মই গন্তব্যস্থল পালোহি, গুগল মেপে মোক ক’লে। কিন্তু মোৰ স্মৃতিত ৰাখি থোৱা চুবুৰীটোৰ ছবিখন বাস্তৱত সামান্য সলনি হোৱা যেন অনুভৱ হ’ল। সাগৰৰ পাৰত যে সেই পুৰণি জহি-খহি যাব ধৰা ঘৰটো আছিল, তাৰেই স্থানাংক (ক’অৰ্ডিনেটচ্) মই শেষবাৰ উপ্পাড়া সাক্ষাৎ কৰা সময়ত চেভ কৰি থৈছিলো। “অঁ, সেই ঘৰটো? এতিয়া সেইটো পানীৰ মাজত, সৌৱা!” টি মাৰাম্মাই বেপৰোৱাহ্ ভংগীত বংগ উপত্যকাৰ ঢৌৰ পিনে আঙুলিয়াই দি ক’লে।
২০২০ৰ মাৰ্চৰ লকডাউনৰ কেইসপ্তাহমান আগেয়ে মই মাৰাম্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফটো লওঁতে সেই পুৰণি ঘৰটোৱে আকৰ্ষণীয় কিন্তু নিষ্প্ৰভ নেপথ্যৰ কাম কৰিছিল। মোৰ স্পষ্টকৈ মনত আছে। ঠেক উপকূলটোত বিপজ্জনকভাৱে সেই ঘৰটোৰ অৱশেষ অংশ টিকি আছিল, এই শতিকাৰে আৰম্ভণিৰ বছৰকেইটাত সেই ঘৰটোৱে মাৰাম্মাৰ যৌথ পৰিয়ালটোৰ আশ্ৰয়স্থল আছিল।
“আঠটা কোঠালী আৰু তিনিখন চালি (পোহনীয়া জীৱ-জন্তুৰ বাবে)ৰে সেইটো এটা ডাঙৰ ঘৰ আছিল। প্ৰায় এশজন মানুহ তাত থাকিছিল,” এসময়ত মাছৰ ব্যৱসায় চলোৱা পঞ্চাশৰ ঘাইত ভৰি দিয়া আৰু কম দিনৰ বাবে স্থানীয় ৰাজনীতিত সক্ৰিয় মাৰাম্মাই কয়। ২০০৪ৰ চুনামিৰ আগেয়ে উপ্পাড়াত হোৱা ঘূৰ্ণীবতাহে সেই অট্টালিকাটোৰ এটা ডাঙৰ অংশ খহাই নিয়াত যৌথ পৰিয়ালটো ভাগি যায় আৰু বেলেগ বেলেগ ঘৰত থাকিবলৈ লয়। ওচৰৰে ঘৰ এটালৈ অহাৰ আগলৈকে কেইবছৰমান মাৰাম্মাই সেই পুৰণি ঘৰটোতে থাকিছিল।
কেৱল মাৰাম্মা আৰু তেওঁৰ পৰিয়ালৰেই এনে গতি হোৱা নাই, উপ্পাড়াৰ প্ৰতিঘৰ মানুহেই এবাৰ নহয় এবাৰ সাগৰৰ দখলত পৰা ঘৰ এৰি আহিবলগীয়া হৈছে বা ঠাই সলাবলগীয়া হৈছে। কেতিয়া ঘৰ এৰিব লাগিব সেয়া তেওঁলোকে জীৱন্ত অভিজ্ঞতা আৰু সমুদ্ৰতীৰৰ বাসিন্দা হিচাপে সহজাত প্ৰবৃত্তিৰ পৰাই থিৰাং কৰিব পৰা হৈছে। “ঢৌবোৰ ডাঙৰ হৈ অহা চকুত পৰিলেই আমি অনুমান কৰিব পাৰো যে ঘৰটো সাগৰত জাহ যোৱাৰ সময় আহি পৰিছে। তেতিয়াই আমি আমাৰ বস্তু-বাহিনী আন এক স্থানলৈ নিবলৈ আৰম্ভ কৰোঁ (আৰু অস্থায়ীভাৱে থাকিবলৈ ভাৰাঘৰৰ সন্ধান আৰম্ভ কৰোঁ)। ঘৰটো পুৰণি হ’লে যাবলৈ (সাগৰত জাহ যাবলৈ) এমাহমান সময় লাগে,” অ’ শিৱাই বুজাই কয়। ১৪ বছৰ বয়সতে তেওঁ সাগৰৰ ৰোষৰ পৰা বাচিবলৈ এবাৰ ঘৰ এৰিবলগীয়া হৈছে।















