“মাছ কটা-বছা কৰা মহিলাৰ বাবে কোনো স্থান নাই,” কড়ালুৰ জিলাৰ কিঞ্জামপেটাই গাঁৱৰ মাছ কটা-বছা কৰা মহিলা কালাই কয়।
ষাঠি বছৰীয়া মহিলাগৰাকী চিংগাৰাথোপ ব্ৰীজৰ তলত বহি আছে। এই কংক্ৰিট আৰু লোৰ ব্ৰীজখন কড়ালুৰ অ’ল্ড টাউন বন্দৰৰ বাহিৰত আছে। ইয়াত ২০ৰ পৰা ৩০ জন মাছ বিক্ৰেতা আৰু মাছ বছা-কটা কৰা লোক বহে, তাৰে আটাইকেইগৰাকী মহিলা।
৫৭.৫ কিলোমিটাৰ উপকুলৰেখা আৰু বন্দৰেৰে জিলাখনত গুদাম, ৱেৰহাউছ, দোকান আৰু মাছমৰা নাৱেৰে ভৰি আছে।
“বেপাৰী আৰু ট্ৰাকেৰে বন্দৰটো ভৰি পৰাত আমাৰ কাৰণে ঠাই নোহোৱা হৈছে,” কালাই কয় (কেৱল নামটোহে ব্যৱহাৰ কৰি ভাল পায়)। তেওঁ আৰু কয়, “আমাক আঁতৰাই পঠিওৱা হ’ল আৰু এই ব্ৰীজখনৰ তললৈ আহিবলগীয়া হ’ল। বন্দৰৰ পৰা বাহিৰত।”
কালাৰ দৰে মহিলা, যিয়ে মাছ বছা, কটা, শুকুওৱা আৰু বাকলি-ফিছা আদি অৱশিষ্ট অংশ বিক্ৰীৰ কাম কৰে, তেওঁলোকক ক্ৰমে একাষৰীয়া কৰি পেলোৱা হৈছে। পঢ়ক: মাছৰ বাকলি-ফিছা বিক্ৰীৰে পেট পোহা পুলিৰ জীৱন
মাছমৰীয়া মহিলাসকলক সাধাৰণতে মাছবিক্ৰেতা বুলি কোৱা হয়। আকৌ যিসকলৰ হাতত ব্যৱসায়ৰ বাবে মূলধন নাথাকে, নাইবা শাৰীৰিক অসুস্থতা আছে, তেনে মহিলাই বিক্ৰেতাৰ কাষত বহি মাছ বছা-কটা কাম কৰে।
“আমি বিক্ৰেতাৰ কাষত থাকিব লাগে, তেওঁলোকৰ পৰা মাছ কিনা গ্ৰাহকে আমাৰ দ্বাৰা সেয়া চাফা কৰায়। বিক্ৰেতাৰ কাষত নাথাকিলে আমি কাম নাপাও,” কালাই কথাটো অঁহিয়াই কয়।










