“এই আইনখনৰ অন্তৰ্গত নিয়ম বা আদেশ অনুসাৰে সদিচ্ছাৰে কৰা বা কৰিবলগীয়া যিকোনো বিষয়ত কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰ, বা কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰৰ কোনো বিষয়া বা আন কোনো ব্যক্তিৰ বিৰুদ্ধে মোকদৰ্মা, আইনী ব্যৱস্থা বা আন ন্যায়িক বিচাৰ কৰিব পৰা নাযাব।”
এইখিনি কথা কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ৰ ১৩ নং ধাৰাত কোৱা হৈছে (কৃষি উৎপাদিত সামগ্ৰীৰ বিপণন কমিটি চমুকৈ এপিএমচিক দুৰ্বল কৰাৰ লক্ষ্যৰে এই আইনখন প্ৰণয়ন কৰা হৈছে)।
আৰু আপুনি ভাবিছিল যে নতুন আইনকেইখনৰ লক্ষ্য কেৱল কৃষক? নিশ্চয়কৈ আন আইনো আছে যিয়ে অসামৰিক সেৱকক তেওঁলোকৰ আইনী কৰ্তব্যনিৰ্বাহত নাগৰিকে বাধা দিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। কিন্তু এইখন আইনে সদিচ্ছাৰ সেই সীমা চেৰাইছে। ‘সদিচ্ছা’ৰ নাম লৈ সুৰক্ষা লাভ কৰাসকলে কৰা কামৰ প্ৰভাৱ অতি ব্যাপক হ’ব। ‘সদিচ্ছা’ৰ নামত তেওঁলোকে কিবা অপৰাধ কৰিলেও তেওঁলোকক আদালতলৈ নিব পৰা নাযাব, তেওঁলোকে অদুৰ ভৱিষ্যতে কৰিবলৈ বাকী থকা অপৰাধৰ (‘সদিচ্ছা’ৰ নামতে) বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাকৈ তেওঁলোক সুৰক্ষিত।
আদালতত আপোনাৰ আইনী প্ৰতিকাৰৰ অধিকাৰ নাথাকিব বুলি কোৱা কথাটো আপুনি যদি ধৰিব পৰা নাই, তেন্তে এইবাৰ ১৫ নং ধাৰাটো পঢ়কঃ
“কোনো দেৱানী আদালতত এই আইনৰ দ্বাৰা বা ইয়াৰ অন্তৰ্গত বা এই আইন অনুসাৰে প্ৰণেত কোনো নিয়মৰ অধীনত কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওপৰত এনে কোনো মোকৰ্দমা বা আইনী ব্যৱস্থা বিবেচনা কৰা নহ’ব, যিটোৰ সংজ্ঞান আইনখনৰ দ্বাৰা ল’ব পৰা যায় বা নিষ্পত্তি কৰা যাব পাৰে।”
‘আন যিকোনো ব্যক্তি’ মানে কাক বুজোৱা হৈছে যিয়ে ‘সদিচ্ছা’ৰে কৰা কামক আইনৰ অধীনত প্ৰত্যাহ্বান জনাব নোৱাৰি? ইয়াতে ইংগিত এটা দিছোঃ প্ৰতিবাদী কৃষকে বিৰোধ কৰা বিয়াগোম ক’ৰ্পৰেটৰ নামবোৰ মন দি শুনক। বুজিব, বণিকগোষ্ঠীৰ এয়া এক বৃহৎ, মানে অতিকৈ বৃহৎ ব্যৱসায়ৰ বাট সুচল কৰাৰ কথা।
“কোনো মোকদৰ্মা, আইনী ব্যৱস্থা বা আন ন্যায়িক ব্যৱস্থা প্ৰযোজ্য নহ’ব...।” কেৱল কৃষকেই যে আইনী অভিযোগ আনিব নোৱাৰিব, এনে নহয়। আন কোনোৱেও নোৱাৰে। ৰাজহুৱা স্বাৰ্থজনিত অভিযোগো এইক্ষেত্ৰত প্ৰযোজ্য নহ’ব। জনসেৱামূলক সংগঠন, কৃষি সংস্থা বা আন কোনো নাগৰিক (সদিচ্ছাৰেই হওঁক বা বদ ইচ্ছাৰে) কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব।
১৯৭৫-৭৭ৰ জৰুৰীকালীন সময়ৰ আইনৰ কথা নধৰিলে (য’ত সকলো মৌলিক অধিকাৰ বৰ্খাস্ত কৰা হৈছিল) এনেদৰে নাগৰিকৰ আইনী অধিকাৰ খৰ্ব কৰা এইখন আইনেই অন্যতম।







