এই হত্যা-হিংসা, ৰক্তাক্ত সভ্যতাৰ দিনত আমি প্ৰায়েই শান্তি ক’ত বুলি বৰকৈ হেঁপাহ দেখুৱাও। কিন্তু প্ৰতিযোগীতা, লোভ-লালসা, অৰিয়াঅৰি, হিংসা-বিদ্বেষেৰ মাজেৰে শান্তিৰ যি বাট বিচৰা হৈছে, সেয়া হাস্যকৰ আৰু পুতৌলগা। আমি যি ঠাইৰ পৰা আহিছো, আমি তাত তেনে সংস্কৃতি দেখা নাই। আমি আদিবাসীসকলেও সভ্যতা কি বুজি পাওঁ। নিশাৰ ভাগত শিক্ষিতজনে কোনেও নেদেখাকৈ ঠাইবোৰ লেতেৰা কৰি যোৱা আৰু পুৱাৰ ভাগত অশিক্ষিত এজনে সেয়া চাফা কৰা সভ্যতাত আমি বিশ্বাস নকৰো। তাক আমি দৰাচলতে সভ্যতা বুলিয়েই নকওঁ আৰু এনে এক সভ্যতাৰ সৈতে আমি মিলি যাম, সেয়া সম্ভৱ নহয়। আমি নৈৰ পাৰত মল-মূত্ৰ ত্যাগ নকৰো। গছৰ পৰা অপৰিপক্ক ফল নিচিগো। ফাগুণত আমি পথাৰত হাল নাবাও। আমাৰ মাটি আমি শোষণ নকৰো, খেতিৰ মাটিডৰাকো আমি জিৰণি দিওঁ। আমি সেই মাটিক উশাহ ল’ব দিওঁ, পুনৰুজ্জীৱিত হ’বলৈ দিওঁ। মানুহক আমি যিমান সন্মান দিওঁ, সমানেই দিওঁ আমি প্ৰকৃতিক।


Narmada, Gujarat
|WED, AUG 03, 2022
অৰণ্যৰো আছে এক সভ্যতা
দেহৱালি ভিলি ভাষাত লিখা পাঁচটা কবিতাৰ শৃংখলৰ এই চতুৰ্থটো কবিতাত আদিবাসী কবিজনে আমাৰ আত্মক্ষয়ী সভ্যতাৰ নিন্দা কৰিছে আৰু শান্তি বিষয়ত এই সভ্যতাৰ যি ফোপোলা দৃষ্টিভংগী, তাক অস্বীকাৰ কৰিছে
Poem and Text
Painting
Editor
Translator
সেয়ে আমি অৰণ্যখনৰ পৰা উভতি নাহিলো
আমাৰ কত পুৰুষক তুমি জীৱন্তে জ্বলাই দিছিলা।
সিহঁতৰ আঙুলি কাটি দিছিলা।
ভাই-ভাইৰ মাজত সিঁচিছিলা বিভেদৰ বীজ,
লগাইছিলা কন্দল, যুযুৎসু কৰি তুলিছিলা।
বহুতেই নিজহাতেই জ্বলাই দিছিল নিজৰ ঘৰ
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো
গছৰ পৰা যেনেকৈ সৰি পৰে হালধীয়া পাত
আৰু মিহলি হৈ যায় মাটিত
তেনেকৈয়ে আমি মৃত্যু কল্পনা কৰোঁ।
সৰগ আমি নিবিচাৰো
প্ৰকৃতিতে আমি সৰগীয় অনুভূতি পাওঁ।
আমাৰ জীৱনত নিৰ্জীৱ বুলি একো নাই।
প্ৰকৃতিয়ে আমাৰ সৰগ।
ইয়াৰ বিৰুদ্ধে যোৱা মানেই নৰক।
মুক্ত বিচৰণেই আমাৰ ধৰ্ম
তোমাৰ এই গোলামীৰ শিকলিক ধৰ্ম বুলি কৈছা
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো, চাহাব
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো
ভূমিপুত্ৰ আমি, চাহাব
আমাৰ অস্তিত্বৰ বাবে আমি নিজকে ত্যাগ কৰিব পাৰো।
জল, জংগল, জমিন, মানুহ আৰু জীৱ-জন্তু,
আমি সকলোতে আছো।
তুমি আমাৰ পূৰ্বপুৰুষক টোপৰ আগত পাতি দিলা
গছত ওলমাই তলত জুই লগাই দিলা
সিহঁতৰে মাজত শত্ৰুতা জগাই ৰক্তপাত ঘটালা
মাটিয়ে দিয়া আমাৰ শক্তি নাইকিয়া কৰি
তুমি আমাকেই চোৰ, ডকাইত, গাহৰি আৰু কি কি যে নক’লা
এখন কাগজৰেই তুমি আমাক মাৰি পেলাব পাৰা
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো, চাহাব
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো
তুমি তোমাৰ জীৱিত পৃথিৱীখন বজাৰ কৰি পেলাইছা
পঢ়া-শুনা কৰিও তোমালোকে চকুৰে নেদেখা হৈছা, চাহাব।
নিজৰ আত্মাকে বিক্ৰী কৰা তোমালোকৰ শিক্ষা
আমাক বজাৰত থিয় কৰাইহে এৰিছে তোমালোকৰ শিক্ষাই।
তোমালোকে সভ্যতাৰ নামত, সংস্কৃতিৰ নামত
স্থুল কাৰবাৰ কৰি ফুৰিছা, অশালীনতাৰ পাহাৰ গঢ়িছা।
এয়াই নেকি তোমালোকৰ নতুন যুগ
য’ত মানুহে মানুহক ঘৃণা কৰে?
তোমালোকে বন্দুক আৰু মিছাইলেৰে
শান্তি আনিব পাৰিম বুলি ভাবিছা?
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো, চাহাব
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/অৰণ্যৰো-আছে-এক-সভ্যতা

