‘আপুনি নিশ্চয়কৈ উৎসৱ উদযাপন কৰিছে। কিন্তু আমি? আমি কামেই নোপোৱা হৈছো। পইচা আহিব ক’ৰপৰা ?’ দুৱাৰডলিত বহি সোণী ৱাঘ (৬০)য়ে মোলৈ চাই সুধিলে। তাইৰ কাষত জমা হোৱা মানুহখিনিয়ে তাইক মনে মনে থাকিবলৈ ইংগিত দিলে। কিন্তু এই কথা সঁচা যে সোণীৰ কথাখিনিয়ে কেৱল তাইৰেই নহয়, গোটেই চুবুৰীটোৰ কৰুণ বাস্তৱৰ ছৱি দাঙি ধৰিছে। সেয়া আছিল নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহ। দিপান্বিতা উৎসৱ কেইদিনমান আগতে পাৰ হৈছে। কিন্তু সেই চুবৰীটোৰ কোনো এঘৰ মানুহৰে লেম নাছিল। ক’তো ৰং-বিৰঙী বিজুলীবাতি নাছিল। নগৰৰ ঘৰবোৰৰ দৰে বত্যাচিৰ কোনো এখন ঘৰো ফুলেৰে সুসজ্জিত নাছিল।
বত্যাচি ৱাড়িত নীৰৱতাই বিৰাজ কৰিছিল । মুকলিত খেলি থকা ল’ৰা-ছোৱালীহঁতৰ চিঞৰ ভাঁহি আহিছিল। সিহঁতৰ ভৰিৰ খোজত ধূলি উৰিছিল। সিহঁতৰ কাপোৰবোৰ ফাটি-চিগি উৱলি যোৱা। কিছুমানৰ বুটাম চিগা কাপোৰে গাৰ আধামানহে ঢাক খাইছে। এখন চোতালত ৫ কি ৬ জনীমান ৮-৯ বছৰীয়া ছোৱালীয়ে ‘ঘৰ-ঘৰ’ খেলিছে। পাকঘৰৰ পৰা উলিয়াই অনা এলুমিনিয়াম আৰু ষ্টিলৰ বাচনেৰে সিঁহতে সেই ঘৰ সজাইছে। চাৰিটা খুঁটিৰ ওপৰত গাঠি দিয়া ফটা কাপোৰ এখনে কেঁচুৱাৰ বাবে দোলাৰ কাম কৰিছে।
কাষতে ছোৱালী এজনী বহি আছে। তাই পানীকেঁচুৱাটোক কোলাত লৈ নিচুকাইছে, তাৰ লগতে লগৰীয়াৰ খেল চাইছে। তাইৰ কাষতে আছে এটা ল’ৰা। সিহঁতৰ কাষ চাপো মানে দুয়োজনে উঠি যাবলৈ উদ্যত হ’ল। পিছত যেনিবা ছোৱালীজনীয়ে মই কিবা সুধিম বুলি বুজি পালে আৰু ৰৈ দিলে। ‘তুমি স্কুললৈ যোৱানে?’ মই সোধাত তাই নাযাও বুলি উত্তৰ দিলে। ৯ বছৰীয়া অনিতাই প্ৰথম শ্ৰেণীৰ পৰাই পঢ়াশালী এৰিলে। নেৰিবনো কিয়? ‘মই কেঁচুৱাটো চাব লাগে। কেনেকৈ স্কুললৈ যাও? মোৰ পৰিয়ালটো কামৰ বাবে ইটাৰ ভাতীলৈ যায়।’






