২১ মাৰ্চ, শনিবাৰটোত যদিওবা চহৰৰ বহুতো দোকান বন্ধ, বজাৰ জনশূন্য, বাট-পথ নিস্তব্ধ; অনিতা ঘোটালেৰ বাবে সেয়া নিত্য-নৈমিত্তিক কামৰ দিন। ক’ভিড-19 বিয়পি পৰাৰ বাবে চৰকাৰে তলাবন্ধৰ পদক্ষেপ কঠোৰভাৱে বলবৎ কৰিছে, ফলস্বৰূপে সেইদিনা মুম্বাইৰ বহুতো দোকানীয়ে দোকান বন্ধ কৰি ঘৰত সোমাই আছে।
কিন্তু জনশূন্য চহৰৰ নীৰৱ-নিস্তব্ধ পথবোৰ অনিতাই চাফা কৰিছে, ক’লা লেতেৰা পানীৰ পৰা হোৱা নৰ্দমাৰ কদৰ্য বোকা ঝাৰু মাৰি চাফা কৰিছে। লেতেৰা বোকা-পানী তাইৰ ভৰিলৈ ছিটিকিছে। ‘আমাৰ কাৰণে প্ৰতিটো দিনেই বিপজ্জনক। কেৱল ক’ৰণাৰ কাৰণে এতিয়া বিপজ্জনক হৈছে বুলি কোনো কথা নাই, কিন্তু (এনেকুৱা অৱস্থা আমাৰ সদায় চলি থাকে) বহু প্ৰজ্ন্ম ধৰি এই কাম কৰি আহিছো,’ তেওঁ কয়।
তেতিয়া সময় আছিল পুৱা প্ৰায় ৯ বজা আৰু পূৱ মুম্বাইৰ চেম্বুৰৰ মাহুল গাঁৱৰ মধ্য-পশ্চিম ৱাৰ্ডৰ পথ আৰু পদপথ ঝাড়ু মাৰি প্ৰায় দুঘণ্টা সময় তেওঁ কাম কৰিছিল।
এনে ভয়াৱহ পৰিস্থিতিত অনিতাই নিজৰ স্বাস্থ্যৰ কথা কি ভাৱে? ‘মাত্ৰ কালি আমাক এই মাস্ক দিলে (২০ মাৰ্চত), ক’ৰণা ভাইৰাছৰ কাৰণে আমি দাবী জনোৱাৰ পিছত মাস্ক দিছে,’ অনিতাই কয়। মাস্ক এখন শাৰীৰ কঁকালত খোচনিত ওলমি আছে আৰু ৩৫ বছৰ বয়সীয়া অনিতই এখন স্কাৰ্ফেৰে নিজৰ ডিঙি মুখ ঢাকি লৈছে। ‘এই মাস্কবোৰ খুবেই পাতল আৰু বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰি (দুদিন ব্যৱহাৰ কৰাৰ পিছত পেলাই দিব লাগিব),’ তেওঁ কয়। গ্লোভচ্ দেখা নগ’ল, আৰু অনিতাহঁতে কৰা কামৰ বাবে প্ৰয়োজনীয় গোটেই ভৰি ঢাক খোৱা মজবুত বুটজোতা সিহঁতৰ বাবে বহু দূৰৰ বস্তু।
মহাৰাষ্ট্ৰৰ অনুসূচিত জাতিৰ তালিকাভূক্ত মাতংগ সম্প্ৰদায়ৰ তালিকাভূক্ত অনিতা, তেওঁ কয় যে তেওঁৰ পৰিয়ালে কেইবা প্ৰজন্ম ধৰি চাফাই কৰ্মীৰূপে কাম কৰি আহিছে। ‘মোৰ ককাদেউতাই (মুম্বাইত) মুক্ত শৌচালয়ৰ পৰা মানুহৰ বিষ্ঠা মুৰত কঢ়িয়াইছিল। এনে কোনো বছৰ নাই, প্ৰজন্ম নাই, যেতিয়া আমি মানুহ হিচাপে আমাৰ অধিকাৰৰ বাবে সদায় সংগ্ৰাম কৰিলগীয়া হোৱা নাই,’ তেওঁ কয়।
অনিতা থকা আৰু কাম কৰা মাহুল এলেকা কেইবছৰমানৰ পৰা সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছে, কিয়নো ইয়াৰ ওচৰতে থকা ৰাসায়নিক কাৰখানা আৰু শোধানাগৰে ইয়াৰ বায়ুমণ্ডল বিষাক্ত কৰি পেলাইছে।









