বিজয়া ফাৰটাড়ে চাৰি বছৰ আগতেই মাতৃত্ব লাভ কৰিছিল। তেতিয়া তাইৰ বয়স মাত্ৰ ৩৪ বছৰ। "১৪ বছৰ বয়সত মোৰ বিয়া হৈছিল," মহাৰাষ্ট্ৰৰ বীড় জিলাৰ আৰৱি গাঁৱত থকা তাইৰ টিনপাতৰ চালি দিয়া ঘৰটোৰ সমুখত থকা শিল এটচাত বহি কয়। তাইৰ স্বামী বান্দুৰ বয়স ১৮ৰ বেছি হোৱা নাছিল। "মই মোৰ মা-দেউতাক কিছু বছৰৰ কাৰণে ৰ'বলৈ কৈছিলো, কিন্তু তেঁওলোকে কৈছিল যে সেয়াই সঠিক বয়স। মোৰ প্ৰায়বোৰ বান্ধৱীৰ সেই বয়সতে বিয়া হৈ গৈছে। সেয়ে ময়ো ভাবিলো যে এয়াই সঠিক সময় চাগে।' তাই কয়।
বিয়া হোৱাৰ এবছৰৰ ভিতৰতে বিজয়া মাক হ'ল। পাঁচ বছৰৰ ভিতৰত, যিসময়ত তাই কিশোৰাৱস্থাতে আছিল, তেতিয়াই তাই দুজনী ছোৱালী আৰু এটা ল'ৰাৰ মাক হ'ল। ছবছৰ আগতে তাইৰ জীয়ৰী স্বাতী, তেতিয়াৰ বয়স ১৩ বছৰ, বিয়া হৈ গ'ল। তাৰে চাৰি বছৰ পিছত ১৫ বছৰীয়া সৰু জীয়ৰী চিতলৰ পাল পৰিল। স্বাতীৰ এতিয়া চাৰি বছৰীয়া জী এজনী আছে। ইফালে চিতল এবছৰীয়া ল'ৰা সন্তান এটাৰ মাক।
ফাৰটাড়ে পৰিয়ালত হোৱাৰ দৰে বাল্য বিবাহ গ্ৰামীণ মহাৰাষ্ট্ৰত তেনেই সুলভ। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ২০১৫-১৬ চনৰ ডেটা মতে ২০ ৰপৰা ২৪ বছৰ বয়সৰ থূপৰ মাজত প্ৰায় এক তৃতীয়াংশ ছোৱালীয়ে ১৮ বছৰ বয়স হোৱাৰ আগতেই বিয়া হৈ যায়। আকৌ গ্ৰামীণ মহাৰাষ্ট্ৰৰ ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ১০.৪ শতাংশ মহিলাই সমীক্ষাৰ সময়ত মাতৃত্ব লাভ কৰিছিল বা মাতৃত্ব লাভ কৰাৰ পথত আছিল।
বাল্যবিবাহ ভাৰতত অবৈধ, ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল'ৰাৰ বয়স ২১ বছৰ হ'ব লাগে। কিন্তু এনে বিবাহ বীড় জিলাৰ গাঁওবোৰত অতি বেছি য'ত খেতিৰ পৰা আয় কম আৰু প্ৰব্ৰজনেই একমাত্ৰ উপায়। বীড় জিলাত ২০ ৰপৰা ২৪ বছৰ বয়সৰ মহিলাৰ ৫১.৩ শতাংশই ১৮ বছৰ হোৱাৰ আগতেই বিয়া হৈছে। এয়া ২০১৫-১৬ চনৰ এনএফএইচএছৰ তথ্য। আকৌ ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ছোৱালীৰ ১৮.২ শতাংশই সমীক্ষাৰ সময়ত মাতৃত্ব লাভ কৰিছিল নাইবা মাতৃত্ব লাভ কৰাৰ পথত আছিল।
প্ৰব্ৰজনৰ ফলতেই মাৰাঠৱাড়াত অপৈণত বয়সত বহুতে ছোৱালীক বিয়া দিবলৈ বাধ্য হয়। শস্য পকাৰ কালচোৱাত প্ৰায় ৩ লাখ কৃষক আৰু শ্ৰমিকে বীড় জিলা এৰে, এয়া ট্ৰেড ইউনিয়নে কৰা হিচাপ। তেঁওলোকে মূলতঃ দক্ষিণ মহাৰাষ্ট্ৰৰ কোলহাপুৰ, চাংগলি আৰু চাতাৰা জিলালৈ কামৰ সন্ধানত নাইবা কৰ্ণাটকৰ বেলগাম জিলালৈ কুঁহিয়াৰৰ গছ কাটিবলৈ ঢাপলি মেলে। (কুঁহিয়াৰ তলিলৈ দীঘলীয়া বাট চাওক।)
কৃষিৰ উৎপাদন ব্যয় আৰু আয়ৰ স্থবিৰতাৰ লগে লগে মাৰাঠৱাড়াৰ পৰা ঋতুগত প্ৰব্ৰজন বিগত বছৰবোৰত বাঢ়ি আহিছে। কৃষি ব্যয় আৰু মূল্য আয়োগৰ দ্বাৰা প্ৰকাশিত খাৰিফ শস্যৰ মূল্যৰ নীতি (২০১৭-১৮) শীৰ্ষক প্ৰতিবেদনত নগদী শস্য কপাহকে ধৰি প্ৰত্যেকবিধ খেতিৰ ক্ষেত্ৰত বিনিয়োগ আৰু আয়ৰ মাজত বৈসাদৃশ্য দেখা যায়। মহামাৰীৰ ৰূপ লোৱা জলসংকটে অঞ্চলটোৰ ক্ষুদ্ৰ খেতিয়কসকলক তেঁওলোকৰ আয়ৰ প্ৰাথমিক উৎস হিচাপে খেতি-বাতিৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ ফলতো প্ৰব্ৰজনৰ হাৰ বাঢ়িছে।
যেতিয়া পৰিয়ালে কামৰ সন্ধানত প্ৰব্ৰজন কৰিবলগীয়া হয়, জীয়ৰীৰ চোৱাচিতা কৰাটো এক চিন্তাৰ বিষয় হৈ পৰে, আহমেদনগৰৰ শিক্ষাবিদ হেৰম্ভ কুলকাৰ্নিয়ে কয়। তেঁও বেচৰকাৰী সংস্থা এটাৰ সৈতে কাম কৰে। ''কন্যা সন্তানে কৈশোৰত প্ৰৱেশ কৰাৰ লগে লগে সন্তানৰ সুৰক্ষাৰ কথাই অভিভাৱকক চিন্তাত পেলায়", তেঁও কয়। সেয়ে তেঁওলোকে সোনকালেই বিয়া দি দিয়ে আৰু ভাৱে যে তেঁওলোকে নিজৰ দায়িত্ব পালন কৰিলে।



