আগচোতাললৈ মনত পৰিব, মনত পৰিব কথাবোৰ।
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনতে পৰিব।


Kachchh, Gujarat
|MON, MAY 15, 2023
আগচোতাল, এখন ঘৰ আৰু কলিজাৰ আই
বিয়াৰ পিছত কম বয়সীয়া ছোৱালী এজনীয়ে ঘৰ এৰি যোৱাৰ সময়ত মনত হেন্দোলনি তোলা এক জটিল আৱেগ এই কচ্ছী গীতৰ যোগেদি ফুটি উঠিছে
Author
Illustration
Translator
বিয়াৰ পিছত মাকৰ ঘৰ এৰি কম বয়সীয়া ছোৱালীজনীয়ে নতুন এখন ঘৰলৈ যোৱাৰ সময়ত মনতৰ জটিল অনুভৱ ব্যক্ত কৰিছে এই গীতে। বুকুৰ আপোন মাক-দেউতাক আৰু লগৰীয়াহঁতক এৰি নতুন এখন ঘৰলৈ যোৱাৰ বিচ্ছেদৰ হিয়াভঙা নিয়ম এই দেশত প্ৰচলিত। মৌখিক পৰম্পৰাৰ যি প্ৰাচুৰ্য্যময় ধাৰা, বিয়াৰ দিনা গোৱা গীত তাৰে এক অভিন্ন অংশ।
আপাত দৃষ্টিত গীতবোৰৰ ভাষা আৰু বিষয়বস্তু প্ৰাঞ্জল, ইটোৰ পৰা সিটো প্ৰজন্ম বাগৰি অহা, মুখে মুখে সংৰক্ষিত হৈ অহা। কিছুমান সময়ত প্ৰজন্ম বাগৰোতে ই ৰূপো সলনি কৰিছে। সামাজিক আৰু লৈংগিক পৰিচয় নিৰ্মাণৰ ক্ষেত্ৰত এই গীতৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। পিতৃতান্ত্ৰিক সমাজত বিবাহ নাৰীৰ বাবে কেৱল এটা বিশেষ দিনেই নহয়, পৰিচয় নিৰ্মাণৰ ক্ষেত্ৰতো ইয়াৰ ভুমিকা বিশেষ। তেওঁৰ স্মৃতি, পৰিয়াল, লগৰীয়া আৰু স্বাধীনতাৰ ৰূপক হৈ উঠা এই আগচোতালখন এতিয়া ক্ৰমে দূৰ হৈ যাব, আলহী হৈ পৰিব। পৰিচিত সকলোখিনি হেৰুওৱাৰ এই দিনটো সমাজৰ নিয়ম হিচাপে কাম্য। কিন্তু ইয়েই নাৰীমনত এক জটিল অনুভূতিৰ সৃষ্টি কৰে।
ইয়াত পৰিৱেশন কৰা গীতটো গাইছে মুন্দ্ৰা তালুকৰ মৎস্যজীৱি জুমা ভাঘেৰে। ভদ্ৰেশ্বৰ গাঁৱৰ মুচলমান পৰিয়ালৰ তেওঁৰ জন্ম। এইটো সুৰবাণী নামে কচ্ছী মহিলা বিকাশ সংগঠন পৰিচালিত সমবায় অনাতাঁৰ কেন্দ্ৰই ২০০৮ত বাণীবদ্ধ কৰা ৩৪১ টা গীতৰ মাজৰ এটা। কে.এম.ভি.এছ.ৰ যোগেদি গীতৰ এই সংগ্ৰহ পাৰিয়ে পাইছিল। এই গীতবোৰত অঞ্চলটোৰ সাংস্কৃতিক, ভাষিক আৰু সাংগীতিক বৈচিত্ৰ সোমাই আছে। কচ্ছৰ হেৰাই যাবলৈ ধৰা কচ্ছগীতৰ সাংগীতিক পৰম্পৰাক সংৰক্ষণ কৰাই এই প্ৰকল্পৰ মূল লক্ষ্য।
নিজৰ উদ্বিগ্নতা আৰু আশংকাৰ কথা খোলাখুলিকৈ ব্যক্ত কৰা নাৰীৰ পক্ষে কঠিন হৈ পৰে, তাকেই সুৰ-তাল-ছন্দৰে মেৰিয়াই প্ৰকাশ কৰাটোৱে নাৰীৰ পক্ষে নিৰাপদ।
કરછી
અંઙણ જાધ પોંધા મૂકે વલણ જાધ પોંધા (૨)
આંઊ ત પરડેસણ ઐયા મેમાણ. જીજલ મૂકે અંઙણ જાધ પોંધા
અંઙણ જાધ પોંધા,મિઠડા ડાડા જાધ પોંધા (૨)
આઊ ત પરડેસણ ઐયા મેમાણ, માડી મૂકે અંઙણ જાધ પોંધા
આઊ ત વિલાતી ઐયા મેમાણ, માડી મૂકે અંઙણ જાધ પોંધા
અંઙણ જાધ પોંધા મિઠડા બાવા જાધ પોંધા (૨)
આઊ તા રે પરડેસણ બાવા મેમાણ, માડી મૂકે અંઙણ જાધ પોંધા
આઊ તા વિલાતી ઐયા મેમાણ, જીજલ મૂકે અંઙણ જાધ પોંધા
અંઙણ જાધ પોંધા મિઠડા કાકા જાધ પોંધા (૨)
આઊ તા પરડેસણ કાકા મેમાણ,માડી મૂકે અંઙણ જાધ પોંધા
અંઙણ જાધ પોંધા મિઠડા મામા જાધ પોંધા (૨)
