জম্মু-কাশ্মীৰৰ বান্দিপুৰ জিলাৰ ৱাজিৰিথাল গাঁৱত শ্বামিনা বেগমে (২২ বছৰ) তেওঁৰ দ্বিতীয় সন্তানৰ জন্মৰ বিষয়ে বৰ্ণনা কৰি কয়, "সেইদিনা সন্ধিয়া যেতিয়া মোৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল, মোৰ যথেষ্ট বিষ হৈছিল। যোৱা তিনিদিন ধৰি বৰফ পৰি আছিল। ৱাজিৰিথাল হৈছে এনে এখন গাওঁ য'ত দীঘলীয়া সময় ধৰি বেলিৰ পোহৰ দেখা নাযায়, আনহাতে ইয়াত মানুহে কেৱল বিদ্যুতৰ বাবে সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
শ্বামিনাই লগতে কয়, "আমাৰ ঘৰটো অন্ধকাৰময় হৈ আছিল, মাত্ৰ এটা কেৰাচিনৰ চাকি জ্বলি আছিল। গতিকে সেইদিনা সন্ধিয়া মোৰ চুবুৰীয়াৰ মানুহবোৰে নিজৰ চাকি লৈ আমাৰ ঘৰলৈ আহিছিল। পাঁচটা চাকিৰ পোহৰে মোৰ কোঠাটো সামান্য পোহৰাই তুলিছিল আৰু তাৰ মাজতে মোৰ মায়ে ৰাশ্বিদাক জন্ম দিয়াত সহায় কৰিছিল।"
বাদুগাম গ্ৰাম পঞ্চায়তৰ অধীনত ৱাজিৰিথাল হৈছে আটাইতকৈ ধুনীয়া গাওঁসমূহৰ ভিতৰত অন্যতম। শ্বামিনাৰ ঘৰত উপস্থিত হ'বলৈ শ্ৰীনগৰৰ পৰা ১০ ঘণ্টা যাত্ৰা কৰিবলগীয়া হয়, য'ত আপোনাৰ বাহনখন ওখোৰা-মোখোৰা ৰাস্তা আৰু আধা ডজন চেক-পোষ্টৰ মাজেৰে মাজেৰে পাৰ হৈ গুৰেজ উপত্যকাৰে যোৱা ৰাজদান পাছৰ পৰা চাৰে চাৰি ঘণ্টাৰ আগবাঢ়ি যোৱাৰ পিছতো শেষত দহ মিনিট খোজ কাঢ়িব লাগিব। তেওঁৰ ঘৰত উপস্থিত হোৱাৰ এইটোৱেই একমাত্ৰ ৰাস্তা।
নিয়ন্ত্ৰণ ৰেখাৰ পৰা মাত্ৰ কেইমাইলমান দূৰৈত গুৰেজ উপত্যকাত অৱস্থিত গাওঁখনত মুঠ ২৪টা পৰিয়ালে বাস কৰে। তেওঁৰ ঘৰটো দেৱদাৰ কাঠেৰে নিৰ্মিত আৰু ঘৰটো গৰম ৰাখিবলৈ ভিতৰৰ দেৱালবোৰ বোকাৰে প্ৰলেৰ দিয়া হৈছে (তাপ নিৰোধক হিচাপে)। ইয়াত ঘৰৰ মূল দুৱাৰবোৰ য়াকৰ পুৰণি শিঙেৰে সজোৱা হৈছে। কিছুমান ঠাইত য়াকৰ প্ৰকৃত শিঙেৰে সজোৱা হৈছে, আনহাতে কিছুমান ঠাইত কাঠেৰে নিৰ্মিত সেউজীয়া ৰঙৰ নকল য়াকৰ শিং স্থাপন কৰা হৈছে। ঘৰৰ প্ৰায় আটাইকেইখন খিৰিকীৰ পৰা সীমান্তৰ সিপাৰৰ দৃশ্য দেখা যায়।
শ্বামিনাই তেওঁৰ ঘৰৰ সন্মুখত কাঠৰ স্তূপৰ ওপৰত বহি দুই সন্তান- দুবছৰীয়া ফাৰহাজ আৰু চাৰিমহীয়া ৰাশ্বিদাক (নাম সলনি কৰা হৈছে) লৈ সন্ধিয়াৰ শেষৰ ৰ'দ পুৱাইছে। তেওঁ কয়, "মোৰ মায়ে কয় যে মোৰ দৰে নতুন মাতৃসকলে প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া তেওঁলোকৰ নৱজাতকৰ সৈতে ৰ'দ পুৱাব লাগে।" উপত্যকাটো এতিয়াও বৰফৰ চাদৰেৰে আবৃত হোৱা নাই। কিন্তু তথাপিও আকাশ প্ৰায়ে ডাৱৰীয়া হয়, মাজে মাজে বৰষুণ হয় আৰু কেইবাদিনো ৰ'দ নোলায়; আৰু তেওঁলোকে বিদ্যুৎ অবিহনে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়।









