“মালিকক মই ২৫ হাজাৰ টকা দিবলৈ আছো। এইখিনি ধাৰ নমৰাকৈ মই আধিয়াৰ খেতি এৰিব নোৱাৰো,” ৰবেন্দ্ৰ সিং বৰগাহিয়ে কয়। “এৰি দিলে মালিকে প্ৰতিশ্ৰুতি ভংগ কৰা বুলি ভাবিব।”
ৰবেন্দ্ৰৰ ঘৰ মধ্যপ্ৰদেশৰ মুগৱাৰি গাঁৱত। তাত তেওঁ আধিয়াৰ খেতিয়ক হিচাপে প্ৰায় ২০ বছৰ কাম কৰি আহিছে। আধিয়াৰ খেতি হৈছে মৌখিক চুক্তিৰ ভিত্তিত কৰা এক পাৰম্পৰিক খেতি পদ্ধতি। মধ্যপ্ৰদেশৰ সিধি আৰু আশে-পাশে থকা জিলাবোৰত, ঘাইকৈ বিন্ধ্য অঞ্চলত মালিক আৰু আধিয়াৰ খেতিয়কে খেতিৰ ব্যয় সমানে বহন কৰে আৰু উৎপাদিত শস্য সমানে ভগাই লয়।
আঠ একৰ মাটিত ৰবেন্দ্ৰ আৰু তেওঁৰ পত্নী মমতাই ধান, ঘেঁহু, সৰিয়হ, মগুমাহ আৰু ৰহৰ দাইলৰ খেতি কৰে। কিন্তু আধিয়াৰ খেতি কৰা তেওঁলোকৰ পৰিয়ালটো খেতিৰ পৰা পোৱা শস্যৰে নচলে।
এই মৌখিক চুক্তি, যিটোৰ নিয়মবোৰ ভাৰতৰ ভিন্ন স্থানত ভিন্ন, মাটিৰ মালিকে কি শস্যৰ খেতি কৰিব তাকে ধৰি খেতি সন্দৰ্ভত সকলো সিদ্ধান্ত লয়। কিন্তু যদি অতিপাত শীত, আবতৰীয়া বৰষুণ, শিলবৰষুণ আদিৰ কাৰণে শস্য নষ্ট হৈ যায়, তেতিয়া ৰাজ্য বা বীমা কোম্পানীৰ পৰা মাটিৰ মালিকেহে ক্ষতিপূৰণ পায়, আধিয়াৰ খেতি কৰাজনে একো সাহায্য বা ক্ষতিপূৰণ লাভ নকৰে।