આઊ તા રે ઘડી જી મામા મેમાણ, માડી મૂકે અંઙણ જાધ પોંધા (૨)
આઊ તા વિલાતી ઐયા મેમાણ, માડી મૂકે અંઙણ જાધ પોંધા
અંઙણ જાધ પોંધા મિઠડા વીરા જાધ પોંધા (૨)
આઊ તા રે પરડેસી મેમાણ, વીરા મૂકે અંઙણ જાધ પોંધા
અંઙણ જાધ પોંધા મૂકે વલણ જાધ પોંધા (૨)
આઊ તા રે પરડેસણ ઐયા મેમાણ, માડી મૂકે અંઙણ જાધ પોંધા
આઊ તા વિલાતી ઐયા મેમાણ, જીજલ મૂકે અંઙણ જાધ પોંધા
આઊ તા રે ઘડી જી ઐયા મેમાણ,માડી મૂકે અંઙણ જાધ પોંધા (૨)
અંગણ યાદ પોધા મુકે વલણ યાદ પોધ
অসমীয়া
আগচোতাললৈ মনত পৰিব, মনত পৰিব কথাবোৰ
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনতে পৰিব
আগচোতাললৈ মনত পৰিব, মনত পৰিব ককাদেউতালৈ, মনত পৰিব পিতাইলৈ (২)
অ পিতাই, দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, আগচোতাললৈ মনত পৰিব
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনতে পৰিব
আগচোতাললৈ মনত পৰিব, মনত পৰিব ককাদেউতালৈ, মনত পৰিব পিতাইলৈ (২)
ককাদেউতা ওলালো মই লোকৰে ঘৰলৈ, অ’ মোৰ কলিজাৰ আই, আগচোতাললৈ মনত পৰিব
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, আগচোতাললৈ মনত পৰিব
আগচোতাললৈ মনত পৰিব, মৰমৰ ককাইলৈ মনত পৰিব, মনত পৰিব ককাইলৈ (২)
অ’ ককাই, দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনতে পৰিব
আগচোতাললৈ মনত পৰিব, মনত পৰিব মোমাইলৈ, মোৰ মোমাইলৈ মনত পৰিব (২)
অ’ মামা, দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনতে পৰিব
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনতে পৰিব
আগচোতাললৈ মনত পৰিব, মৰমৰ বীৰালৈ মনত পৰিব, মনত পৰিব মৰমৰ ভাইলৈ (২)
অ’ বীৰা, দুদিনৰ আলহী মই, ঘৰলৈ মোৰ মনতে পৰিব
আগচোতাললৈ মনত পৰিব, মনত পৰিব কথাবোৰ, মনত পৰিব সকলো (২)
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনত পৰিব
দুদিনৰ আলহী মই, অ’ মোৰ কলিজাৰ আই, আগচোতাললৈ মনত পৰিব
ইয়াত আৰুনো থাকিম কেইদিন, অ’ মোৰ কলিজাৰ আই, ঘৰলৈ মোৰ মনত পৰিব(২)
আগচোতাললৈ মনত পৰিব, মনত পৰিব কথাবোৰ, মনত পৰিব সকলো, ঘৰলৈ মোৰ মনতে পৰিব।

Priyanka Borar
গীতৰ প্ৰকাৰ : পাৰম্পৰিক লোকগীত
গীতৰ কথা : বিয়াগীত
গীত : ৪
গীতৰ শিৰোনাম : আংগন য়াদ পোধা মুকে, বালন য়াদ পোধা
গীতিকাৰ : দেৱল মেহতা
গায়ক : মুন্দ্ৰাৰ ভদ্ৰেশ্বৰ গাঁৱৰ জুমা বাঘেৰে। তেওঁ ৪০ বছৰীয়া এগৰাকী মস্যজীৱি
ব্যৱহৃত বাদ্যযন্ত্ৰ : হাৰমনিয়াম, ধোলক, বেঞ্জ’
বাণীবদ্ধকৰণৰ চন : ২০১২, কে.এম.ভি.এছ. ষ্টুডিঅ’
গুজৰাটী অনুবাদ: অমদ সামেজা, ভাৰতী গ’ৰ
প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু গুজৰাটী অনুবাদত সহায়ৰ বাবে ভাৰতীবেন গ’ৰলৈ ধন্যবাদ
কবিতাৰ অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি
টেক্সট্ অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/আগচোতাল-এখন-ঘৰ-আৰু-কলিজাৰ-আই

