হেমন্ত কাৱলেয়ে তেওঁৰ নামৰ আগত আৰু এটা বিশেষণ যোগ কৰিবলৈ জোৰ দিছে৷
“মই শিক্ষিত, নিবনুৱা, আৰু... অবিবাহিত,” ৩০ বছৰীয়া যুৱকজনে তেওঁৰ বৰলা স্থিতিৰ বিষয়ে উল্লেখ কৰি নিজৰ লগতে আন যুৱ কৃষকসকলক লৈ ধেমেলীয়া সুৰত এই বক্তব্য ৰাখে।
‘‘সু-শিক্ষিত, বেৰোজগাৰ, অবিবাহিত’’৷ প্ৰতিটো শব্দ তেওঁ এনেদৰে উচ্চাৰণ কৰে যে তেওঁৰ সৰু পাণ দোকানখনত বহি থকা ৩০ বছৰীয়া প্ৰায় আটাইবোৰ ডেকাল’ৰাৰ মাজত হাঁহিৰ যেন এক বিস্ফোৰণহে ঘটিল৷ সেই হাঁহিত লুকাই আছে তেওঁলোকৰ বৰলা জীৱনৰ অব্যক্ত খং আৰু বিৰক্তি৷ সেই কৌতুকটো যেন তেওঁলোকক লৈহে কৰা হৈছে৷
‘‘সেইটোৱেই আমাৰ প্ৰধান সমস্যা’’, অৰ্থনীতিৰ স্নাতকোত্তৰ কাৱলেয়ে এইদৰে কয়৷
মহাৰাষ্ট্ৰৰ পূব অংশৰ বিদৰ্ভৰ য়াভাতমাল-দাৰৱাহা পথৰ সমীপৰ চেলোদি গাঁও যি কৃষকৰ আত্মহত্যাৰ ঘটনা আৰু উচ্চ প্ৰবজনৰ সমস্যাৰে জৰ্জৰিত৷ ডেকা ল’ৰাৰ এই জাকটো গাঁওখনৰ প্ৰধান চ’কটোতে কাৱলে চলোৱা পাণৰ দোকানখনত বহি সময় পাৰ কৰিছে৷ তেওঁলোকৰ আটায়েই কোনোবাজন হয়তো স্নাতক বা আন কোনোবাজন স্নাতকোত্তৰ; তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নামত খেতিমাটি আছে; আটাইকেইজনেই নিবনুৱা৷ তেওঁলোকৰ কাৰো এতিয়ালৈ বিয়া হোৱা নাই৷
তেওঁলোকৰ বহুতেই দূৰৈৰ চহৰ যেনে পুণে, মুম্বাই, নাগপুৰ অথবা অমৰাৱতীলৈ গৈ নিজৰ ভাগ্য পৰীক্ষা কৰিছে। কোনোবাজনে হয়তো নিচেই কম দৰমহাত কাম কৰিছে; কোনোবাজনে হয় ৰাজ্যিক বা ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ব্যৰ্থ হৈছে৷
দেশৰ প্ৰতিটো প্ৰান্তৰ যুৱচামৰ দৰে কাৱলেও চাকৰি পাবলৈ উন্নত শিক্ষাৰ প্ৰয়োজন বুলি শুনিয়েই ডাঙৰ হৈছে৷
এতিয়া তেওঁ বুজিব পাৰিছে যে কইনা পাবলৈ তেওঁক এটা স্থায়ী চৰকাৰী চাকৰিৰ প্ৰয়োজন৷
চাকৰিৰ সংখ্যা কম আৰু দূৰৈত হোৱাৰ বাবে কাৱলেয়ে তেওঁৰ গাঁৱত থকা পৰিয়ালৰ কৃষিভূমিলৈ উভতি আহিছে আৰু যাৱতীয় খা-খৰচৰ বাবে পাণৰ দোকানখন দিছে৷
‘‘মই এখন পাণ দোকান দিবলৈ সিদ্ধান্ত লৈছিলো, লগৰ এজনক ৰসৱন্তী [কুঁহিয়াৰৰ ৰসৰ ষ্টল] আৰু আন এজনক বিস্কুটৰ দোকান দিবলৈ কৈছিলো যাতে আমি কিবা ব্যৱসায় কৰিব পাৰো,’’ কাৱলেয়ে এইদৰে কয়৷ ‘‘পুণেত এখন সম্পূৰ্ণ চাপাটি খোৱাতকৈ যিকোনো সময়তে আধা দামত মোৰ গাঁৱত এখন আধা চাপাটি খোৱাই ভাল’’, তেওঁ কয়৷









