৈ মোৰ ল’ৰাই মোক ঘৰত থাকিবলৈ কৈছে।’
সন্ধিয়া ৪ মান বাজিছে। বন্দনাৰ ঘৰৰ আগত চুবুৰীৰ সমাগম ঘটিছে। সকলোৱে বিভিন্ন বিষয়, ঘাইকৈ ক’ভিড-19ত লৈ দেখা দিয়া সংকটপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছে। তেওঁলোকৰ মাজৰ মাত্ৰ এগৰাকী কম বয়সীয়া ছোৱালীয়ে সকলোকে কথা পতাৰ সময়ত দূৰত্ব বজাই ৰাখিবলৈ কৈছে। স্থানীয় লোকে কোৱা মতে কাৱাটেপাৰাত প্ৰায় ৬০ ঘৰ মানুহৰ বসতি। তাৰে প্ৰায়ভাগ পৰিয়ালেই ৱাৰ্লি আদিবাসী জনগোষ্ঠীৰ।
ৰাজ্যজুৰি তলাবন্ধ হোৱাৰ আগেয়ে বন্দনা আৰু তাইৰ চুবুৰীৰ মণিতা উমবৰ্ষদাই পুৱা ৮ বজাতে দিনটোৰ বাবে সাজু হয়। ৱাড়া চহৰৰ আশে-পাশে থকা নিৰ্মাণস্থলী পাবলৈ ১০ কিলোমিটাৰ বাট খোজকাঢ়ি যায়। তাতে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁলোকে ২০০ টকাকৈ হাজিৰা পায়। বন্দনাই এনেদৰে মাহে ৪০০০ মান উপাৰ্জন কৰে। কিন্তু এতিয়া নিৰ্মাণস্থলীৰ ঠিকাদাৰবোৰৰ হাতত তেওঁলোকৰ বাবে কাম নাই।
‘মোৰ ল’ৰাহঁতেও কাম নোপোৱা হৈছে। আমি খাদ্যবস্তু কিনিব লাগে, কিন্তু কাম নকৰাকৈ পইছা পাম ক’ৰপৰা?’ তেওঁ সোধে। ‘আমাৰ ৰেচন শেষ হ’ব ধৰিছে। আমি ল’ৰা-ছোৱালীক কি কেৱল চাটনি খুৱাই থাকিম? মই এয়া শেষ হোৱাটো বিচাৰিছো।’
বন্দনাৰ তিনিটা ল’ৰা আৰু ১১ টা নাতি। তেওঁৰ ল’ৰাকেইজনে ৱাড়া তালুকৰ নিৰ্মাণস্থলী নাইবা ইটাৰ ভাতিত কাম কৰে। ৱাড়া তালুকৰ ১৬৮ খন গাঁৱত জনবসতি ১৫৪,৪১৬। বন্দনাৰ স্বামী লক্ষ্মণে স্থানীয় দোকান এখনত কাম কৰিছিল। অত্যাধিক মদ্যপানৰ ফলত ১৫ বছৰ আগতে তেওঁ ঢুকায়।







