জয়পালৰ টিনৰ চালি দিয়া ইটাৰে গঁথা দুটা কোঠাৰ ঘৰটোত একাধিক বৃহৎ আকাৰৰ সুন্দৰ ঘৰৰ আৰ্হি আছে। এই ঘৰবোৰ কেইবামহলীয়া, ওখ স্তম্ভবিশিষ্ট, বাৰান্দা আৰু মিনাৰ থকা।
আৰু এই ঘৰবোৰ কাগজত আঠা লগাই তৈয়াৰ কৰা হৈছে।
যোৱা ৪-৫ বছৰ ১৯ বছৰীয়া জয়পাল চৌহানে মধ্যপ্ৰদেশৰ খান্দৱা জিলাত থকা তেওঁৰ নিজ গাওঁ কৰৌলিৰ ঘৰত পুৱা আৰু সন্ধিয়াৰ কিছু সময় কটায় - সাৱধানে কাগজৰ নুৰাবিলাক মেৰিয়ায় আৰু ঘৰৰ দেৱাল বনাবলৈ ইটা জপাৰ দৰে এটাৰ ওপৰত আনটো জাপে। তাৰ পিছত দূৰ্গসদৃশ গাঁথনি সৃষ্টি কৰিবলৈ সেইবিলাক আঠাৰে লগ লগায়।
“মই সদায় ঘৰ ভাল পাওঁ আৰু ঘৰ তৈয়াৰ কৰাৰ প্ৰতি মোৰ খুব আগ্ৰহ আছে,” তেওঁ কয়। প্ৰায় ১৩ বছৰমান বয়সত জয়পালে মন্দিৰৰ কাৰ্ডব’ৰ্ডৰ মডেল তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল। আন এখন গাঁৱৰ বিবাহ উৎসৱলৈ যাওতে এঘৰ মানুহৰ ঘৰত এটা সৰু কাঁচৰ মন্দিৰ দেখিছিল আৰু সেই মন্দিৰটোৱে তেওঁক নিজে কাৰ্ডব’ৰ্ড ব্যৱহাৰ কৰি তেনে এটা মন্দিৰ তৈয়াৰৰ প্ৰচেষ্টা চলাবলৈ অনুসন্ধিৎসা জগাই তুলিছিল। তেওঁ এনেকুৱা কেবাটাও মডেল তৈয়াৰ কৰিছিল, সেইবিলাক উপহাৰ দিলে। আনকি ২০১৭ত বিদ্যালয়ৰ প্ৰদৰ্শনীত এটা মডেলৰ বাবে তেওঁ বঁটাও লাভ কৰিছিল।
কাৰ্ডব’ৰ্ডৰ মটৰচাইকেলৰ বাবেও তেওঁ বিদ্যালয়ত এবাৰ বঁটা জিকিছিল। তেওঁ তৈয়াৰ কৰা এনে সামগ্ৰীৰ ভিতৰত টেবুল ফেন, ৰেচিং কাৰ আৰু এটা পুৰণি পুতলাৰ চকা লগাই তৈয়াৰ কৰা এখন ক্ৰেন আছিল।









