যশ মহালুংগেয়ে বিদ্যালয়লৈ যাওতে প্ৰতিদিনেই জীউটো হাতত লৈ যাবলগীয়া হয়। আঠ বৰ্ষীয় যশে আন ল’ৰা-ছোৱালীৰ জাকত আৰু কিছুমানৰ অভিভাৱকৰ লগত সেই পিছল দেৱালৰ ওপৰৰে যায়। সেই দেৱালখন দৰাচলতে ভাগি যোৱা দলংখনৰ খুঁটাকেইটাৰ ভংগ্নাৱশেষ। তাৰপৰা পৰিলে পোনচাটে তলৰ জোপোহা জংঘল আৰু বোকাত সোমাব।
প্ৰতিদিনে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত ল’ৰা-ছোৱালীহঁতে দুবাৰকৈ পিঠিত গধুৰ স্কুলবেগ আৰু এফালে ছাতি লৈ শাৰী পাতি যায়, তাৰে প্ৰায়ভাগে শুদা ভৰিৰে যায়। ৩০ ছেকেণ্ডৰ সেই বিপদসংকূল বাট পাৰ হোৱাৰ পিছত সিহঁতৰ দলঙৰ মজবুত পৃষ্ঠ পায়। তাৰ পিছৰখিনি বাট বোকা-পানী গছকি সিহঁত পালহেৰি চুবুৰী পায়, বিদ্যালয়ৰ পৰা চুবুৰীটো ২ কিলোমিটাৰ দূৰত অৱস্থিত।
‘তললৈ চাব ভয় লাগে। মুৰ ঘুৰায়। মই দেউতাৰ হাতত টানকৈ ধৰি লওঁ,’ যশে কয়।
২০০৫ চনলৈ পালহেৰিৰ ৭৭ গৰাকী নিবাসীয়ে (আৱৰে গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ লেখ মতে) এনেদৰে ইমান কঠিন বাটত চলিবলগীয়া হোৱা নাছিল। এখন সৰু দলঙেৰে তেওঁলোকে ভাটসা নদীখন পাৰ হৈছিল। কিন্তু সেই বছৰৰে ২৮ জুলাইৰ মুষলধাৰ বৰষুণত ঠাণে জিলা পৰিষদৰ ১৯৯৮ত নিৰ্মিত দলংখনৰ এটা অংশ খহি পৰে। ভগা অংশটোৰ কাষে কাষে দুখন পাতল দেৱাল ৰৈ গ’ল।










