জানুৱাৰীৰ শীতৰ এটি সন্ধিয়া দিল্লীত নিজৰ ঘৰৰেই বাৰান্দাত আলহীৰ দৰে বহি থকা কমাৰ তবৰেজে হাজাৰ কিলোমিটাৰ দূৰৰ গাঁৱত থকা মাকলৈ বুলি ফোন লগালে। ৭৫ বৰ্ষীয় মাতৃ চামিনা খাতুনৰ সৈতে কথোপকথনে তেওঁক বিহাৰৰ সিতামাৰ্হি জিলাৰ বাৰি ফুলৱাৰিয়া গাঁৱৰ শৈশৱৰ ঘৰখনলৈ লৈ গ’ল।
তেওঁলোকৰ কথোপকথন আপুনি শুনিলে আচৰিত নহৈ নোৱাৰে। উৰ্দু ভাষাত তেওঁ কৈছে, “আম্মি ঝাৰা য়ে বতাইয়েগা, বচপন ম্যে জো মেৰে ছৰ পৰ জখম হোতা থা না উছকা ইলাজ কেইসে কৰতে থ্যে?” (কওঁকচোন মা, সৰুতে মূৰত আঁচোৰ খালে কেনেকৈ মোৰ চিকিৎসা কৰিছিল?)
“চিৰ ম্যে জো হো জাহায়ি - টোৰ্হু হোলা ৰহা - বাতখোৰা কাহা হায়ি অকো ইধৰ। ৰেহ, চিকনি মিট্টি লগাকে ধোলিয়া ৰহা, মগৰ লগা হায়ি বহুত। তা চুট গেলায়ি” [মূৰৰ ছালত আঘাত পালে, যিটো তোমাৰ হৈছিলো - তাক ইয়াত বাটখোৰা কয়। তেতিয়া মই তোমাৰ মূৰটো ৰেহ (নিমখীয়া মাটি) আৰু চিকনি মিট্টি (বোকামাটি)ৰে ধুই দিও, কিন্তু বৰ কষ্ট পোৱা যায়। অৱশ্যে শেষত ঘাঁ শুকাই যায়।] তেওঁ ঘৰুৱা সমিধানৰ আগবঢ়াই হাঁহি মাৰি কথা সামৰে, তেওঁৰ ভাষাটো কমাৰৰ ভাষাতকৈ লক্ষণীয়ভাৱে বেলেগ।
তেওঁলোকৰ কথা-বতৰা একো অস্বাভাৱিক নাছিল। কমাৰে তেওঁ মাতৃৰ সৈতে সদায় ভিন্ন ভাষাতে এনেকৈ কথা পাতি আহিছে।
“তেখেতৰ ভাষাটো মই বুজি পাওঁ, কিন্তু ক’ব নোৱাৰো। উৰ্দু মোৰ ‘মাতৃভাষা’ বুলি কওঁ, কিন্তু মোৰ মায়ে ভিন্ন এটা ভাষা কয়,” দ্বিতীয়দিনা আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে পাৰিভাষাৰ মিটিং এখনত তেওঁ কয়। “তেওঁ কোৱা উপভাষাটোৰ বিষয়ে ঘৰৰ আনসকল বাদেই, আম্মিয়ে নিজেও নাজানে। এই উপভাষাত কথা কোৱাসকলেও নাজানে,” তেওঁ যোগ দিয়ে। কামৰ সন্ধানত তেওঁৰ পিতৃ আৰু ভায়েককে ধৰি যিসকলে গাঁৱৰ পৰা আহিছিল, তেওঁলোকে সেই ভাষা কোৱা নাছিল। কমাৰদাৰ ল’ৰা-ছোৱালীহালে আকৌ আইতাকৰ ভাষা শুনি আচৰিত হয়, অলপো বুজি নাপায়।



















