গুণধৰ নাইক ঘৰত আছেনে, এইবুলি মই কাষৰে ঘৰৰ চোতালৰ দাঁতিত বাচন ধুই থকা মহিলাগৰাকীক সুধিলো।
“ক’ৰপৰা আহিছে আৰু ইয়াত কি লাগে?” মই যোৱাটো তেওঁ যেন যেন সিমান এটা ভাল পোৱা নাই।
মই খাৰিয়াৰৰ এগৰাকী সাংবাদিক, গুণধৰৰ বিষয়ে আগতে লিখিছো, মই বুজাই ক’লো। তেওঁৰ খবৰ ল’বলৈ আহিছো।
মহিলাগৰাকীয়ে মোক ভালকৈ নিৰীক্ষণ কৰিলে আৰু সুধিলে, “আপুনি ঠাকুৰজী নেকি?” হয়, মই উত্তৰ দিলো, ভাল লাগিল যে মোক মহিলাগৰাকীয়ে অতদিনৰ মূৰত হ’লেও চিনি পাইছে।
মই ১৯৯৬-৯৭ত ওড়িশাৰ বলাংগিৰ জিলা (বালাংগিৰ বুলিও কাগজে-পত্ৰই লিখে)ৰ বাংগোমুণ্ডা উন্নয়ন খণ্ডৰ বাৰ্লাবাহেলি গাওঁখন কেবাবাৰো সাক্ষাৎ কৰিছো। দুটা দশকৰ মুৰত মই পুনৰাই আহিছো।
১৯৯৬ত পশ্চিম ওড়িশাৰ বলাংগিৰ, নৌপাৰা আৰু আন জিলাত তীব্ৰ খৰাং পৰিছিল। তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হৈছিল। বহুতেই তাত থাকিব নোৱাৰি কামৰ বাবে অন্ধ্ৰপ্ৰদেশৰ ইটাৰ ভাতীবোৰলৈ ওলাই আহিছিল। তেনে পৰিস্থিতি তাত নতুন নাছিল, সেই সময়ত প্ৰত্যেক ২-৩ বছৰৰ মুৰে মুৰে এনে খৰাঙে মানুহৰ পৰিস্থিতি শোচনীয় কৰি তুলিছিল।






